নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বান পৰিস্থিতিক লৈ হাইক’ৰ্টত গোচৰ

নিয়মীয়া বাৰ্তা, ২৮ জুন: বছৰটোৰ দ্বিতীয়টো বানত ৰাজ্যৰ ব্যাপক ক্ষতি হোৱাৰ সময়তে এই জ্বলন্ত সমস্যাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা হৈছে গোচৰ৷ সন্দীপ চমৰীয়া নামৰ এগৰাকী অধিবক্তাই বানক ৰাষ্ট্রীয় সমস্যা ঘোষণা তথা স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্রহণৰ নির্দেশনা দিয়াৰ প্রার্থনাৰে ৪৬/২০২২ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছে৷ এই গোচৰটোৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে কেন্দ্র আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰাৰ লগতে অহা ২৫ জুলাইত পৰৱর্তী শুনানিৰ দিন ধার্য কৰিছে৷

উল্লেখ্য যে ৰাজহুৱা স্বার্থজড়িত আবেদনখনত বহুকেইটা গুৰুত্বপূর্ণ বিষয় উত্থাপন কৰা হৈছে৷ জল ব্যৱস্থাপনা আঁচনি দ্রুতগতিৰে ৰূপায়ণ কৰি বানপানীৰ স্থায়ী সমাধান কৰিবলৈ তেওঁ আহ্বান জনাইছে৷ তদুপৰি বানবিধ্বস্ত অঞ্চলসমূহৰ লোকসকলৰ পুনৰ সংস্থাপন, বানপানীত ছিঙি যোৱা মথাউৰি শীঘ্রে মেৰামতি কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক নির্দেশ দিবলৈও আবেদনখনৰ জৰিয়তে তেওঁ প্রার্থনা জনাইছে৷

উল্লেখ্য যে বছৰটোৰ দ্বিতীয়টো বানত নামনি আৰু মধ্য অসমৰ কেইবাসহস্র গাঁও ক্ষতিগ্রস্ত হৈছে৷ বলিয়া বানে ঘৰ–দুৱাৰ উটুৱাই নিয়াৰ পাছত প্রাণৰ মমতাত ওখ স্থানত বন্যার্তই আশ্রয় গ্রহণ কৰিবলগীয়া হৈছে৷ এতিয়াও বহু বন্যার্তই শিবিৰ এৰি আপোন ঘৰখনলৈ উভতিব পৰা নাই৷ সমান্তৰালভাৱে শিলচৰকে ধৰি কেইবাটাও স্থানত বান পৰিস্থিতিয়ে এতিয়াও জটিল ৰূপ ধাৰণ কৰি আছে৷

You might also like