নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ ডেকাপাম-তেলামত ধুমুহা-বৃষ্টিপাতৰ তাণ্ডৱ

🔹 এল্ট’ বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ : বিস্তৰ ক্ষতি

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল : কালি নিশাৰ ভাগত অহা বিধ্বংসী ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ ফলত জোনাই ৰাজহ চক্ৰৰ ডেকাপাম, তেলাম, বিবাৰী অঞ্চলত বিস্তৰ ক্ষয়-ক্ষতি হয়। আকস্মিকভাৱে অহা প্ৰাকৃতিক দুৰ্যোগৰ ফলত ডেকাপাম গাঁও পঞ্চায়তৰ গয়বাৰী, ফাথৈবাৰী, আনঃ দঃলুং, ডেকাপাম, গয়বাৰী গাঁৱৰ থুনলাই দৈমাৰী, সোণাৰাম বসুমতাৰী, দমন্তী বসুমতাৰী, মংগলসিং বসুমতাৰী, প্ৰতিমা বসুমতাৰী, মৰমী বসুমতাৰী, নিৰণ বসুমতাৰী, চম্পা স্বৰ্গীয়াৰী, ৰুবী নাৰ্জাৰী, মমী মুছাহাৰী, সৌমশ্ৰী বসুমতাৰী, মঞ্জু বসুমতাৰী, মৰমী স্বৰ্গীয়াৰী, ৰঞ্জী বড়ো, ভোলা ৰাভা, বলেন বড়ো, ফাথৈবাৰী গাঁৱৰ ৰীণা দৈমাৰী, দমাই বসুমতাৰী, কণেশ্বৰ বসুমতাৰী, জৌংসাৰ নাৰ্জাৰী, আনঃ দঃলুং গাঁৱৰ দুলুমণি তালুকদাৰ, দীপালী মুছাহাৰী, পদুমী ৰামচিয়াৰী, বিজয় দলে, মনোহৰ দলে, অনন্ত দলে, যতীন শৰণীয়া, পৰেশ নাথ, বিশ্বজিৎ পাতিৰ, গণপ্ৰসাদ মিলি, মিনতি পেগু, সৰস্বতী তালুকদাৰ, গণেশ কুম্বাং, ৰবীন পেগুৰ ঘৰ-বাৰী বিধ্বস্ত হৈ পৰে। আনহাতে, পৰিয়ালসমূহৰ গছ-গছনি ভাঙি পৰে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত গয়বাৰী বাথৌ মন্দিৰৰ বিস্তৰ ক্ষতি হয়। ইপিনে, ডেকাপাম গাঁও পঞ্চায়তৰ বিবাৰী, বিবাৰী তেজপুৰীয়া, ১নং উদয়পুৰ গাঁৱত বহু পৰিয়ালৰ ঘৰ-বাৰীৰ ক্ষয়-ক্ষতি হোৱাৰ উপৰি তামোল গছ উভালি পৰে আৰু বিদ্যুতৰ তাঁৰ ছিগি পৰে। স্মৰণীয় যে ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলামত ধুমুহা, বৰষুণৰ বাবে ৰখাই থোৱা  এখন এল্ট’ বাহনৰ ওপৰত এজোপা প্ৰকাণ্ড গছ উভালি পৰে। বাহনখনৰ চালকগৰাকী কথমপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰে। জোনাইৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা বাহনখন চিলাপথাৰ কাংকান নগৰৰ বুলি জানিব পৰা গৈছে। কালি নিশা প্ৰায় আঠ বজাৰ পৰা হোৱা বিধ্বংসী ধুমুহা আৰু প্ৰবল বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ চেৰেণত বিদ্যুতৰ খুঁটা উভালি পৰাৰ লগতে অৰুণাচল প্ৰদেশৰ কস্তৰিবা কেন্দ্ৰীয় বিদ্যালয়খন সম্পূৰ্ণ ধ্বংস হৈ পৰে। ঠায়ে ঠায়ে বিদ্যুতৰ তাঁৰ ছিগি পৰাৰ ফলত ডেকাপাম, তেলাম, চিমেন চাপৰি অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে।

প্ৰেৰক কৰবী দলে

You might also like