নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা-গড়মাৰী তিনিসুঁতিত গৰাখহনীয়া, শীঘ্ৰে মেৰামতিৰ নিৰ্দেশ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ ক’ৰোনা মহামাৰীৰ মাজতে ৰাজ্যত শাৰদীয় দুৰ্গাপূজাৰ সাময়িক আনন্দৰ মাজতে নগাঁও জিলাৰ ৰহাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শেহতীয়াকৈ তিনি মাহৰ ভিতৰত সপ্তমবাৰৰ বাবে ভয়ংকৰ বানত আক্ৰান্ত হোৱা ৰহা সমষ্টিৰ বৃহৎ এলেকা ক্ষতিগ্ৰস্ত হোৱাৰ পাছত নদ-নদীবোৰ শুকাবলৈ আৰম্ভ কৰিছিলহে মাথোঁ, তেনে সময়তে বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰহা-গড়মাৰীত হৈছে ভয়ংকৰ গৰাখহনীয়া।

উল্লেখ্য যে কলং, হাৰিয়া আৰু তিতাইমাৰী নদীৰ ত্ৰিবেণী সংগমস্থলী হিচাপে চিহ্নিত ৰহা-গড়মাৰীত প্ৰতিটো বাৰিষাতে তীব্ৰ হেঁচা সৃষ্টি হয়। কিন্তু এই তিনিসুঁতিৰ কাষেৰে পাৰ হৈ যোৱা ৰহা- চাপৰমুখ-কামপুৰ সংযোগী উত্তৰ-পূব পৰিষদৰ তথা বৰ্তমান লোকনিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত থকা পথটোৱে নদীৰ এই প্ৰচণ্ড হেঁচা পাই আহিছে।

ফলত প্ৰতিবছৰে পথটোৱে তিনিওখন নদীৰ হেঁচা লাভ কৰি এক প্ৰকাৰ দুৰ্বল হৈ পৰিছিল। ফলত কালিৰ গোটেই নিশা ধাৰাসাৰ বৰষুণত তিনিসুঁতিৰ গাতে লাগি থকা পথৰ কাষটো ভয়ানকভাৱে গৰাখহনীয়াৰ সৃষ্টি হয়।

উল্লেখ্য যে ৰহা-চাপৰমুখ-কামপুৰ  সংযোগী উক্ত পথেদি কাৰ্বিআংলঙ, ডিমাহাচাও জিলাৰ পৰা ৰহাৰ মাজেদি গুৱাহাটীলৈ যাতায়াতৰ অতি চমু পথ যদিও যদিহে পথটো বন্ধ হ’বলগীয়া হয় তেন্তে নগাঁও টাউন হৈ দূৰত্ব অতিক্ৰম কৰিব লাগিব উক্ত জিলা দুখনৰ লোকে।

তদুপৰি আজি বিশেষ কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হোৱা লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক স্থানীয় বিধায়কগৰাকীয়ে উক্ত গৰাখহনীয়াৰ বিষয়টো অৱগত কৰাত মন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে বিভাগৰ আয়ুক্ত সচিব আৰু নগাঁও জিলা লোকনিৰ্মাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকলক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

You might also like