নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ প্রেমিকাৰ হাততে প্রাণ গৈছিল সাংবাদিক ব্রীজেন দ্বীপৰ

হত্যা কৰি ওৰেনিশা কটালে মৃতদেহৰ সৈতে

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ অবৈধ প্রেমিকাই শীতল মস্তিষ্কৰে হত্যা কৰিছিল তিনিচুকীয়াৰ ৱেব প’র্টেলৰ স্বত্বাধিকাৰ তথা সাংবাদিক ব্রীজেন দ্বীপক৷ ৬ আগষ্টৰ নিশা সাংবাদিকগৰাকীক নৃশংসভাৱে হত্যা কৰি মৃতদেহৰ সৈতে ওৰেনিশা কটোৱাৰ পাছত ৭ আগষ্টৰ পুৱাই ‘দিন–প্রতিদিন’ নামৰ প’র্টেলটোৰ কার্যালয় বীৰদর্পে ত্যাগ কৰিছিল হত্যাকাৰী আশল্টি বাগ (২৯) নামৰ এন আৰ এইচ এমৰ যুৱতী কর্মচাৰীগৰাকীয়ে৷ তিনিচুকীয়া সদৰ থানাত আজি সন্ধিয়া এখন সংবাদ মেলত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিয়ে সদৰী কৰা মতে, ফিল’বাৰী নিৱাসী স্বাস্থ্যকর্মী আশল্টি বাগে সাংবাদিকজনক হত্যা কৰা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷ কালি সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই নিশালৈ আৰক্ষীয়ে আশল্টি বাগ (২৯)ৰ লগতে ভনীয়েক নিতু বাগক আটক কৰিছিল৷ আৰক্ষীৰ জেৰাত আশল্টি বাগে নিজহাতে ব্রীজেন দ্বীপক হত্যা কৰা বুলি স্বীকাৰ কৰাৰ লগতে বহু তথ্যই প্রকাশ কৰিছে৷ ৬ আগষ্টৰ নিশা ‘দিন–প্রতিদিন’ৰ কার্যালয় কক্ষতে দুয়োজনৰ মাজত প্রথমে তর্কাতর্কি হৈছিল৷ ইয়াৰ পাছত ই হতাহতিত পৰিণত হয়৷ ইয়াৰ মাজতে আশল্টি বাগে সাংবাদিক ব্রীজেন দ্বীপক এডাল কেবলেৰে ডিঙিত চেপি ধৰাত সাংবাদিকজনৰ মৃত্যু হয়৷ আশল্টিয়ে নিশাটো উক্ত কোঠাতে কটাই পুৱাই নিজ গৃহলৈ যায়গৈ বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷ অৱশ্যে ক’ভিডৰ কর্তব্যত থকা আশল্টি বাগৰ সৈতে সাংবাদিকগৰাকীৰ কি সম্পর্ক আৰু কিয় হত্যা কৰিলে, সেই কথা আৰক্ষীয়ে প্রকাশ কৰাৰ পৰা বিৰত আছে৷ আনহাতে, হত্যাকাণ্ড সন্দর্ভত তিনিচুকীয়া সদৰ থানাত ৮৭৬/২০২০নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ আৰক্ষীৰ আগত হত্যাকাৰী বুলি স্বীকাৰ কৰা ধৃত আশল্টি বাগক আদালতৰ পৰা পাঁচ দিনৰ জিম্মাত লোৱা বুলি প্রকাশ কৰিছে আৰক্ষীয়ে৷ আনহাতে, ব্রীজেন দ্বীপৰ সৈতে যুৱতীগৰাকীৰ কি সম্পর্ক আৰু হত্যাকাণ্ডৰ কাৰণ সন্দর্ভত আৰক্ষীয়ে তদন্তৰ খাতিৰত তথ্য প্রকাশ নকৰিলেও তিনি সন্তানৰ পিতৃগৰাকীৰ সৈতে প্রেমৰ সম্পর্ক থকাৰ সম্ভাৱনাকে সূত্রসমূহে প্রকাশ কৰিছে৷ এই ঘটনা অবৈধ প্রেমৰ কৰুণ পৰিণতি বুলিয়ে চর্চা হৈছে৷
চি বি আই তদন্তৰ দাবীৰে আটছাৰ ধর্ণা
কালি মৃতদেহ উদ্ধাৰ হোৱা ৱেব প’র্টেলৰ সাংবাদিক ব্রীজেন দ্বীপৰ হত্যাকাণ্ডৰ চি বি আই তদন্তৰ দাবীত আটছাৰ তিনিচুকীয়া সমিতিয়ে চহৰখনৰ থানা চাৰিআলিত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ হত্যাকাৰীক ফাঁচি দিয়াৰ লগতে সাংবাদিকগৰাকীৰ পৰিয়ালক ২০ লক্ষ টকা ক্ষতিপূৰণ দিবলৈ প্রশাসনক আটছাই দাবী জনাইছে৷

You might also like