নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইফতাৰত বড়ো, শৰণীয়া কছাৰী, ৰাভা, কোচ-ৰাজবংশীঃ ভাতৃত্ববোধৰ বাণী তামুলপুৰৰ দ্বাৰকুছিত

নিয়মীয়া বাৰ্তা, তামুলপুৰ, ২৮ এপ্ৰিলঃ তামুলপুৰ জিলাৰ অন্তৰ্গত দ্বাৰকুছিস্থিত জামে মছজিদত কালি সমূহীয়াভাৱে ইফতাৰৰ আয়োজন কৰা হয়। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উপৰি তামুলপুৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে এই ইফতাৰত অংশগ্ৰহণ কৰি ভাতৃত্ববোধৰ এক বিৰল নিদৰ্শন দাঙি ধৰে। প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ প্ৰশাসনিক সম্পাদক মুজিব আলি আহমেদৰ নেতৃত্বত আয়োজন কৰা এই ইফতাৰ কাৰ্যসূচীত ইছলাম ধৰ্মাৱলম্বী লোকৰ উপৰি বড়ো, শৰণীয়া কছাৰী, ৰাভা, কোচ-ৰাজবংশী, কলিতা আদিকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৱে কয়- আজিৰ এই সমূহীয়া ইফতাৰ কাৰ্যসূচীয়ে সমাজলৈ ভাতৃত্ববোধৰ এক শুভ বাৰ্তা প্ৰেৰণ কৰিব। ইফালে, অনুষ্ঠানত ভাগ লৈ ইউপিপিএল নেতা মুজিব আলি আহমেদে কয়  আজি তামুলপুৰৰ গয়বাৰী সমষ্টিত সকলোৱে একেলগে ইফতাৰ কৰি যথেষ্ট আনন্দিত হৈছো। বিটিচিৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দ্বাৰকুছি জামে মছজিদত আয়োজিত ইফতাৰত ইউপিপিএল নেতা নৰহৰি মহন্ত, বসন্ত তালুকদাৰ, হাচিম আলী, মইদুল হক, মিলন বড়ো আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
You might also like