নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটকেন্দ্রত ভোটাৰক চৰিওৱা বিধায়কৰ গালতো পৰিল প্রচণ্ড চৰ

🔹 অন্ধ্রপ্রদেশৰ গুণ্টুৰৰ ঘটনাক লৈ তীব্র চাঞ্চল্য

বিশেষ বাৰ্তা, ১৪ মে’ : লোকসভা নির্বাচনৰ চতুর্থ পর্যায়ৰ ভোটগ্রহণৰ সময়ত অন্ধ্রপ্রদেশৰ গুণ্টুৰত ৰাজনৈতিক ক্ষমতা প্রদর্শনৰ যি কুৎসিত ছবি পোহৰলৈ আহিছে, তাক লৈ সৃষ্টি হৈছে তীব্র বিতর্ক৷ এগৰাকী ভোটাৰক চৰিয়ালে বিধায়কে৷ ইয়াৰ প্রত্যুত্তৰত বিধায়কগৰাকীকো চৰিয়ালে ভোটাৰে৷ ভাইৰেল হৈছে এই ঘটনাৰ ভিডিঅ’৷ লগে লগে সমগ্র ঘটনা সন্দর্ভত দেশজুৰি সৃষ্টি হৈছে নিন্দাপাত৷ ৱাইএছআৰ কংগ্রেছৰ বিধায়ক এ শিৱকুমাৰক দেখা গৈছে ভোটকেন্দ্রত লাইনৰ পৰা আগবাঢ়ি আহি এজন ভোটাৰক চৰিওৱাৰ দৃশ্য৷ ইয়াৰ পিছতে ভোটাৰগৰাকীয়েও প্রচণ্ড চৰ শোধায় বিধায়কগৰাকীক৷ লগে লগে শিৱকুমাৰৰ একাংশ সংগীয়ে ভোটাৰগৰাকীক শাৰীৰিক আতিশয্য চলায়৷ লক্ষণীয়ভাৱে ভিডিঅ’টোত কোনো নিৰাপত্তা কর্মীক দেখা যোৱা নাই৷ এই ঘটনাক লৈ ইতিমধ্যে অন্ধ্রৰ লগতে দেশজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷

You might also like