Ro-Ko Retire : অৱসৰৰ পৰিকল্পনা নাই ৰোহিত–বিৰাটৰ
Ro-Ko Retire : বিগত কিছুদিন ধৰি টীম ইণ্ডিয়াৰ দুই ছুপাৰ ষ্টাৰ ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে এদিনীয়া ক্রিকেটৰ পৰাও অৱসৰ লোৱাৰ পৰিকল্পনা কৰা বুলি জল্পনা–কল্পনা চলি আছে৷ এই সন্দর্ভত বিচিচিআইৰ এগৰাকী শীর্ষ বিষয়াই গুৰুত্বপূর্ণ মন্তব্য কৰি সকলো জল্পনা–কল্পনাৰ একপ্রকাৰে যতি প্রদান কৰিছে৷
কোহলি–ৰোহিতে এতিয়াও অৱসৰৰ পৰিকল্পনা কৰা নাই বুলি বিচিচিআইৰ উপ–সভাপতি ৰাজীৱ শুক্লাই মন্তব্য কৰিছে৷ এক টক শ্ব’ত ৰাজীৱ শুক্লাই কোহলি আৰু ৰোহিতৰ এদিনীয়া ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ আলোচনাক সম্পূর্ণৰূপে খাৰিজ কৰে৷ দুয়োগৰাকী তাৰকাই এদিনীয়া ক্রিকেট খেলি থাকিব বুলি তেওঁ লগতে স্পষ্ট কৰি দিয়ে৷
তেণ্ডুলকাৰৰ দৰে বিৰাট কোহলি আৰু ৰোহিত শর্মাই বিদায় পাব নেকি বুলি সোধা এক প্রশ্ণোত্তৰত ব’ৰ্ডৰ উপ–সভাপতিগৰাকীয়ে কয় যে যি সময়ত দুয়োগৰাকী খেলুৱৈয়ে এতিয়াও এদিনীয়া খেলি আছে, তেওঁলোকক লৈ মানুহ কিয় ইমান চিন্তিত হৈছে বুলিহে ওলোটাই প্রশ্ন কৰে৷ তেওঁ লগতে কয় যে বিচিচিআয়ে কেতিয়াও কোনো খেলুৱৈক অৱসৰ ল’বলৈ কোৱা নাই৷ এই সিদ্ধান্ত তেওঁলোকে নিজাকৈ ল’ব লাগিব৷
ৰাজীৱ শুক্লাই কোহলি এতিয়াও অন্যতম ফিট খেলুৱৈ আৰু ৰোহিত শর্মা এজন উৎকৃষ্ট এদিনীয়া খেলুৱৈ বুলি মত প্রকাশ কৰে৷ উল্লেখ্য যে দীর্ঘসময় ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা বিৰাট কোহলি আৰু ৰোহিত শর্মাই ১৯–২৫ অক্টোবৰলৈ অষ্ট্রেলিয়াৰে খেলিবলগীয়া এদিনীয়া শৃংখলাত প্রত্যাৱর্তন ঘটাব৷
Niyomiya Barta Desk, 24 August