নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লেক লিষ্টেড এপটেকে পাতিব জলসিঞ্চনৰ পৰীক্ষা

নিযুক্তিৰ নামত ৰাজ্যত পুনৰ ভয়ংকৰ কাণ্ড

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰ   অসমৰ লাখ লাখ নিবনুৱাৰ লগত চৰম বেপৰোৱা আচৰণ কৰিবলৈ লৈছে ৰাজ্য চৰকাৰখনে৷ আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি কেলেংকাৰিয়ে ৰাজ্য তোলপাৰ কৰি ৰখাৰ সময়তে চাকৰি প্রার্থী যুৱক–যুৱতীৰ ভৱিষ্যতক লৈ পুনৰ হেতালি খেলিবলৈ ওলাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে৷ এইবাৰ এটা ব্লেকলিষ্টেড প্রতিষ্ঠানৰ জৰিয়তে চৰকাৰে অনুষ্ঠিত কৰিব জলসিঞ্চন বিভাগৰ ২ শতাধিক পদৰ নিযুক্তি পৰীক্ষা৷ বিভাগটোৰ এই দায়িত্বজ্ঞানহীনতাই নিযুক্তিক লৈ আকৌ এবাৰ অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি কৰিছে৷ এমেইনটেক কনচালটেণ্ট, কেৰালা ইলেক্ট্রনিক, অক্ষয় টেলি কমিউনিকেচনৰ দৰে বদনামী প্রতিষ্ঠানে আৰক্ষী উপ–পৰিদর্শক পদৰ প্রার্থীসকলৰ মূৰত মাধমাৰ শোধোৱাৰ  পাছত ‘এপটেক’ নামৰ ব্লেকলিষ্টেড কোম্পানী এটাক জলসিঞ্চনৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব প্রদান কৰা হৈছে৷ এই কোম্পানীটোৱে বিভাগটোৰ ২ শতাধিক পদৰ পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে শিক্ষানুষ্ঠানসমূহ ‘বুক’ কৰাৰ প্রক্রিয়া এতিয়াৰ পৰাই আৰম্ভ কৰিছে৷

