ডিজিটেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত। আজি পুৱা প্ৰায় ১০.৩০ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলখনত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ন গগৈক লৈ বহু বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে সামাজিক মাধ্যমত প্ৰকাশ হোৱা এখন ফটোৰ পৰা পোহৰলৈ আহিছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক । পাকিস্তান হাই কমিছনলৈ ২০১৫ চনত গৌৰৱ গগৈয়ে লৈ গৈছিল একাংশ যুৱক-যুৱতীক । শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ কাৰ্যালয়লৈ যুৱক-যুৱতীসকলক কিয় নিয়া হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । মুখ্যমন্ত্ৰীয়ে কয়- “মই অসমত বিনিয়োগৰ প্ৰস্তাৱ লৈ ছিংগাপুৰত আছিলোঁ । সেই সময়তে অসমৰ সাংসদ গৌৰৱ গগৈয়ে একাংশ যুৱক-যুৱতীক পাকিস্তান দূতাৱাসলৈ লৈ যোৱাৰ এখন ফটো ভাইৰেল হৈছিল। সেই সময়ত ভাৰতত পাকিস্তানৰ উচ্চায়ুক্ত আছিল আব্দুল বাছিদ । প্ৰথমে ফটোখন ফটোশ্বপ কৰা হৈছে বুলি ভাবিছিলোঁ । কিন্তু পৰৱৰ্তী সময়ত এই ছবিখন সঁচা বুলি প্ৰমাণিত হয়।”
হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে এলিজাবেথ কলবাৰ্ন গগৈয়ে ২০১১ চনৰ ১৮ মাৰ্চৰ পৰা ২০১২ চনৰ ১৭ মাৰ্চলৈ পাকিস্তানত কাম কৰিছিল আৰু তেওঁৰ পৰিয়ালৰ আলী তৌকীৰ শ্বেখৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল । তেওঁ কয় যে পাকিস্তানৰ নাগৰিক তথা প্ৰভাৱশালী আলী তৌকীৰ শ্বেখৰ LEAD পাকিস্তানত চাকৰি কৰিছিল এলিজাবেথে । ইয়াৰ পিছত ২০১২ চনত ভাৰতলৈ আহিছিল এলিজাবেথ ।
তেওঁ লগতে দাবী কৰে যে ভাৰতত থকা সময়ত পাকিস্তানৰ পৰাই দৰমহা লৈ আছিল এলিজাবেথ কলবাৰ্নে । প্ৰায় ২ লাখ ৫০ হাজাৰ টকা দৰমহা লৈছিল এলিজাবেথে । ২০১৩ চনত গৌৰৱ গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হয় এলিজাবেথ । গৌৰৱ গগৈৰ পত্নী হোৱাৰ পিছতো কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছিল এলিজাবেথে । মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত দাবী কৰে যে ভাৰতত কাম কৰি থাকোঁতে ৬বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথ । চাকৰি সলনি কৰাৰ পিছতো ৩ বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথ। মুঠ ৯বাৰ এলিজাবেথে পাক ভ্ৰমণ কৰিছে ।
ইফালে, ভাৰতৰ বহু গোপন তথ্য পাকিস্তানক এলিজাবেথে যোগান ধৰিছিল বুলি বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে ভাৰতৰ বহু গোপন তথ্য পাকিস্তানক যোগান ধৰিছিল এলিজাবেথ কলবাৰ্ন গগৈয়ে । IBৰ তথ্যৰ ওপৰত ভিত্তি কৰি ৪৫ পৃষ্ঠাৰ প্ৰতিবেদন এলিজাবেথে দিছিল আলী তৌকীৰ শ্বেখক । লগতে মোদী চৰকাৰ অহাৰ পিছত ভিজিবিলিটী কমাবলৈও পাকিস্তানক পৰামৰ্শ দিছিল এলিজাবেথ কলবাৰ্ন গগৈয়ে ।
আনহাতে, এলিজাবেথ ভাৰতত থকা সময়ত গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে । আটাৰী সীমান্তৰে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল বুলি দাবী কৰে তেওঁ । মুখ্যমন্ত্ৰীৰ দাবী অনুসৰি ১০ দিনৰ বাবে পাকিস্তানত আছিল গৌৰৱ গগৈ । এই ১০ দিন পাকিস্তানৰ ইছলামাবাদ আৰু কৰাচীলৈ গৈছিল তেওঁ । কিন্তু অনুমতি লোৱা হৈছিল লাহোৰ ভ্ৰমণৰ বাবে । এই ১০টা দিন গৌৰৱ গগৈ পাকিস্তানৰ ক’ত আছিল বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ।
তেওঁ কয় যে SITৰ আগত এই কথা ক’বলৈ অস্বীকাৰ কৰিছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে। পাকিস্তানত ১০ দিন গৌৰৱ গগৈয়ে কি কৰিছিল এই কথা ৰাজহুৱা কৰিবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই । মুখ্যমন্ত্ৰীৰ অভিযোগ- এই ১০ দিনত গৌৰৱ গগৈয়ে পাক সেনা নাইবা পাক চোৰাংচোৱা ISIৰ পৰা প্ৰশিক্ষণ লৈছিল ।
সংবাদমেলত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আন এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি পাকিস্তানৰ পৰা উভতি আহি সদনত গৌৰৱ গগৈয়ে সুধিছিল কেতবোৰ চাঞ্চল্যকৰ প্ৰশ্ন । ভাৰতৰ ইউৰেনিয়াম, ছাবমেৰিন, এয়াৰ ডিফেন্স আদিৰ ওপৰত সদনত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে । পাকিস্তানৰ পৰা আহিয়েই ভাৰতৰ যুৱপ্ৰজন্মক পাকিস্তান হাই কমিছনলৈ লৈ যোৱা হৈছিল বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।
ইফালে, শনিবাৰে কেবিনেট বৈঠকৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এছ আই টিৰ তদন্ত কেন্দ্ৰীয় সংস্থালৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰে।