নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা টীম ইণ্ডিয়া–ইংলেণ্ডৰ পঞ্চম টেষ্ট

নিয়মীয়া বাৰ্তা, ১জুলাইঃ ইংলেণ্ডৰ বাবে সৌভাগ্যশালী খেলপথাৰ এজবাষ্টনত আজি বেন ষ্ট’কছ বাহিনীৰ কঠিন প্রত্যাহ্বানৰ মুখামুখি হ’ব ভাৰত৷ অসমাপ্ত শৃংখলাত ২–১ ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় দল৷ যোৱা বছৰ ক’ৰোনাৰ বাবে মাজপথতে বন্ধ ৰাখিবলগীয়া হৈছিল টেষ্ট শৃংখলা৷ খেলিবলৈ ৰৈ যায় অন্তিমখন টেষ্ট৷ সেই পঞ্চম টেষ্টখনেই আজিৰ পৰা আৰম্ভ হ’ব৷ কিন্তু তেতিয়াৰ পৰিস্থিতি আৰু বর্তমানৰ পৰিস্থিতি সম্পূর্ণ সুকীয়া৷ চলিত বর্ষৰ আৰম্ভণিতে দক্ষিণ আফ্রিকাৰ মাটিত ভাৰতীয় দলটোৱে শোচনীয় প্রদর্শন দাঙি ধৰিছিল৷ ব্যর্থ হৈছিল ভাৰতৰ মহাৰথীসকল৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হ’ল– ক্রিকেটৰ সকলো সংস্কৰণৰ পৰা নেতৃত্ব এৰে বিৰাট কোহলিয়ে৷ তেওঁৰ স্থানত অধিষ্ঠিত হয় ৰোহিত শর্মা৷ কিন্তু বার্মিংহাম টেষ্টত তেওঁ খেলিব নোৱাৰাটো নিশ্চিত হৈছে৷ তেওঁৰ স্থানত ভাৰতক নেতৃত্ব দিব যশপ্রীত বুমৰাহে৷

উল্লেখ্য যে কপিল দেৱৰ পিছত প্রথমগৰাকী পেচ বলাৰৰূপে টেষ্টত ভাৰতীয় দলক নেতৃত্ব দিব বুমৰাহে৷ কেৱল ভাৰতীয় দলেই নহয়, ইংলেণ্ড দলৰো যথেষ্ট পৰিৱর্তন ঘটিছে৷ পূর্বৰ তুলনাত এতিয়া অধিক আগ্রাসী ক্রিকেট খেলে ষ্ট’কছ বাহিনীয়ে৷ অষ্ট্রেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ হাতত পৰাজিত হোৱাৰ পিছত ইংলেণ্ডৰ প্রশিক্ষক আৰু অধিনায়ক সলনি হৈছে৷ ইয়াৰ পিছৰ পৰাই সঠিক দিশেৰে আগবাঢ়িছে ইংলিছ ক্রিকেট৷ শৃংখলাত পিছপৰি থাকিলেও আজি আক্ষৰিক অর্থত ফেভাৰিট হিচাপেই নামিব ষ্ট’কছ বাহিনী৷ কেৱল ফর্মৰ বিচাৰতে নহয়, পৰিসংখ্যাৰ ফালৰ পৰাও আগুৱাই আছে ইংলেণ্ড৷ এই পর্যন্ত এজবাষ্টনত এখনো টেষ্টত জয়ী হ’ব পৰা নাই ভাৰত৷ অৱশ্যে ভাৰতে উন্নত প্রদর্শনেৰে ইতিহাস নতুনকৈ লিখাৰ সুবিধাও আছে৷ কিয়নো কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া বার্মিংহাম টেষ্ট ড্র কৰিলে অথবা বিজয়ী হ’ব পাৰিলে ২০০৭ৰ পিছত ইংলেণ্ডৰ মাটিত প্রথমবাৰ টেষ্ট শৃংখলা জয়ৰ নজিৰ গঢ়িব ভাৰতে৷ অন্তিমবাৰ মাইকেল ভনৰ দলৰ বিৰুদ্ধে ১–০ত টেষ্ট শৃংখলা জয় কৰিছিল টীম ইণ্ডিয়াই৷ ইয়াৰ বিপৰীতে অভিলেখৰ দুৱাৰডলিত আছে ষ্টুৱার্ট ব্র’ড৷ আৰু মাত্র এটা উইকেট লাভ কৰিলেই টেষ্টত ৫৫০ উইকেটৰ গৰাকী হ’ব ইংলেণ্ডৰ দ্রুতবেগী বলাৰগৰাকী৷

খেলৰ সময়ঃ বিয়লি ৩ বজা৷

You might also like