নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেপ্টেম্বৰত দীপিকা পাডুকনৰ জীৱনলৈ নতুন সদস্য…

বিশেষ বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : দীপবীৰৰ পৰিয়াললৈ আহি আছে নতুন সদস্য। অৱশেষত মাতৃ হ’বলৈ ওলোৱাৰ খবৰ নিজেই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি জনালে বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মাতৃ হ’ব বুলি দীপিকাই অৱগত কৰে। দীপিকা আৰু ৰণবীৰে ইনষ্টাগ্ৰামত এখন ছবি পোষ্ট কৰে। য’ত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ কথা উল্লেখ কৰা হৈছে। লগতে দীপিকাই এটা প্ৰাৰ্থনাৰ ইমোজী পোষ্ট কৰে। উল্লেখ্য যে এটা সাক্ষাৎকাৰত দীপিকাই মাতৃ হোৱাৰ ইচ্ছা প্ৰকাশ কৰি কয়- “ৰণবীৰ আৰু মই দুয়ো ল’ৰা-ছোৱালীক ভাল পাওঁ। আমি আমাৰ পৰিয়ালটো আৰম্ভ কৰিবলৈ আগ্ৰহী।” ৰণবীৰ-দীপিকাই যোৱা নৱেম্বৰ মাহত বেলজিয়ামত তেওঁলোকৰ বিবাহ বাৰ্ষিকী উদযাপন কৰিছিল। আৰু এতিয়া বলীউডৰ এই দম্পতীয়ে সন্তানৰ অপেক্ষাত দিন গণিছে।

You might also like