নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইডল কেলেংকাৰিৰ মূল অভিযুক্তঃ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিঃৰ উপাচার্য ড০ কন্দর্প দাসক নিলম্বন

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ অৱশেষত বহু বিতর্কৰ পাছত ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে এক নির্দেশযোগে নিলম্বিত কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰিৰ মূল অভিযুক্ত তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ কন্দর্প দাসক৷

বিশ্ববিদ্যালয়খনৰ আচার্য প্রফেছৰ জগদীশ মুখীয়ে এক নির্দেশযোগে উপাচার্য ড০ কন্দর্প দাসক নিলম্বন কৰি বিশ্ববিদ্যালয়খনৰ মেনেজমেণ্ট বিভাগৰ অধ্যাপক ড০ নৃপেন্দ্র নাৰায়ণ শর্মাক অস্থায়ীভাৱে উপাচার্য হিচাপে কার্যনির্বাহ কৰাৰ দায়িত্ব অর্পণ কৰে৷

উল্লেখ্য যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে নিযুক্তি পোৱাৰ পূর্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ডিষ্টেঞ্চ এণ্ড অ’পেন লার্নিং চমুকৈ আইডলৰ সঞ্চালক ৰূপে কার্যনির্বাহ কৰিছিল ড০ কন্দর্প দাসে৷ উক্ত সময়তে সঞ্চালক ড০ দাসে ব্যাপক ধনৰ লেনদেনৰ জৰিয়তে নিয়ম বহির্ভূতভাৱে ২১টা পাঠ্যক্রমৰ অনুমোদন জনাইছিল৷

আনহাতে, তেওঁ সঞ্চালক হৈ থকা সময়তে আইডলত বৃহৎ বিত্তীয় কেলেংকাৰিও সংঘটিত হৈছিল৷ এই সকলো তথ্য ২০১০–১৭ চনৰ ভাৰতৰ মহাপঞ্জীয়কৰ (কেগ) প্রতিবেদনত প্রকাশ পোৱাৰ পাছতে আইডলত সংঘটিত সমস্ত কেলেংকাৰি পোহৰলৈ আহে৷ কেগৰ প্রতিবেদনৰ পাছত বিষয়টো অনুসন্ধানৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কার্যবাহী পৰিষদে ন্যায়াধীশ ড০ আফতাব হুছেইন শইকীয়াৰ নেতৃত্বত এখন এজনীয়া তদন্ত কমিটী গঠন কৰে৷ এই তদন্ত কমিটীখনে উক্ত সময়ছোৱাৰ আইডলৰ সকলো নথি–পত্র নিৰীক্ষণ কৰাৰ উপৰি ইয়াৰ সৈতে জড়িত বিভিন্ন ব্যক্তিৰ সাক্ষ্য গ্রহণ কৰে৷ ইয়াৰ পাছত শইকীয়া আয়োগে দাখিল কৰা প্রতিবেদনত তদানীন্তন আইডলৰ সঞ্চালক ড০ কন্দর্প দাসক এই বৃহৎ কেলেংকাৰিটোৰ মূল অভিযুক্ত ৰূপে চিহ্ণিত কৰে৷ এই প্রতিবেদনৰ পাছতে ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ কন্দর্প দাসক নিলম্বনৰ নির্দেশ জাৰি কৰে৷ ড০ দাসৰ নিলম্বনৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাত সংঘটিত হোৱা ব্যাপক বিত্তীয় অনিয়মৰ ন ন তথ্য পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে৷

You might also like