নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই নৈয়ে বুৰালে সৃজনগ্রামৰ বিস্তীর্ণ অঞ্চলঃ বিজনী চহৰলৈ ভাবুকি আনিছে বাঢ়নী পানীয়ে

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ বিগত দুদিন ধৰি আই নৈৰ জলপৃষ্ঠ হঠাৎ ওফন্দি উঠাত হাহাকাৰৰ সৃষ্টি হৈছে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ সৃজনগ্রাম অঞ্চলত৷ সিদলসতী–ৰজাঘুলি মথাউৰিৰ হুৰামাৰা দ্বিতীয় খণ্ডৰ লালমাটিৰ পামুৱাপাৰা আৰু বগৰীগুৰি অংশত শনিবাৰে পুৱাৰ পৰাই আই নৈৰ পানী বৃদ্ধি পাই মথাউৰিৰ ওপৰেৰে বাগৰা আৰম্ভ হয়৷

স্থানীয় লোকে লালমাটিৰ অংশত মথাউৰিটোৰে পানী বাগৰা বন্ধ কৰাৰ বাবে বালিভর্তি বস্তাৰে চেষ্টা অব্যাহত ৰখাৰ সময়তে দুপৰীয়াৰ ভাগত প্রচণ্ড সোঁতত মথাউৰিটো বিধ্বস্ত হোৱাত এক বিস্তীর্ণ অঞ্চলত আই নৈৰ পানী সোমোৱাত আতংকিত হৈ পৰিছে ৰাইজ৷ নৈখনৰ পানীৰ তীব্র সোঁতে লালমাটিৰ কেইবাটাও পৰিয়ালৰ ঘৰ–ভেটি উটুৱাই নিয়ে৷ ছিঙা অংশৰে তীব্রগতিত আই নৈৰ পানী সোমাবলৈ লোৱাত অঞ্চলটোৰ হুৰামাৰা প্রথম, দ্বিতীয় খণ্ড, লালমাটিকে ধৰি কেছেৰাপাৰা, দেৱানপাৰা,বটগুৰি আদি এলেকাৰ ৰাইজ আতংকিত হৈ পৰিছে৷ বিস্তীর্ণ এলেকাৰ ৰাইজ জলবন্দী হৈ পৰাত এন ডি আৰ এফ বি বাহিনীৰ জোৱান উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে আৰু কেইবাটাও পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে৷

ইপিনে, বাঢ়নী পানীয়ে চেঁচাপানী, বালাজানী, বৃদ্ধবাসী, দৰকিনামাৰী, বালাৰপেট, টেণ্টনপুৰ, কাহিবাৰী, হালধিবাৰী, চিল্ল্যাপাৰা প্রথম আৰু দ্বিতীয় খণ্ড, মাজেৰচৰ, টোপগাঁও আদি নৈপৰীয়া গাঁওসমূহ বুৰাই পেলায়৷ নিশাৰ ভাগলৈ সৃজনগ্রাম অঞ্চলৰ দহেলাপাৰা, পাখিৰীগুৰি, সোণাখুলি, কলবাৰী, বৰ–নাৰিকলাক, উজানপাৰাকে ধৰি বহু গাঁও প্লাৱিত হোৱাটো প্রকট হৈ পৰিছে৷

ইপিনে, নৈৰ পানী তডিৎ গতিত বৃদ্ধি পোৱাৰ ফলত সিদলসতী অঞ্চলৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰেৰে বাঢ়নী পানীৰ ধল বাগৰি যোৱাত যাতায়াত ব্যাহত হোৱাৰ উপক্রম হৈছে৷

You might also like