নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: মনত উৎসাহ পাব৷ যোগাযোগত মন কৰিলে অনুকূল দেখা যায়৷ দৃঢ়তাৰে ব্যক্তিগত কামত আগুৱাব পাৰিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
বৃষ:  মনটো গধুৰ গধুৰ লাগিব৷ চৰকাৰী কর্মচাৰীসকলৰ দুই এটা কষ্টদায়ক কাৰণ হ’ব পাৰে৷ খৰচ–পাতি সাৱধানতা অৱলম্বন হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫
মিথুন: পূর্বৰ তুলনাত আজি উন্নত৷ ঘৰুৱাতো বিশেষ বেয়া নহ’ব৷ যোগাযোগত উৎসাহ পাব৷ দূৰযাত্রাতো সুফল দেখিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
কর্কট: শাৰীৰিক দিশত নজৰ দিব লাগিব৷ বন্ধু–বান্ধৱৰ লগত মন খুলি আলাপ কৰাটো কঠিন হ’ব৷ আর্থিকত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
সিংহ:  কর্মস্থানত কোনোৰ উদাসীন৷ জিৰণিৰ সুযোগ পালে আজি লোৱাৰ দৰকাৰ৷ নিজৰ ভৱিষ্যতক লৈ সাময়িক উৎকণ্ঠা৷ শৰীৰ মধ্যম৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷
কন্যা: আজি দিনটোত ঘৰুৱা কথাত মন ভালেই থাকিব৷ ব্যস্ততাৰ মূল্য কিছু পৰিমাণে লাভ কৰিব৷ বিদ্যাত মজলীয়া ফল৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
তুলা: কামত উৎসাহ পাব৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব৷ কিন্তু দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তা নাই৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৬৷
বৃশ্চিক: অলপ সতর্ক হৈ চলক৷ নতুন কাম–কাজৰ আৰম্ভণি আদিত আহুকাল থাকিব৷ বন্ধু–বান্ধৱৰ পৰাও ভাল সহানুভূতি নাপাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷
ধনু: বিদ্যার্থীৰ বাবেও বেয়া নহ’ব৷ তথাপি আপোন কোনো লোকৰ সৈতে মানসিক দ্বন্দ্বৰ সৃষ্টি হ’লেও ক্ষতিকাৰক নহ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
মকৰ : কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্রশংসা পাব৷ কিছু ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক৷ শুভ ৰং কমলা, শুভ সংখ্যা ৯৷
কুম্ভ: শৰীৰৰ প্রতি একেবাৰে অৱজ্ঞা নকৰিব৷ অনাৱশ্যক উৎকণ্ঠাৰ কাৰক৷ দাম্পত্যত নিজৰ আৱেগ–নুভূতিক ৰুক্ষ কৰি নুতুলিব৷ সন্তানৰ ভালেই৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷
মীন: পৰিৱর্তনীয় মনোভাব ভ্রমণৰ উদ্যোগী হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

You might also like