নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা; অভিযুক্তক গণপ্রহাৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ ডুমডুমা আৰক্ষী থানাৰ অন্তর্গত বৰহাপজানত এগৰাকী ৬ বছৰীয়া শিশুক ধর্ষণ কৰি হত্যা কৰা কাণ্ডই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিষয়ে জানিব পৰা মতে, বৰহাপজানৰ কাষৰীয়া এখন ক্ষুদ্র চাহ বাগিচাত কর্মৰত দিলীপ মাৰাণ্ডী নামৰ ব্যক্তিজনে যোৱা ২০ অক্টোবৰৰ দিনা একে অঞ্চলৰ সাবিত্রী চবৰ নামৰ এটি ৬ বছৰীয়া কন্যা শিশুক বজাৰলৈ ফুৰাবলৈ বুলি নিয়াৰ পাছৰে পৰা শিশুটিসহ ব্যক্তিজন অন্তর্ধান হৈ পৰে৷

আনহাতে শিশুটি এনেদৰে হঠাতে নোহোৱা হোৱাত পৰিয়ালৰ লোকে সকলো ফালে খবৰ কৰি কোনো ধৰণৰ শুংসূত্র উলিয়াব নোৱাৰি চিন্তিত হৈ পৰে আৰু দিলীপ মাৰাণ্ডীও অঞ্চলটোত নথকাত পৰিয়ালৰ লোকক বিভিন্ন চিন্তাই আগুৰি ধৰে৷ কিন্তু কালি দিনৰ প্রায় ৩ বজাত পাষণ্ড দিলীপ মাৰাণ্ডীক বাগিচাৰ মাজত লুকাই থকা অৱস্থাত স্থানীয় লোকে প্রত্যক্ষ কৰাৰ লগে লগে কৰায়ত্ত কৰি নিৰুদিষ্ট শিশুটিৰ বিষয়ে জানিবলৈ বিচৰাত দিলীপ মাৰাণ্ডীয়ে অতি সহজভাৱে শিশুটিক হত্যা কৰি এটা শৌচালয়ত পেলাই থোৱা বুলি স্বীকাৰোক্তি দিয়ে৷ পৰৱর্তী সময়ত আৰক্ষী টনাস্থলীত উপস্থিত হৈ এটা শৌচালয়ৰ পৰা সম্পূর্ণ উলংগ অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে৷

আনহাতে স্থানীয় লোকে শিশুটিৰ মৃতদেহটোলৈ লক্ষ্য কৰি পাষণ্ড দিলীপ মাৰাণ্ডীয়ে শিশুটিক ধর্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰে আৰু পাষণ্ডটোক উত্তম–মধ্যম শোধাই আৰক্ষীক চমজায় দিয়ে৷

You might also like