নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰেশ বৰুৱাক আলোচনালৈ আনিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা কৰিম : ড০ হিমন্ত বিশ্ব শৰ্মা

🎯ফকিৰাগ্ৰামত জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ ২৮ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত আজি অনুষ্ঠিত হোৱা এনডিএৰ বিশাল বিজয় সংকল্প সমাৱেশত হিলদল ভাঙি ওলাই আহে সাধাৰণ জনতা। মূলত: মুখ্যমন্ত্ৰীক এবাৰ কাষৰ পৰা চাবলৈ ফকিৰাগ্ৰাম আজি লোকাৰণ্য হৈ পৰে। মহিলাসকলে শংখ বজাই মুখ্যমন্ত্ৰীক বিপুল আদৰণি জনোৱাৰ পিছত বিশেষকৈ মহিলাসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সতে “আকৌ এবাৰ মোদী চৰকাৰ” গানৰ তালে তালে নাচে। ঠিক সেই সময়তেই মুষলধাৰে বৰষুণ নামি আহে যদিও মুখ্যমন্ত্ৰী তথা সাধাৰণ জনতাৰ উৎসাহ অকণো ম্লান নপৰিল। বৰষুণত তিতি-বুৰি মুখ্যমন্ত্ৰীয়ে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় আৰু প্ৰায় ২০ মিনিট ভাষন দিয়ে আৰু সাধাৰণ জনতাই অতি উৎসাহেৰে মুখ্যমন্ত্ৰী ভাষণৰ মাজে মাজে জয়ধ্বনি দিয়ে। এনে এক অভূতপূৰ্ব পৰিৱেশৰ মাজত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফকিৰাগ্ৰামবাসীৰ বাবে তিনিটা প্ৰতিশ্ৰুতি দিয়ে।ফকিৰাগ্ৰামত ৰে’লৱে অভাৰব্ৰীজ নিৰ্মান, ফকিৰাগ্ৰাম ৰে’ল ষ্টেচন কেবাখনো ৰে’ল ৰখোৱাৰ প্ৰতিশ্ৰুতি আৰু ফকিৰাগ্ৰামৰ ৰাস্তা-ঘাটৰ উন্নয়ন আৰু গৌৰাং নদীৰ গৰাখহনীয়া ৰোধ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দি সকলোকে এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহ্বান জনাইছে । কটা হাতৰ দাম নাই, নাঙলৰ কাম নাই বুলি নিজ ভাষণত মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিপিএফৰ চৰকাৰ এতিয়া বিটিচিতো নাই, ৰাজ্যতো নাই আৰু সেয়েহে বিপিএফৰ কাম নাই। নিজৰ ভাষনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিকালি বিটিচিত বন্দুক নচলে, বোমা নুফুটে, ইয়াত এতিয়া সকলো জাতি-জনগোষ্ঠীৰ লোকে বসৱাস কৰিব পাৰিছে। এইটো সম্ভৱ হৈছে কাৰণ কেন্দ্ৰত নৰেন্দ্ৰ মোদী আছে, দিছপুৰত মামা আছে আৰু বিটিচিত প্ৰমোদ বড়ো আছে। স্থায়ী শান্তি ধৰি ৰখাৰ বাবে এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহ্বান জনাই নিজ ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতিৰ বন্যা বিয়পায়। তেওঁ কয় যে অনাগত সময়ছোৱাত প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় আঁচনি দিয়া হ’ব। যিসকলে লাখপতি বাইদেউ আবেদনপত্ৰ পুৰণ কৰিছে তেওঁলোকৰ একাউণ্টত প্ৰথমে সোমাব দহ হাজাৰ টকা টুপুংকৈ সোমাব। সেই দহহাজাৰ টকা সদব্যৱহাৰ কৰিলে পুণৰাই ২৫ হাজাৰ টকা সোমোৱাই দিয়া হ’ব বুলি মন্তব্য কৰি চলিত বৰ্ষতে পুণৰাই ৫০ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিয়া হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। তদুপৰি অহা জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ’ব আৰু এটকাও দালালক