নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ সুদৰ ব্যৱসায়ীলৈ ধুবুৰী আৰক্ষীৰ অহেতুক দৰদ

🔹  মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সুদখোৰবিৰোধী কঠোৰ স্থিতিক আদৰণি ভুক্তভোগীৰ

নিয়মীয়া বাৰ্তা,  ২৯ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সুদখোৰবিৰোধী কঠোৰ স্থিতিক লৈ উৎফুল্লিত হৈ পৰা দেখা গৈছে ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভুক্তভোগীসকল। জানিব পৰা মতে, মুখ্যমন্ত্ৰীয়ে সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়াৰ পিছৰে পৰা আতংকত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইগৰাকীমান সুদখোৰে ইতিমধ্যে বহিঃৰাজ্যত আত্মগোপন কৰিছে। উল্লেখ্য যে  সুদৰ ব্যৱসায়কেই মূল জীৱিকা হিচাপে লোৱা ধুবুৰীৰ একাংশ সুদখোৰে মাহিলি সুদৰ ধনৰ বাবে ভুক্তভোগীক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰো অভিযোগ আছে। ধুবুৰীত স্থানীয় ৰাইজৰ মাজত ‘‘কাবুলীৱালা’’ বুলি পৰিচিত সুদূৰ আফগানিস্তানৰ পৰা অহা আফগানী লোক একাংশকে ধৰি স্থানীয় একাংশ বেংক, চৰকাৰী কাৰ্য্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কেইবাগৰাকী কৰ্মচাৰীকে ধৰি একাংশ চৰকাৰী গাড়ী চালক আৰু যুব ব্যৱসায়ীও সুদৰ অবৈধ ব্যৱসায়ৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। চৰ্চা অনুসৰি, এচাম আঢ্যৱন্ত লোক অথবা প্ৰতিষ্ঠিত ব্যৱসায়ীৰ পৰা আনুমানিক ডেৰ–দুই শতাংশ মাহিলি সুতত ঋণ লৈ আনক মাহিলি ৮ৰ পৰা ১০ শতাংশ সুদত ধাৰ দিয়াৰ মাছৰ তেলেৰে মাছ ভজাসদৃশ সুদৰ এই অবৈধ ব্যৱসায়ে ধুবুৰীত বৰ্তমান কেইবা কোটিটকীয়া এক উদ্যোগসদৃশ ৰূপ লৈছে। স্থানীয় ভুক্তভোগী একাংশৰ ভাষ্য অনুসৰি, চিকিৎসাৰ খৰচ বা কোনো সকামত আকস্মিকভাৱে প্ৰয়োজন হোৱা ধনৰ বাবে সুদৰ বেহাৰ সৈতে জড়িতৰ কাষ চপা লোক এগৰাকীৰ মানসিক অৱস্থাৰ পূৰ্ণ সূযোগ লৈ নিজ ইচ্ছা অনুযায়ী ধন প্ৰদান কৰাৰ চৰ্ত আৰু মাহিলি সুদৰ হাৰ নিৰ্ধাৰণ কৰে ধুবুৰীৰ অবৈধ সুদখোৰে। এগৰাকী ভুক্তভোগীয়ে সদৰী কৰা অনুসৰি, বান্ধি দিয়া চৰ্ত মতে ধন পাবলৈ উকা দলিলত চহী কৰিবলগীয়া হয়। আনকি প্ৰতিমাহে বান্ধি দিয়া নিৰ্দিষ্ট তাৰিখৰ ভিতৰত মাহিলি সুদ প্ৰদান কৰিব নোৱাৰাসকলক স্থানীয় সেই সুদখোৰসকলে বাট–পথত লগ পালেই অবাইচ গালি–গালাজ পৰাৰ উপৰি তেওঁলোকৰ পৰিয়ালৰ সন্মুখতো অভব্য আচৰণ কৰাৰো বহু অভিযোগ আছে। অৱশ্যে সুদখোৰৰ পৰা ঋণ লোৱা বহুতেই লজ্জাৰ বাবে আইনৰ কাষ চাপিব নিবিচৰাৰ দুৰ্বলতাৰ সুযোগ পূৰ্ণমাত্ৰাই লৈ আছে সুদখোৰসকলে। আনকি সহজলভ্য ধনৰ লালসাত অবৈধ জুৱাৰ আড্ডা, অবৈধ তীৰ, আইপিএল জুৱাকে ধৰি বিভিন্ন অসামাজিক কামতো ধুবুৰীৰ সেই সুদখোৰসকলৰ একাংশই ধন বিনিয়োগ কৰাৰো বু বু-বা বা আছে ধুবুৰীত। ইপিনে, শেহতীয়াভাৱে ৰাজ্যজুৰি সুদখোৰৰ বিৰূদ্ধে অভিযান অব্যাহত থকাৰ সময়ত জিলাখনত কেইগৰাকীমান পুঠি-খলিহনা ধৰিয়েই আৰক্ষীয়ে নিজৰ দায়িত্ব সামৰিলে নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে ধুবুৰীত। সমান্তৰালকৈ এতিয়ালৈ এটাও ৰৌ-বৰালি কৰায়ত্ত নোহোৱাক লৈ ধুবুৰী আৰক্ষীৰ ভূমিকাক লৈ ক্ষুণ্ণ হৈ পৰা দেখা গৈছে বহু ভুক্তভোগী। ধুবুৰীকে ধৰি জিলাখনত অবৈধ সুদৰ ব্যৱসায়ৰ সৈতে জড়িত মূল পাণ্ডাকেইগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস হ’ব নে নাই, সেই প্ৰশ্নও উচ্চাৰণ কৰিছে বহুতেই।

 

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like