নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ মুখ্যমন্ত্রীৰ প্রতিক্রিয়া-ব্যক্তিগত খণ্ডৰ সৈতে চৰকাৰী শিক্ষানুষ্ঠানৰ তুলনা নহয়

নিয়মীয়া বাৰ্তা, ২৮ জুন: সোমবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজলিল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে দেখুওৱা ফলাফলক লৈ চর্চা চলাৰ সময়তে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– ব্যক্তিগত খণ্ডৰ সৈতে চৰকাৰী শিক্ষানুষ্ঠানৰ তুলনা নহয়৷ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ফলাফল ভাল হ’বই৷ কাৰণ তেওঁলোকৰ ছাত্র–ছাত্রীৰ সংখ্যা যথেষ্ট কম৷ ইয়াৰ বিপৰীতে চৰকাৰী খণ্ডত বহু পৰীক্ষার্থী থাকে৷ তদুপৰি চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্র–ছাত্রীসকলৰ অভিভাৱক আর্থিকভাৱে কিছু দুর্বল হোৱা হেতু তেওঁলোকক টিউচন দিব নোৱাৰে অথবা নিজেও তদাৰক কৰিব নোৱাৰে৷ গতিকে কিছু ক্ষেত্রত চৰকাৰী খণ্ডৰ ছাত্র–ছাত্রীয়ে পিছপৰি থাকে৷

সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয়– একমাত্র অসমতেই নহয়, দেশৰ প্রতিখন ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ ফলাফল বিশ্লেষণ কৰিলে স্পষ্ট হয় যে য’ত ছাত্র–ছাত্রীৰ সংখ্যা কম, তাত ৰিজাল্ট কিছু ভাল হয়৷ সেয়া হ’লেও চৰকাৰী বিদ্যালয়ৰ বহু ছাত্র–ছাত্রীয়ে নিজৰ অধ্যৱসায়ৰ ফলত ফলাফল উন্নত কৰিবলৈ সক্ষম হৈছে৷ বহু ক্ষেত্রত এই ছাত্র–ছাত্রীসকলক পিতৃ–মাতৃয়ে সময় দিব নোৱাৰে অথবা পঢ়াৰ বাবে বিশেষ সহায় কৰিব নোৱাৰে৷ তাৰ মাজতে তেওঁলোকে পৰীক্ষাৰ ফলাফল উন্নত কৰিবলৈ সক্ষম হৈছে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নিজস্ব ধাৰা এটা আছে৷ এই ধাৰাৰ মাজতেই তেওঁলোকে ছাত্র–ছাত্রীসকলক চোৱাচিতা কৰে৷ গতিকে দেশৰ কোনো ৰাজ্যতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ তুলনা নহয়৷ চৰকাৰী বিদ্যালয় সকলো ধৰণৰ ছাত্র–ছাত্রীক চোৱাচিতা কৰিব লাগে৷ কোনোবা ছাত্র–ছাত্রীৰ ফলাফল ভাল হ’লে তেওঁক যেনেদৰে চোৱা হব’, বেয়া হোৱাজনকো একেধৰণে চাব লাগিব৷

ইফালে, কালি ঘোষণা কৰা পৰীক্ষাৰ ফলাফলৰ বাবে সকলো শিক্ষার্থীকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রীয়ে৷ এই সন্দর্ভত ড০ শর্মাই কয়– আজি সফল হোৱা পৰীক্ষার্থীসকলে ভৱিষ্যতলৈ নিজকে গঢ় দিয়াত যত্নপৰ হ’ব৷ তেওঁলোকে আগুৱাই গৈ পিতৃ–মাতৃ আৰু নিজৰ পৰিয়াল, ৰাজ্যখনলৈ সদায় মংগল কঢ়িয়াই আনিব৷

You might also like