নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ দিঘাত ৫৫ কেজিৰ তেলিয়া ভোলা মাছ বিক্রী ১৩ লাখ টকাত

নিয়মীয়া বাৰ্তা, ২৮ জুন: আকৌ দিঘাত মৎস্যজীৱীৰ জালত ধৰা পৰিল বিশালকায় তেলিয়া ভোলা মাছ৷ এইবাৰ এই মাছটো বিক্রী হৈছে ১৩ লাখ টকাত৷ কালি দিঘাৰ মহনাত মৎস্য নিলাম কেন্দ্রত এই মাছটো ক্রয় কৰিবলৈ হাজাৰ হাজাৰ গ্রাহকে হেতা–ওপৰা লগায়৷ ইয়াৰ কেইদিনমান পূর্বে ১২১টা তেলিয়া ভোলা বিক্রী কৰি নিশাৰ ভিতৰতে কোটিপতি হৈছিল কেইজনমান মৎস্য ব্যৱসায়ী৷ অৱশ্যে সেই মাছবোৰৰ প্রতিটো বিক্রী হৈছিল ১৫–২০ হাজাৰ টকাত৷ এইবাৰ ১৩ লাখ টকীয়া তেলিয়া ভোলা বিক্রী কৰি ‘দিঘা ফিছাৰমেন এণ্ড ফিছ ট্রেডার্ছ এছ’চিয়েচন’ৰ অন্যতম বিষয়ববীয়া নৱ কুমাৰ পয়ড়াই উল্লেখ কৰিছে যে মাছটোৰ ওজন আছিল ৫৫ কিলোগ্রাম৷ এছএছটি নামৰ সংস্থা এটাই কেইবাঘণ্টা ধৰি চলা নিলাম প্রক্রিয়াৰ অন্তত মাছটো ক্রয় কৰিবলৈ সক্ষম হয়৷ ইমান বিশাল আকাৰৰ তেলিয়া ভোলা মাছ বছৰত ২–৩টাহে জালত ধৰা পৰে৷ দেওবাৰে দিঘাৰ মহনা বজাৰত এই তেলিয়া ভোলা মাছটো বিক্রীৰ বাবে আনে দক্ষিণ ২৪ পৰগনাৰ নৈনানৰ মৎস্যজীৱী শিৱাজী কবিৰে৷

উল্লেখনীয় যে ৫৫ কিলোগ্রামৰ মাছটো বিক্রীৰ সময়ত কণীৰ বাবে ৫ কিলোগ্রাম ওজন বাদ দিয়া হয়৷ ইয়াৰ পিছতে ৩ ঘণ্টা সময় ধৰি নিলাম দৰ চলে৷ শেষপর্যন্ত প্রতি কিলোগ্রাম ২৬ হাজাৰ টকা দাম ধৰি মুঠ ১৩ লাখ টকাত মাছটো বিক্রী কৰা হয়৷ স্মর্তব্য যে ইয়াৰ কেইদিনমান পূর্বে ৩০ কিলোগ্রামৰ তেলিয়া ভোলা এটা বিক্রী হৈছিল ৯ লাখ টকাত৷

You might also like