নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল পৰিস্থিতিত কেন্দ্রীয় চৰকাৰ অসমবাসীৰ লগত আছে: প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি টেলিফোনযোগে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে বার্তালাপ কৰি ৰাজ্যখনৰ শেহতীয়া বান, গৰাখহনীয়া, ক’ভিড–১৯ আৰু বাঘজানৰ পৰিস্থিতিৰ বিষয়ে বুজ লয়৷ টেলিফোনযোগে বার্তালাপৰ সময়ত প্রধানমন্ত্রী মোদীয়ে এই দুর্যোগৰ সময়ত অসমবাসীৰ প্রতি সহমর্মিতা প্রকাশ কৰে৷ তেওঁ লগতে বানপীডিতৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপ তথা ক’ভিড–১৯ আক্রান্ত ৰোগীৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে বুজ লয়৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্যৰ সাম্প্রতিক বান পৰিস্থিতি যথেষ্ট উদ্বেগজনক৷ ৰাজ্যখনৰ ২৬খন জিলা বানৰ কবলত পৰিছে৷ উদ্ধাৰ, সাহায্য অভিযান, আশ্রয় শিবিৰকে ধৰি বানপীডিত লোকসকলৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ আশ্রয় শিবিৰসমূহত সামাজিক দূৰত্ব বজাই ৰাখি পর্যাপ্ত সাহায্য আৰু চিকিৎসা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে জিলা প্রশাসনসমূহে পদক্ষেপ গ্রহণ কৰিছে৷

ব্রহ্মপুত্রকে ধৰি বিভিন্ন উপনৈসমূহৰ গৰাখহনীয়াৰ ফলত বিস্তীর্ণ এলেকাৰ খেতিপথাৰ, আৱাস, অনুষ্ঠান–প্রতিষ্ঠান নৈৰ বুকুত জাহ যোৱাৰ কথাও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে কয় যে ইতিমধ্যে জিলা প্রশাসনসমূহক বান পৰিস্থিতিৰ ফলত হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হ’ব পৰাকৈ প্রস্তুত কৰি তোলা হৈছে৷ তেওঁ নিজেই বান আৰু গৰাখহনীয়া এলেকা পৰিদর্শন কৰি ক্ষয়ক্ষতি, সাহায্য ইত্যাদি সম্পর্কত বুজ লৈছে বুলিও প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ ক’ভিড–১৯ সৃষ্ট সংকটৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্যৰ স্বাস্থ্য বিভাগে প্রয়োজনীয় সকলোধৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷ টেষ্টৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ ভৱিষ্যতে ৰোগীৰ সংখ্যা অধিক বৃদ্ধি পালে এইক্ষেত্রত স্বাস্থ্য বিভাগে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলিও তেওঁ কয়৷ ৰাজ্যৰ সকলো উপায়ুক্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালককে ধৰি স্বাস্থ্যখণ্ডৰ লগত জডিত বিষয়া–কর্মচাৰী আৰু ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজি অহা প্রতিটো বিভাগৰ লগত সঘনে মত বিনিময় থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত্ ক’ভিড–১৯ ৰোগীৰ চিকিৎসা ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবেও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষক আৰু নার্ছৰ লগতো ভিডি’ কনফাৰেঞ্চযোগে তেওঁ মত বিনিময় কৰে৷

ৰাজ্যখনৰ কাৰাগাৰসমূহৰ বহু কয়দী ক’ভিড–১৯ পজিটিভ হিচাপে চিহ্ণিত হৈছে আৰু এইক্ষেত্রত ৰাজ্য চৰকাৰে চিকিৎসা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰাজিৰ বিষয়েও তেওঁ প্রধানমন্ত্রীক অৱগত কৰে৷ বাঘজানৰ পৰিস্থিতি সম্পর্কত মুখ্যমন্ত্রী সোণোৱালে কয় যে কেন্দ্রীয় তেল আৰু প্রাকৃতিক গেছ মন্ত্রালয়ে অগ্ণি নির্বাপণৰ বাবে সকলোধৰণৰ প্রয়াস অব্যাহত ৰাখিছে আৰু এইক্ষেত্রত ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্রয়োজনীয় সহযোগিতা আগবঢ়াই আছে৷ প্রধানমন্ত্রী মোদীয়ে কয় যে ৰাজ্যখনৰ বান, গৰাখহনীয়া, ক’ভিড–১৯ আৰু বাঘজানৰ পৰিস্থিতি কেন্দ্রীয় চৰকাৰে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে৷ এই জটিল পৰিস্থিতিত কেন্দ্রীয় চৰকাৰ সকলো সময়তে অসমবাসীৰ সৈতে আছে৷ এই দুর্যোগৰ পৰা উদ্ধাৰ পোৱাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে সকলোধৰণৰ সহায়–সহযোগিতা আগবঢ়াব বুলিও প্রধানমন্ত্রী মোদীয়ে মন্তব্য কৰে৷

You might also like