Alarming information : বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ব্যক্তিগতকৰণৰ ওপৰত প্রাধান্য দিয়াৰ পৰিপ্রেক্ষিতত বিগত ৫ বছৰত লক্ষাধিক কেন্দ্রীয় চৰকাৰৰ অধীনৰ সংস্থাৰ কর্মচাৰীয়ে সংস্থাপন হেৰুৱাইছে৷ এই উদ্বেগজনক তথ্য খোদ কেন্দ্রীয় চৰকাৰেই প্রকাশ কৰিছে৷
বর্ষাকালীন অধিৱেশনৰ লোকসভাত লিখিত প্রশ্ণৰ উত্তৰ দি সামাজিক ন্যায় বিচাৰ আৰু ক্ষমতাৰ ৰাজ্যিক মন্ত্রী বিএল বার্মাই ব্যক্তিগতকৰণৰ কুফলৰ তথ্য দাঙি ধৰে৷ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ আমোলত ব্যক্তিগতকৰণৰ বাবেই ৰে’লৰ পৰা বিমান, কয়লাৰ পৰা এলআইচি সকলোতে সংস্থাপন হেৰুৱাবলগীয়া হৈছে কর্মচাৰীয়ে৷
সেনাৰ অধীনত থকা সৈনিক স্কুলকো এই চৰকাৰে ব্যক্তিগতকৰণত প্রাধান্য দিয়া হৈছে৷ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, চমুকৈ পিপিপি (পাব্লিক প্রাইভেট পার্টনাৰশ্বিপ) মডেলত ইতিমধ্যে দেশৰ বহু সৈনিক স্কুল নির্মাণ কৰা হৈছে৷
সকলো ক্ষেত্রতে ব্যক্তিগতকৰণক প্রাধান্য দিয়াৰ ফলত ৰাজহুৱা খণ্ড তথা চৰকাৰৰ অধীনৰ প্রতিষ্ঠান আৰু সংস্থাত সংস্থাপন হেৰুৱাবলগীয়া হৈছে লক্ষাধিক কর্মচাৰীয়ে৷ ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণৰ দিশে আগবঢ়াই নিয়া কেন্দ্রীয় চৰকাৰৰ কুফলত সেই প্রতিষ্ঠানসমূহৰ কর্মচাৰীৰ ওপৰত অতিৰিক্ত কামৰ বোজা দিয়াৰ লগতে অনাহকত চাটাই কৰা পৰিস্থিতিৰো সৃষ্টি হৈছে৷
লোকসভাত দাখিল কৰা তথ্য অনুসৰি ২০১৯–২০ চনত কেন্দ্রৰ নিয়মীয়া কর্মচাৰীৰ সংখ্যা আছিল ৯.২ লাখ৷ ২০২৩–২৪ত এই কর্মচাৰীৰ সংখ্যা ৮.১২লৈ হ্রাস পাইছে৷ অর্থাৎ ৫ বছৰৰ ভিতৰতে লক্ষাধিক কর্মচাৰীয়ে চাকৰি হেৰুৱাবলগীয়া হৈছে৷
ঠিক তেনেদৰে অনগ্রসৰ শ্রেণীৰ চাকৰিৰ সংখ্যাও ২.১৩ লাখৰ পৰা ১.৯৯ লাখলৈ অৱনমিত হৈছে৷ উল্লেখ্য যে কেৰালাৰ চিপিএম সাংসদ সচিতানন্থমৰ প্রশ্ণৰ উত্তৰত মন্ত্রী বার্মাই এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে৷ তাৎপর্যপূর্ণ যে কেন্দ্রীয় চৰকাৰৰ অধীনত থকা ৰাজহুৱা প্রতিষ্ঠান তথা সংস্থাত ব্যক্তিগতকৰণৰ কুপ্রভাৱ পৰিব বুলি বিশেষজ্ঞৰ পৰা বিৰোধী ৰাজনৈতিক দলে সকীয়াই দিয়াৰ লগতে বিৰোধ কৰি আহিছে যদিও দিল্লীৰ কেন্দ্রীয় চৰকাৰে এইক্ষেত্রত বিশেষ গুৰুত্ব নিদি পিপিপি আর্হিক প্রাধান্য দিয়াত দেশত চৰকাৰী কর্মচাৰীয়ে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷
Niyomiya Barta Desk, 24 August