নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপঃ আত্মবিশ্বাসী ভাৰতৰ সন্মুখত আজি হংকং

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট:  এছিয়া কাপৰ প্রথমখন মেচতে চিৰবৈৰী পাকিস্তানক পৰাভূত কৰি আত্মবিশ্বাসী হৈ পৰা টীম ইণ্ডিয়াই আজি দ্বিতীয়খন মেচত তুলনামূলকভাৱে দুর্বল হংকঙৰ বিৰুদ্ধে অৱতীর্ণ হ’ব৷ ডুবাইত খেলিব লগা গ্রুপ পর্যায়ৰ দ্বিতীয় তথা অন্তিমখন মেচত অ’পেনাৰ কে এল ৰাহুলে দলটোৰ বিপক্ষে ছন্দ ওভতাই পোৱাৰ সুযোগ পাব৷ পাকিস্তানৰ বিপক্ষে কঠিন যুঁজৰ অন্তত বিজয়ী হোৱাৰ পিছত ভাৰতে হংকঙৰ বিপক্ষে বেটাৰসকলৰ প্রদর্শনৰ ওপৰত গুৰুত্ব দিছে৷ তদুপৰি পুনৰ শ্ল’ অ’ভাৰ ৰেটৰ বাবে যাতে শাস্তিৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে সময়ৰ সদ্ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিব ৰোহিত শর্মাই৷

উল্লেখ্য যে চলিত বর্ষত পাকিস্তানৰ বিৰুদ্ধে ৰাহুলে প্রথমখন টি–২০ মেচত অৱতীর্ণ হৈছিল৷ কিন্তু মেচখনত তেওঁ সম্পূর্ণ ৰূপে ব্যর্থ হয়৷ আজি হংকঙৰ বিৰুদ্ধে ৰাহুলে আই পি এলৰ ষ্টাইলেৰে বেটিং কৰিবলৈ নিশ্চয় চেষ্টা কৰিব৷ পাকিস্তানৰ তুলনাত হংকঙৰ বলিং বিভাগ যথেষ্ট দুর্বল যদিও অজ্ঞাত বলাৰৰ বিৰুদ্ধে বেটিং কৰা সদায় কঠিন হৈ পৰে৷ সেইবাবে ছুপাৰ ৪ আৰম্ভ হোৱাৰ পূর্বে ৰাহুলে এইখন মেচৰ জৰিয়তে আত্মবিশ্বাস বৃদ্ধি কৰিব লাগিব৷ অধিনায়ক ৰোহিতে স্পষ্ট কৰি দিছে যে দলত পৰীক্ষা–নিৰীক্ষা অব্যাহত থাকিব৷ সেইবাবে আজি বেটিং লাইনৰ বৃহৎ সলনি ঘটিলেও আচৰিত হ’বলগীয়া নাই৷ হংকঙৰ বিৰুদ্ধে বিৰাট কোহলিয়েও আক্রমণাত্মক বেটিং উপহাৰ দিয়াৰ সুযোগ পাব৷ তদুপৰি ৪ নম্বৰ স্থানত হংকঙৰ বিৰুদ্ধে ৰবীন্দ্র জাদেজা থাকিবনে নাথাকে, সেয়া লক্ষণীয় হ’ব৷

আনহাতে, ঋষভ পণ্টে দীনেশ কার্তিকৰ স্থান দখলৰ বাবে চেষ্টা চলাব৷ বিগত মেচখনত পাকিস্তানে শ্বাহিন আফ্রিদী অবিহনেও ভাৰতৰ বেটিং লাইনক বান্ধি ৰাখিবলৈ সক্ষম হৈছিল৷ অৱশ্যে হংকঙৰ নিচিনা দলৰ বিপক্ষে খেলিবলগীয়া মেচত কোনো খেলুৱৈয়ে ৰিজার্ভ বেঞ্চত কটাব নিবিচাৰিব৷ ৰবিচন্দ্রন, অশ্বিন আৰু ৰবি বিষ্ণয়েও যুজবেন্দ্র চাহাল আৰু জাদেজাৰ স্থান ল’বলৈ চেষ্টা কৰিব৷

উল্লেখ্য যে পাকিস্তানৰ বিপক্ষে জয়লাভ কৰাৰ পিছত ভাৰতৰ ছুপাৰ ৪ত প্রৱেশ নিশ্চিত হৈছে৷ গ্রুপৰ তৃতীয়টো দল তুলনামূলকভাৱে দুর্বল হোৱাত এইটো গ্রুপৰ পৰা ভাৰত আৰু পাকিস্তানে ছুপাৰ ৪ত উপনীত হোৱাটো পূর্বেই নিশ্চিত হৈছে৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like