নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত কেইবাশ সংখ্যালঘু লোকৰ বিজেপিত যোগদান

🔹 ড০ নোমল মমিনৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা,  ৮ এপ্ৰিল : ৯নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিত কালি নিশালৈকে নিৰ্বাচনী প্ৰচাৰ চলালে বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিনে। আজি লাহৰীঘাটত নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলালে অসম বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিনে। সমষ্টিটোৰ অন্তৰ্গত জৰিবৰৰ বালিপাৰা, ভূৰাগাঁও নতুন বজাৰ আৰু টেঙাগুৰিত নিৰ্বাচনী প্ৰচাৰ চলায়। এই তিনিখন সভাত কেইবাশ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। বহু মৌলানা, মৌলবীয়ে বিজেপিত যোগদান কৰে। নিৰ্বাচনী সভাত ড০ নোমল মমিনে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক পদুমৰ চিহ্নত ভোট দিবলৈ আহ্বান জনায়। বিজেপিৰ উন্নয়নমূলক কাম-কাজত সন্তুষ্ট হৈ প্ৰত্যেক দিনাই হাজাৰ হাজাৰ সংখ্যালঘু লোকে বিজেপিত যোগদান কৰি আহিছে বুলি ড০ নোমল মমিনে বক্তব্য দিয়ে। সভাসমূহত উপাধ্যক্ষ ড০ নোমল মমিনক সংগ দিয়ে বিজেপিৰ মহিলা নেত্ৰী চালমা জেছমিন, মৰিগাঁও জিলা সমিতিৰ সভাপতি প্ৰবীণ মেধি আৰু বিজেপিৰ নেতা-কৰ্মীয়ে।

প্ৰেৰক আবুল কালাম

You might also like