জানিব পৰা মতে, এপটেকে অহা ১১, ১৭ আৰু ১৮ অক্টোবৰৰ দিনকেইটাত ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ অনুমতিৰ বাবে আবেদন কৰিছে৷ কিন্তু জলসিঞ্চনৰ পৰীক্ষা পাতিবলৈ লোৱা এপটেক এনে এটা প্রতিষ্ঠান, যাক ইতিমধ্য উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰে ব্লেকলিষ্টেড ঘোষণা কৰিছে৷ খোদ মুম্বাইৰ প্রতিষ্ঠানটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত শাস্তিৰ সন্মুখীন হোৱাৰ কথা স্বীকাৰো কৰি লৈছে৷ ইয়াৰ আগতে এপটেকে সীমাহীন বেমেজালিৰ মাজেৰে অনুষ্ঠিত কৰা জলসিঞ্চনৰ শাখা সহায়ক পদৰ পৰীক্ষাৰ ফলাফল আজিপর্যন্ত ঘোষণা কৰা নাই৷ নিযুক্তিৰ বিষয়টো ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ সময়তে এপটেকক পুনৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া কার্য ৰহস্যজনক বিবেচিত হৈছে৷ উল্লেখ্য যে ২০১৯ চনৰ ডিচেম্বৰ মাহত জলসিঞ্চন বিভাগৰ ৬৪৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ পাইছিল৷ সেই অনুসৰি কেইবালাখ নিবনুৱাই এই পদসমূহৰ বিপৰীতে আবেদন কৰে৷ সচৰাচৰ হোৱাৰ দৰে জলসিঞ্চন বিভাগেও বহিৰাগত প্রতিষ্ঠান ‘এপটেক’কে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা প্রদান কৰে৷ এপটেকৰ সহযোগী হিচাপে আছিল অসমৰে ‘চিটী কনচালটেন্সী’ নামৰ আন এটা বিতর্কিত প্রতিষ্ঠান৷ অগপৰ এগৰাকী মন্ত্রীৰ ঘনিষ্ঠ হিচাপে পৰিচিত প্রসেনজিৎ খাউণ্ড হ’ল চিটী কনচালটেন্সীৰ স্বত্বাধিকাৰী৷ কিন্তু এপটেক বা চিটী কনচালটেন্সী কোনো এটা প্রতিষ্ঠানৰে এই বৃহৎসংখ্যক পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ আন্তঃগাঁথনি নাই৷ তাৰ পাছতো এপটেক আৰু চিটী কনচালটেন্সীকে জলসিঞ্চন ৬৪৩টা পদৰ নিযুক্তিৰ ঠিকা দিয়া হ’ল৷ ঠিকা লাভৰ পাছতো চলিত বছৰৰ ২ ফেব্রুৱাৰীত এপটেক আৰু চিটী কনচালটেন্সীয়ে প্রথম পর্যায়ত শাখা সহায়কৰ ৩৯৭টা পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰে৷ এই পৰীক্ষাতো বহু বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷ পৰীক্ষা চলি থকাৰ সময়তে ৰাজ্যৰ চৌদিশে প্রশ্ণকাকত ভাইৰেল হৈ পৰে৷ বিভিন্ন কেন্দ্রত পৰীক্ষার্থীসকলে মুকলিকৈ ম’বাইল ফোন ব্যৱহাৰ কৰি পৰীক্ষাত অৱতীর্ণ হয়৷ তদুপৰি এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে ভংগ কৰিছিল সেৱা বিধি৷ তৃতীয় আৰু চতুর্থবর্গৰ পৰীক্ষাৰ ক্ষেত্রত জিলা পর্যায়ত বাছনি সমিতি গঠন কৰি সাক্ষাৎকাৰ অনুষ্ঠিত কৰাটো নিয়ম যদিও জলসিঞ্চন বিভাগে শেহতীয়া নিযুক্তিৰ ক্ষেত্রত এই বিধি সম্পূর্ণৰূপে জলাঞ্জলি দিয়ে৷ একমাত্র বিভাগটোৰ মুৰব্বীয়ে ঠিকাদাৰী প্রতিষ্ঠানৰ জৰিয়তে চাকৰিৰ নামত ধন সংগ্রহৰ স্বার্থতে নিযুক্তি প্রক্রিয়াটো কেন্দ্রীভূত কৰি ৰাখে৷ সেই সময়ত শাখ সহায়কৰ পদৰ বাবে দালাল চক্রই ৮–৯ লাখ টকাকৈ ধন সংগ্রহ কৰাৰো অভিযোগ উত্থাপন হৈছিল৷ তাৰ মাজতে জলসিঞ্চন বিভাগৰ ৩৯৭টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যায়৷

