বনভূমি বেদখল কৰা সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদক বিৰোধিতা কৰি অহা সদৌ অসম সংখ্যালঘু ছাত্র সন্থা, চমুকৈ আমছুক উদ্দেশ্যি মুখ্যমন্ত্রীৰ স্পষ্ট বার্তা– আমছুৱে যিমানে প্রতিবাদ কৰিব, উচ্ছেদ দুটা বেছিকৈ হ’ব৷
উল্লেখ্য যে উচ্ছেদৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে আমছুৱে৷ বিশেষকৈ নামনি অসমত আমছুৱে ব্যাপক সমাগমেৰে ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ আমছুৰ এনে প্রতিবাদক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রীৰ মন্তব্য– আমছুৰ মিটিঙত মানুহ হ’ব পাৰে৷ কিন্তু আমি যিটো কৰিম বুলি ভাবিম সেইটো কৰিমেই৷
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে এই প্রসংগত উল্লেখ কৰে– সংখ্যালঘু অধ্যুষিত এলেকা বুলি উচ্ছেদ চলোৱা নাই৷ যিসকলে বনাঞ্চল দখল কৰিছে অথবা ভিজিআৰ–পিজিআৰ দখল কৰিছে তাৰ বিৰুদ্ধেহে উচ্ছেদ চলিছে৷ বনাঞ্চলত আমাৰ মানুহ সোমোৱা নাই৷ ক’ৰবাত যদি বড়ো অথবা মিচিং লোক আছে তেওঁলোকে পট্টা পাবৰ যোগ্য৷
কিন্তু নন–ট্রাইবেলে মাটিৰ পট্টা নাপায়৷ বনাঞ্চলত নন–ট্রাইবেল কেনেকৈ সোমাব পাৰে? তেওঁলোকৰ কাৰণে চৰত বহুত মাটি দিয়া আছে৷ আমাৰ লোকসকলতো চৰৰ মাটিলৈ যোৱা নাই, চৰলৈ আমাৰ বড়ো, মিচিং লোকসকল যোৱা নাই, অসমীয়া–বিহাৰী–বঙা কোনো লোক যোৱা নাই৷ অসমৰ আধা মাটি তেওঁলোকৰ বাবে আছে চৰত৷ তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰলৈ যাব খোজে, যোৰহাটলৈ যাব খোজে, গোলাঘাট যাব খোজে সেয়া কেনেকৈ হ’ব, অসমীয়া মানুহ ক’লৈ যাব?
উল্লেখ্য যে ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰোধিতা কৰি প্রতিবাদ সাব্যস্ত কৰিছে আমছুৱে৷ নামনি অসমৰ কেইবাখনো জিলাৰ লগতে মধ্য অসমৰ কেইবাখনো জিলাত উচ্ছেদৰ বিৰোধিতা কৰি প্রতিবাদ সাব্যস্ত কৰা আমছুৱে ভাৰতীয় নাগৰিকৰ প্রতি চৰকাৰে আতিশয্য কৰা বুলি মুখ্যমন্ত্রীক আদালতৰ কাঠগড়ালৈও নিয়াৰ হুংকাৰ দিছে৷
এই হুংকাৰকো নস্যাৎ কৰি মুখ্যমন্ত্রীৰ মন্তব্য– কাঠগড়াত থিয় হোৱাত মোৰ আপত্তি নাই৷ মোৰ এতিয়া গুৰুত্ব উচ্ছেদৰ ওপৰত৷ অসমীয়া লোকক যেনে–তেনে ৰক্ষা কৰাতহে মই গুৰুত্ব দিছোঁ৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বনাঞ্চলত চলা এই উচ্ছেদৰ ফলত ইতিমধ্যে এক লাখ ৩৯ হাজাৰ বিঘা ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ উৰিয়ামঘাট আৰু পাইকানত চলোৱা উচ্ছেদৰ পাছত বনাঞ্চলৰ বহু ভূমি উদ্ধাৰ হৈছে৷
মুখ্যমন্ত্রীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে উচ্ছেদৰ বাবে এক দীঘলীয়া তালিকা আছে৷ ৰাজ্যৰ কেইবাখনো জিলাত সন্দেহযুক্ত লোকে বিগত দীর্ঘসময়ৰ পৰা বনাঞ্চল দখল কৰি গাঁও নির্মাণ কৰাক লৈ বিভিন্ন সংগঠনে উচ্ছেদৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আছিল৷ মুখ্যতঃ বনাঞ্চল উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে চলোৱা এই উচ্ছেদক লৈ বিৰোধী কংগ্রেছ দলকে ধৰি একাংশ ৰাজনৈতিক দলৰ লগতে আমছুৱে ইয়াৰ তীব্র বিৰোধিতা কৰি আহিছে৷ দীর্ঘ বছৰ ধৰি উক্ত ভূমিত বাস কৰাৰ দাবী তুলি উচ্ছেদৰ বিৰোধিতা কৰা আমছুৱে আনকি চৰকাৰৰ এই উচ্ছেদ অমানৱীয় তথা আইনবিৰুদ্ধ বুলিও মন্তব্য কৰি আহিছে৷ আমছুৰ এনে হুংকাৰৰ পাছতো মুখ্যমন্ত্রীয়ে নিজৰ স্থিতিত অটল থাকি উচ্ছেদৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব বুলি এক স্পষ্ট বার্তা প্রেৰণ কৰে৷
Niyomiya Barta Desk, 12 August, 2025