নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰোডত খাদ্য সুৰক্ষাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ জিলা প্ৰশাসনৰ

বৰপেটাৰোডত খাদ্য সুৰক্ষাক লৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। বিষাক্ত ৰাসায়নিক ৰং মিহলাই পাচলি বিক্ৰীৰ অভিযোগত অসাধু ব্যৱসায়ী হাইদৰ আলীৰ গুদাম ছীল কৰি দিয়ে প্ৰশাসনে।

আজি পুৱা বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰত চলোৱা এই অভিযানত বৰপেটাৰোড আৰক্ষী আৰু বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্নেহা ভৰালীৰ নেতৃত্বত এটা প্ৰশাসনিক দলে অংশগ্ৰহণ কৰে। অভিযানকালত হাইদৰ আলীৰ গুদামটো আনুষ্ঠানিকভাৱে ছীল কৰি দিয়া হয়।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এক অভিযানত হাইদৰ আলীৰ গুদামত পটলত বিষাক্ত ৰাসায়নিক ৰং মিহলাই থকাৰ ঘটনা পোহৰলৈ আহিছিল। পটল অধিক সতেজ আৰু সেউজীয়া দেখুৱাবলৈ কৰা এই অনৈতিক কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

মানুহৰ স্বাস্থ্যৰ সৈতে জড়িত এনে গুৰুতৰ বিষয়ক কেন্দ্ৰ কৰি বিভিন্ন দল-সংগঠন আৰু সচেতন নাগৰিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। লগতে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীও উত্থাপন হৈছিল।

ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়া আৰু জনমতক গুৰুত্ব দি অৱশেষত জিলা প্ৰশাসনে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। খাদ্য সামগ্ৰীত ভেজাল মিহলাই জনস্বাস্থ্য বিপদাপন্ন কৰা ব্যক্তিৰ বিৰুদ্ধে ভৱিষ্যতেও এনে অভিযান অব্যাহত থাকিব বুলি প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিয়ে।

ডিজিটেল ডেস্ক, ১০ জুন

You might also like