পৰীক্ষাত সংঘটিত অনিয়ম–দুর্নীতিৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হয় একাংশ প্রার্থী৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে দাখিল কৰা লেখ আবেদনৰ শুনানিৰ সময়তে নিযুক্তি পৰীক্ষা আৰু এপটেক সংক্রান্তীয় অনেক বেমেজালি পোহৰলৈ আহে৷ ন্যায়ালয়ত এপটেকে নিজে স্বীকাৰ কৰি লয় যে উত্তৰ প্রদেশৰ শক্তি বিভাগৰ বাছনি প্রক্রিয়াত সংঘটিত অনিয়মৰ বাবে তেওঁলোকক ব্লেকলিষ্টেড ঘোষণা কৰা হৈছিল৷ আনহাতে, ব্লেকলিষ্টেড কৰা প্রক্রিয়াৰ সকলো নথিপত্র অধ্যয়ন কৰিহে এপটেকক ঠিকা দিয়া হৈছিল বুলি জলসিঞ্চন বিভাগে দাখিল কৰা শপতনামাখনো ভুৱা বুলি ন্যায়ালয়ৰ মজিয়াত প্রমাণ হয়৷ প্রণিধানযোগ্য যে ২০১৮ চনৰ মার্চ মাহত এপটেক নামৰ প্রতিষ্ঠানটোৱে উত্তৰ প্রদেশ পাৱাৰ কর্প’ৰেচন লিমিটেডৰ ২,৮৪৯টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ কিন্তু পৰীক্ষাৰ পূর্বে প্রশ্ণকাকত ফাদিল হোৱাত কেৱল পৰীক্ষা বাতিল কৰাই নহয়, উত্তৰ প্রদেশ চৰকাৰে এপটেককে নিষিদ্ধ ঘোষণা কৰে৷ এই দাগী প্রতিষ্ঠানটোৱে এইবাৰ আকৌ অসমত জলসিঞ্চন বিভাগৰ ৬৪৩টা পদৰ নিযুক্তি পৰীক্ষাৰ ঠিকা লাভ কৰে৷ প্রথম পর্যায়ত ৩৯৭টা পদৰ বাবে পৰীক্ষাও অনুষ্ঠিত হৈ যায়৷ অথচ নিযুক্তি প্রক্রিয়া ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা বাবে আজিও ফলাফল ঘোষণা কৰিব পৰা হোৱা নাই৷ কিন্তু বিভাগটোৰ সূত্রৰ খবৰ অনুসৰি, এই পদসমূহৰ নির্বাচিত প্রার্থীৰ তালিকাখন মন্ত্রীৰ ইচ্ছা অনুসৰি আগতীয়াকৈ প্রস্তুত কৰি ৰখা হৈছে৷ ন্যায়ালয়ৰ সেউজ সংকেতলৈ অপেক্ষা কৰি আছে মন্ত্রী ভবেশ কলিতাই৷ কিন্তু এছ আই নিযুক্তি কেলেংকাৰিয়ে আন আন ঠিকাদাৰী প্রতিষ্ঠানৰ লগতে এপটেক আৰু চিটী কনচালটেন্সীকো সন্দেহৰ আওতালৈ টানি আনে৷ তাতেই এপটেক হ’ল এটা ব্লেকলিষ্টেড কোম্পানী৷ এতিয়া এই কোম্পানীটোকে জলসিঞ্চনৰ বাকী থকা ২৪৬টা পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে অনুমতি প্রদান কৰা হৈছে৷ এই পদসমূহৰ ভিতৰত আছে ছাব অর্ডিনেট ইঞ্জিনীয়াৰ (চিভিল)ৰ ২১টা, ছাব অর্ডিনেট ইঞ্জিনীয়াৰ (মেকানিকেল)ৰ ১টা, কনিষ্ঠ সহায়ক (মুখ্য কার্যালয়ৰ)ৰ ২৩টা, কনিষ্ঠ সহায়ক (জিলা পর্যায়)ৰ ১৫৯টা, পাৱাৰ পাম্প অপাৰেটৰৰ ৪১টা আৰু প্রাইমাৰী ইনভেষ্টিগেটৰৰ ১টা পদ৷ এপটেক নামৰ ব্লেকলিষ্টেড প্রতিষ্ঠানটোৱে অহা ১১, ১৭ আৰু ১৮ অক্টোবৰত এই পদসমূহৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ যো–জা চলাইছে৷ এই ব্লেকলিষ্টেড কোম্পানীটোক নিযুক্তিৰ ঠিকা দি নিবনুৱাসকলৰ বিৰুদ্ধে জলসিঞ্চন বিভাগ ভয়ংকৰ অভিসন্ধিত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, নিযুক্তি পৰীক্ষাৰ আগে আগে এপটেকৰ সহযোগী হিচাপে থকা চিটী কনচালটেন্সীৰ স্বত্বাধিকাৰী প্রসেনজিৎ খাউণ্ডো বিশেষভাৱে তৎপৰ হৈ উঠিছে৷ তেওঁৰ প্রকৃত উদ্দেশ্য কি, তাক বহলাই ব্যাখ্যা কৰাৰ প্রয়োজন নাই৷ কিন্তু এছ আই নিযুক্তি কেলেংকাৰিৰ পৰা শিক্ষা নলৈ চৰকাৰে এটা ব্লেকলিষ্টেড কোম্পানীৰ হাতত লক্ষ লক্ষ নিবনুৱাৰ ভৱিষ্যৎ গতাই দিয়াৰ হঠকাৰী সিদ্ধান্তক যে চাকৰিপ্রত্যাশীসকলে সহজভাৱে নল’ব, সেয়া নিশ্চিত৷

You might also like