নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰ-ধৰ্ম কেতিয়াও একাকাৰ হব নালাগে : মনোৰঞ্জন তালুকদাৰ

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ বৰপেটা লোকসভা সমষ্টিৰ চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে আজি নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে পাঠশালাৰ হৰিমন্দিৰস্থিত নাট্য মন্দিৰত এজাক কলেজীয়া ছাত্র ছাত্ৰীৰ সতে গীত, মাত আৰু কথাৰে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে৷ তেওঁ ভাৰতীয় গণতন্ত্ৰত নিৰ্বাচনে কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেই সম্পৰ্কত নৱপ্ৰজন্মৰ ভোটাৰসকলক অৱগত কৰে৷ লোকসভা হওঁক বা ৰাজ্যসভাৰ নিৰ্বাচনে হওঁক এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত ছাত্ৰ সমাজৰ কেনেদৰে মত পোষণৰ স্বাধীনতা থাকিব পাৰে আৰু কাৰো প্ৰতি প্ৰলোভিত নোহোৱাকৈ কেনেদৰে বিবেক ভোট সাব্যস্ত কৰিব পাৰে আদি বিভিন্ন বিষয়ৰ উপৰিও ৰাষ্ট্ৰ আৰু ধৰ্মনিৰপেক্ষতাৰ ওপৰতো ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দি ধৰ্মনিৰপেক্ষতা সন্দৰ্ভত তালুকদাৰে কয় যে ৰাষ্ট্ৰ আৰু ধৰ্ম কেতিয়াও একাকাৰ হব নালাগে৷ কিয়নো ৰাষ্ট্ৰ বেলেগ আৰু ধৰ্ম বেলেগ বিষয়৷ এই দুয়োটা বিষয় এক কৰি ৰাষ্ট্ৰ চলালে সেই ৰাষ্ট্ৰৰ ভেটি শক্তিশালী হব নোৱাৰে৷ ছাত্ৰ-ছাত্ৰীসকলক ৰাজনীতি, শিক্ষানীতি আদি বহুতো প্ৰশ্ন উত্তৰ দিয়াৰ লগতে ব্যক্তিগত জীৱনৰ কথা বৰ্ণনা কৰি তেওঁ কয় যে পঢ়ি থকা সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি প্ৰত্যক্ষ ৰাজনীতিৰে জৰিত হৈ বর্তমান তেওঁ সৰভোগ সমষ্টিৰ বিধায়ক হিচাপে কাম কৰি আছে৷ এজন খেলুৱৈ হিচাপেও পৰিচিত তালুকদাৰ বৰ্তমানেও বৰপেটা ক্রীড়া সন্থা তথা অসম ভলীবল সন্থাৰ উপ সভাপতি পদত অধিষ্ঠিত হৈ আছে। আনহাতে নৱম-দশম শ্রেণীতে ড° ভূপেন হাজৰিকাৰ সান্নিধ্যলৈ আহি গীতিকাৰ, সুৰকাৰ তথা গায়ক হিচাপে আত্মপ্রকাশ কৰি সুধাকণ্ঠ ভুপেন হাজৰিকাৰ সতে বহুতো সময় অতিবাহিত কৰাৰ কথা উল্লেখ কৰি ড৹ হাজৰিকাৰ কথা মতে তালুকদাৰে কটন কলেজৰ পৰিবৰ্তে হিন্দু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ কথা উল্লেখ কৰে৷ ছাত্ৰছাত্ৰী অনুৰোধ মৰ্মে তালুকদাৰে কেবাটাও গীতৰ পৰিবেশ তেওঁৰ গানৰ চিডি ‘বজ্রকণ্ঠে ৰুদ্র নিনাদে’ সমগ্ৰ অসমতে জনপ্রিয়তা লাভ কৰিছিল বুলি ব্যক্ত কৰে৷ গণশিল্পী খগেন মহন্তৰ সতেওঁ অতি ঘনিষ্ঠতাৰ কথা উল্লেখ কৰি তেওঁলোকৰ স্মৃতিচাৰণ কৰে৷ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুস্থানত গণতন্ত্ৰত নৱ প্ৰজন্মৰ ভূমিকা আদি বিভিন্ন প্ৰশ্নৰ সাৱলীলভাৱে উত্তৰ দি প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে তেওঁলোকক আপ্লুত কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like