নিদিয়াকৈ বিনা পইচাই নিবনুৱাসকলে চাকৰি পাব বুলি ভাষনত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেনে প্ৰাৰ্থীক দহ নম্বৰ অতিৰিক্তকৈ দিয়া হ’ব বুলি মন্তব্য কৰি ড° হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডৰ সমস্যা ছমাহৰ ভিতৰত সমাধান হ’ব বুলি মন্তব্য কৰে। কলেজত নামভৰ্তি কৰা ছাত্ৰীসকলৰ একাউণ্টত দহ হাজাৰ টকাকৈ দিয়া হ’ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গোটেই সময়খিনি প্ৰমোদ বড়োক কাষত লৈ বৰষুণত তিতি-বুৰি আজি মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়াটো আজিৰ সভাৰ অন্যতম লক্ষণীয় দিশ আছিল । ইপিনে সভাৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত কয় যে ফকিৰাগ্ৰামত আজি প্ৰচণ্ড বৰষুণৰ মাজতে প্ৰায় আধাঘণ্টা ধৰি জনতাই নাচিলে, ভাষণ শুনিলে আৰু ইয়ে প্ৰমান কৰে যে ফকিৰাগ্ৰামৰ জনতাই পুণৰাই প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীকে বিচাৰিছে। আজিৰ জনসভাই প্ৰমান কৰিলে যে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী তিনলাখ ভোটৰ ব্যৱধানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হ’ব। সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত মুখ্যমন্ত্ৰীয়ে কয় যে বিৰোধীদলে আসন লাভ কৰিব বুলি কৰা দাবীৰ কোনো ভিত্তি নাই। তেওঁলোকৰ সভাত ১০ হাজাৰো জনতা উপস্থিত নাথাকে , কোনো টিভিতো নোলায় । সংখ্যালঘু জনতা বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে আৰু অহাবাৰ বেছি সংখ্যকে আকৰ্ষিত হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। অসমক লৈ পৰবৰ্তী সপোন কি বুলি সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আলফাৰ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিব লাগে আৰু অসমখনক শান্তিৰ এটা দ্বীপলৈ পৰিবৰ্তন কৰিব লাগে। মোৰ এইটো আধাৰুৱা কাম আৰু পৰবৰ্তী সময়ত এইটো কাম সম্পূৰ্ণ কৰাৰ বাবে চেষ্ঠা কৰিম। কৰিমগঞ্জ আৰু নগাঁওত বিৰোধীৰ পৰা প্ৰত্যাহ্বান পোৱা গৈছে যদিও যোৰহাটত কোনো বিৰোধীৰ পৰা প্ৰত্যাহ্বান নাছিল আৰু সেয়া আমাৰ নিজৰ ছীট বুলি মন্তব্য কৰি দৰ -ওদালগুৰিত বিজেপি জয়ী হ’ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে আজিৰ সভাত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে নিজৰ ভাষণত কয় যে তেওঁ জীৱনত বহু উৎসৱ দেখিছে কিন্তু ড° হিমন্ত বিশ্ব শৰ্মা আহিলেই যি উৎসৱময় পৰিৱেশ হয় সেয়া বিৰল। মুখ্যমন্ত্ৰীৰ বাবেই বিটিআৰত শান্তি ঘূৰি আহিল আৰু এতিয়া সকলো জাতি-জনগোষ্ঠীয়ে একতা-ভাতৃত্ববোধেৰে বিটিআৰত বসৱাস কৰি আছে বুলি মন্তব্য কৰে। প্ৰণিধানযোগ্য যে আজিৰ সভাত মন্ত্ৰী ক্ৰমে অশোক সিংঘল, ৰঞ্জিত দাস, উৰ্খাও গৌৰা ব্ৰহ্ম, ফকিৰাগ্ৰাম সমষ্টিৰ এমচিএলএ তথা কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিচিৰ কেবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত আছিল ৷

প্ৰেৰক শুকুৰ আকন্দ

You might also like