নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ অন্তিম দিনা বিশাল সাংস্কৃতিক শোভাযাত্ৰা

শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ নাহৰবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত শোণিতপুৰ জিলা শাখাৰ আতিথ্যত ৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনা অধিৱেশনস্থলীত নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰে সংঘৰ মূল পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । অনুষ্ঠানত সংঘৰ কেন্দ্ৰীয় বিষয়ববীয়া, আঞ্চলিকৰ বিষয়ববীয়া, আমন্ত্ৰিত গণ্যমান্য ব্যক্তি, কেন্দ্ৰীয় সেৱা বাহিনীৰ বিষয়ববীয়া, লাখ লাখ ভকত-বৈষ্ণৱ, আই-মাতৃ , শুভাকাংক্ষী, গুণমুগ্ধ উপস্থিত থাকে ।

জয় গুৰু শংকৰ ধ্বনি, হৰিনামৰ ধ্বনি, লোকবাদ্যৰ ধ্বনিৰে মুখৰিত হৈ পৰে অধিৱেশনস্থলী। ধৰ্মধ্বজা উত্তোলনৰ পিছতে অধিৱেশনস্থলীৰ পৰা হাজাৰ হাজাৰ বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ অংশগ্ৰহণেৰে উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা । শোভাযাত্ৰাত সংঘৰ বিভিন্ন জিলা, শাখা, আঞ্চলিকৰ বিষয়ববীয়া, বাপ-বান্ধৱ, আই-মাতৃসকলৰ লগতে অসমীয়া, বড়ো, নিছি, চাহ জনগোষ্ঠী, মিচিং ইত্যাদি বিভিন্ন জনগোষ্ঠীৰ লোককৃষ্টিৰ দলসমূহে নিজ নিজ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি নিজ নিজ লোককলা পৰিৱেশন কৰি শোভাযাত্ৰাক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে । শোভাযাত্ৰাত ভালেসংখ্যক অংশগ্ৰহণকাৰীয়ে অসমীয়া ভাওনাকে আদি কৰি লোককৃষ্টি প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে ।

নিয়মীয়া বাৰ্তা, বালিপৰা, ৮ ফেব্ৰুৱাৰী :

You might also like