নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদতেই হওক ভাল দিনতেই হওক সমষ্টিবাসীৰ কাষত সদায় আছোঁ – মন্ত্ৰী পীযুষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ৩০ জুন : জাগীৰোডৰ বানাক্ৰান্তৰ কাষত ৰাজ্যৰ জলসম্পদ তথা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা। শেহতীয়াকৈ বানে প্লাৱিত কৰা জাগীৰোড সমষ্টিৰ নেলী, বৰখাল,পলাহগুৰি, ধৰমতুল অঞ্চলৰ বানাক্ৰান্তৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকী বানাক্ৰান্তৰ কাষত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে বানবিধ্বস্ত অঞ্চলসমূহৰ বানপীড়িতৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ লগতে মত-বিনিময় কৰে । তদুপৰি বিগত কিছুদিন ধৰি শিবিৰত থকা বন্যাৰ্তসকলক মাজত মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ চাউল,দাইল, আলু, চেনী,চিৰা,খোৱাপানী, ফেনাইল আদি সামগ্ৰীও বিতৰণ কৰাৰ ব্যৱস্থাৰ বিষয়টোয়ো তদাৰক কৰে। নেলী অঞ্চলৰ সহস্ৰাধিক লোকে বানৰ পৰা ৰক্ষা পাৱলৈ ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লৈ আছে। চৰকাৰী সাহায্যৰ উপৰিও মন্ত্ৰী পীয়ূষ হাজৰিকাই ব্যক্তিগতভাৱে এই লোক সকলক সাহায্য প্ৰদান কৰি আহিছে। আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে সমষ্টিবাসী ৰাইজৰ লগত সদায়ে থকাৰ কথা উল্লেখ কৰি এইকেইদিন বিভিন্ন কামত ব্যস্ত থকাৰ বাবে সমষ্টিলৈ আহিব পৰা নাছিল যদিও সমষ্টিবাসীৰ প্ৰতিমুহূৰ্ততে খবৰ লৈ থকাৰ কথা ব্যক্ত কৰে । উল্লেখ্য যে জাগীৰোড সমষ্টিত বানে প্লাৱিত কৰা অঞ্চলসমূহত মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত ধনেৰে প্ৰথম দিনাৰ পৰাই মন্ত্ৰীৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকাৰ তদাৰকত বিভিন্ন বানসাহায্য প্ৰদান কৰি আহিছে ।

প্ৰেৰক – হৰি প্ৰসাদ মল্লিক

You might also like