ৰেজাউল কৰিম AIUDFলৈ আহিলে আমি আঁকোৱালি ল’ম
আমছুৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলত যোগদান কৰাৰ পিছে পিছে পদত্যাগ কৰা ৰেজাউল কৰিম সৰকাৰৰ বাবে এআইইউডিএফ দুৱাৰ-খিৰিকী খোলা আছে। এই ভাষ্য এআইইউডিএফৰ ধুবুৰীৰ বিধায়ক নজৰুল হকৰ।
ধুবুৰীৰ হাওৰাৰপাৰত এক সাংগঠনিক সভাত অংশ লোৱাৰ পিছত উপস্থিত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে। আনকি, সৰকাৰে এইআইইউডিএফত যোগদান কৰিব বুলি তেওঁত প্ৰতিশ্ৰুতি দিছিল যদিও ৰকিবুল হুছেইন আৰু কেইবাগৰাকী কংগ্ৰেছী নেতাই ফুচুলাই কংগ্ৰেছত যোগদান কৰোৱা বুলিও দাবী হকৰ।
মিথ্যাচাৰৰ আশ্ৰয় লৈ ৰেজাউল কৰিম সৰকাৰক কংগ্ৰেছে অপমানিত আৰু অৱহেলা কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ। আনকি, সৰকাৰৰ সৈতে হোৱা সাক্ষাৎ হোৱাৰ সময়ত সংখ্যালঘুৰ হকে কথা কোৱা বাবে শেৰমান আলী আৰু চিদ্দিক আহমেদ এগৰাকী নিলম্বিত আৰু আনগৰাকীয়ে মন্ত্ৰিত্ব হেৰুওৱা উদাহৰণ দি, কংগ্ৰেছত গলে সংখ্যালঘুৰ হকে কথা কব নোৱাৰিব বুলি সকীয়াই দিয়া বুলিও দাবী বিধায়ক হকৰ।
লগতে কংগ্ৰেছক তীব্ৰ সমালেচনা কৰি তেওঁ আৰু কয় যে “তেওঁলোকৰ বাধা আছে, যদি সংখ্যালঘুৰ পক্ষত কথা কয় হিন্দু ভোট মাইনাচ হয়। যি দলৰ সৎ সাহস নাই, ধৰ্মনিৰপেক্ষ বুলি কৈ থাকে, এই দলৰ কি অৱস্থা! আজি চেকুলাৰ বুলি কয়, ধৰ্মনিৰপেক্ষ বুলি কয়, আমি সকলো জাতিৰ কাৰণে কাম কৰোঁ।”
লগতে নজৰুল হকৰ গৌৰৱ গগৈলৈ প্ৰত্যাহ্বান, “গৌৰৱ গগৈক আহ্বান জনাইছিল – এই অমানৱীয় উচ্ছেদক লৈ সংসদত বক্তব্য ৰাখক, মানুহখিনিৰ হৈ কথা কওক; ডিটেনচন কেম্পত ইছলাম ধৰ্মৰ লোক এতিয়াও আঢ়ৈ-তিনি লাখ আছে, তেখেতসকলক মুকলি কৰি আনক; ডি-ভোটাৰ ৰূপে যি ৭ লাখ মানুহ আবদ্ধ হৈ আছে, প্ৰকৃত ভাৰতীয় নাগৰিক – গৌৰৱ গগৈৰ সাহস আছে নেকি এইবোৰ বিষয় লৈ সংসদত কৈ মোকলাবলৈ!’
লগতে, বিধায়কগৰাকীৰ মন্তব্য, “কংগ্ৰেছৰ অৱস্থা বেয়া। আমি ৰেজাউল কৰিম সৰকাৰক আহ্বান জনাইছোঁ, যদি তেওঁ আমাৰ দললৈ আহে, আমি তেওঁক আঁকোৱালি ল’ম।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৬ জানুৱাৰী