নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৈন্য বাহিনী অবিহনেও শান্তিত আছে বিশ্বৰ ১০ ভূখণ্ড

ডিজিটেল ডেস্ক, ২৮ এপ্রিল : যিকোনো দেশৰ প্রতিৰক্ষাৰ মেৰুদণ্ড সৈন্য বাহিনী৷ সমগ্র পৃথিৱীৰ অধিকাংশ দেশেই সেনাৰ শিতানত বিপুল অর্থ বিনিয়োগ কৰে৷ কিন্তু পৃথিৱীৰ ১০খন দেশত নাই সেনা বাহিনী৷ এই দেশসমূহে চুক্তি আৰু কৌশলগত কূটনীতিৰ মাধ্যমেৰে ৰাষ্ট্রীয় নিৰাপত্তা বজাই ৰাখে৷ তাৰ লগতে তেওঁলোকে তেওঁলোকৰ সম্পদ, সামাজিক উন্নয়ন, স্বাস্থ্যসেৱা আৰু আন্তঃগাঁথনি শিতানত বিনিয়োগ কৰে৷

এনে ক্ষেত্রত প্রথমতে আহে ক’ষ্টাৰিকাৰ নাম৷ ১৯৪৮ চনৰ গৃহ যুদ্ধৰ পিছত ক’ষ্টাৰিকা প্রশাসনে সেনা বাহিনী বিলুপ্ত কৰে৷ সামৰিক শিতানত আবণ্টিত ধন শিক্ষা আৰু স্বাস্থ্যসেৱা শিতানত ব্যয় কৰা হয়৷ নিৰাপত্তা বিঘ্নিত হ’লে সামৰিক প্রতিৰক্ষাৰ বাবে আমেৰিকা আৰু অন্যান্য মিত্রশক্তিৰ ওপৰত নির্ভৰ কৰে৷ এইবাৰ আহিল আইচলেণ্ডৰ কথা৷ নাটোৰ ওপৰতেই নির্ভৰশীল হৈ সেনা বাহিনী ভংগ কৰি দিছে দেশখনে৷ ১৯৪৪ চনত স্বাধীনতা লাভৰ পিছৰে পৰা অৱশ্যে নাগৰিক আইচলেণ্ডিক উপকূল বাহিনী আছে৷ যিয়ে নিৰাপত্তাৰ দিশটো চোৱাচিতা কৰে৷ সামাজিক কল্যাণ আৰু সেৱাক অগ্রাধিকাৰ দিয়ে তেওঁলোক হৈ উঠিছে বিশ্বৰ অন্যতম শান্তিপূর্ণ দেশ৷

বিশ্বৰ আন এখন শান্তিপূর্ণ দেশ মনাকো৷ ১৯১৮ চনৰ ফ্রাংকো–মনেকাস্কো চুক্তিৰ পিছৰে পৰা দেশখনৰ প্রতিৰক্ষাৰ দায়িত্ব ফ্রান্সৰ ওপৰত৷ সেই কাৰণে তেওঁলোকৰ নাই কোনো সেনা বাহিনী৷ তেনেদৰে ছুইজাৰলেণ্ড আৰু অষ্ট্রিয়াৰ মাজৰ এটি সৰু ভূখণ্ড লিচটেনষ্টাইন৷ ১৮৬৮ চনৰ পৰা দেশখনৰ নাই সেনা বাহিনী৷ ১৯৯০ চনত স্থায়ীভাৱে সেনা বাহিনী বিলুপ্ত কৰি ‘পানামা পাব্লিক ফ’র্চেছ’ গঠন কৰে পানামাই৷ ইয়াৰ বাহিৰে কোনো আনুষ্ঠানিক সেনা নাই দেশখনৰ৷ তেনেদৰে ভেটিকান চিটীৰো নাই কোনো সেনা বাহিনী৷ তেওঁলোকৰ আছে ‘ছুইছগার্ড’ নামৰ এটা বাহিনী৷

প্রশান্ত মহাসাগৰৰ ক্ষুদ্র দ্বীপ ৰাষ্ট্র কিৰিবাটিৰো নাই কোনো স্থায়ী সেনা বাহিনী৷ ১৯৬৮ চনৰ পৰা নিজস্ব সেনা বাহিনী নাই মৰিছাছত৷ ব্রিটেইনৰ পৰা স্বাধীনতা লাভৰ পিছতেই সেনা বাহিনী প্রত্যাহাৰ কৰা হয় দেশখনত৷ ছ’চিয়েল ম’বাইল ফ’ৰ্চ নামৰ এটা অর্ধসামৰিক বাহিনীয়ে আভ্যন্তৰীণ নিৰাপত্তাৰ দিশটো চম্ভালে৷ বহিঃনিৰাপত্তা চোৱাচিতা কৰে ৰাষ্ট্রীয় আৰক্ষী বাহিনীয়ে৷ ১৯৯৪ চনত স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা পালাউ নামৰ দেশখনতো কোনো সেনা বাহিনীৰ ব্যৱস্থা ৰখা হোৱা নাই৷

You might also like