IIT গুৱাহাটীৰ ছাত্ৰই নিৰ্মাণ কৰি উলিয়াইছে ক’ভিড-১৯ চিকিৎসাৰ বাবে ইণ্টিউবেছন বস্ক
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ সমগ্ৰ বিশ্বৰ লগতে অসমতো ক’ৰোনা ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা বিভিন্ন সংস্থাই গৱেষণা আৰম্ভ কৰিছে। তেনে সময়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ বায়’ চাইঞ্চ বিভাগৰ ছাত্ৰই ক’ভিড-১৯ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে ইন্টিউবেছন বস্ক।
বৰ্তমান এইমছ্কে ধৰি দেশৰ আগশাৰীৰ চিকিৎসালয় সমূহত পৰিক্ষামূলক ভাবে ব্যৱহাৰ কৰা হৈছে এই বক্স । ভেন্টিলেটৰত ৰাখি ৰোগীক চিকিৎসা কৰাৰ সময়ত ই সহায়ক হয়। ইন্টিউবেছন বস্ক ভিতৰত ৰাখি চিকিৎসা আৰম্ভ কৰিলে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ভয় হ্ৰাস পায়। কাৰণ ইয়াৰ ফলত কাহিলে বতাহত হাঁচিয়াওতে ই বস্কৰ ভিতৰতে আবদ্ধ হ’ব।
গুৱাহাটী আই আই টিৰ বায়’ চাইঞ্চ বিভাগৰ উমঙ মাথুৰে জানিবলৈ দিয়া মতে, এই বস্ক সমূহ ১০০% সুৰক্ষিত। আন এগৰাকী গৱেষক মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ সনচিত জুনজুনৱালাই সদৰি কৰা তথ্য অনুসৰি প্ৰতিষ্ঠানটোৰ ছজনীয়া গৱেষকৰ দলটোৰ আন চাৰিজন সদস্য প্ৰাতিক মনছা, ব্ৰিচাংক ভৰদ্বাজ, ভিগনেশ কুমাৰ শুবেটাঙক পানবাৰে এই বস্কটো নিৰ্মাণ কৰি উলিয়াইছে।
উল্লেখ্য যে এই ইণ্টিউবেছন বস্কৰ প্ৰতিটো বস্কত ব্যয় হ’ব মাত্ৰ ২০০০ টকা। ফলত অতি কম খৰচতে চিকিৎসা কৰ্মীসকলক সুৰক্ষা প্ৰদান কৰিব পৰা যাব ৷