নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিকৰ ফলাফলৰ বিসংগতিক লৈ প্রান্তে প্রান্তে প্রতিবাদ অব্যাহতঃ ছালাকাটিত প্রতিবাদী শিক্ষার্থীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা

নিয়মীয়া বাৰ্তা, ১ আগষ্ট:  অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)–এ শুকুৰবাৰে ঘোষণা কৰা মেট্রিক পৰীক্ষাৰ ফলাফলৰ বিসংগতিক লৈ আজিও অব্যাহত আছে প্রতিবাদ৷ কোকৰাঝাৰ জিলাৰ ছালাকাটি হাইস্কুলত মেট্রিক পৰীক্ষাৰ ফলাফলত সংঘটিত বিসংগতিক লৈ শনিবাৰে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি৷

পৰিস্থিতি এনে পর্যায় পায়গৈ যে প্রতিবাদী শিক্ষার্থীৰ ওপৰত লাঠীচালনা কৰিবলগীয়া হয় আৰক্ষীয়ে৷ ঘটনাৰ বিৱৰণী অনুসৰি ছালাকাটি হাইস্কুলৰ মুঠ ২৮৪গৰাকী ছাত্র–ছাত্রীৰ ভিতৰত মাত্র ৪৭গৰাকী পৰীক্ষার্থীহে মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়৷ ইয়াৰ পাছতে শনিবাৰে একাংশ শিক্ষার্থী আৰু অভিভাৱক বিদ্যালয়খনত উপস্থিত হৈ কি কাৰণত অনুত্তীর্ণৰ সংখ্যা বৃদ্ধি পালে, সেই সন্দর্ভত কর্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰে৷ কিন্তু এইক্ষেত্রত শিক্ষার্থী আৰু অভিভাৱকসকলক সদুত্তৰ প্রদান কৰাত ব্যর্থ হয় স্কুল কর্তৃপক্ষ৷

লগে লগে শিক্ষার্থী আৰু অভিভাৱকসকলে বিদ্যালয়খনত প্রতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে৷ একাংশ ক্ষুব্ধ শিক্ষার্থীয়ে বিদ্যালয়ৰ সন্মুখৰ পথত টায়াৰ জ্বলাই অৱৰোধ কৰি বিক্ষোভ প্রদর্শন কৰে৷ ইয়াৰ পাছতে আৰক্ষীয়ে প্রতিবাদী শিক্ষার্থীৰ ওপৰত লাঠীচালনা কৰে৷

আৰক্ষীৰ লাঠীচালনাত কেইবাগৰাকীও শিক্ষার্থী আহত হোৱা বুলি জানিব পৰা গৈছে৷ এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে এবিএমছুৰ কেন্দ্রীয় সহকাৰী সম্পাদক মইনুদ্দিন আলীয়ে৷ উল্লেখ্য যে কালি কোকৰাঝাৰ হিম্মৎসিংকা হাইস্কুলত ফলাফলৰ বিসংগতিৰ বাবে উত্তাল পৰিস্থিতি সৃষ্টি হৈছিল৷

You might also like