নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫০ কোটি টকাকৈ ব্যয়েৰে অসমত নির্মাণ হৈছে ১০ কর্কট চিকিৎসালয়

উত্তৰ–পূবৰ কর্কট ৰোগীৰ বাবে সুখবৰ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ অসমৰ স্বাস্থ্য খণ্ডত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক ব্যাপক পৰিৱর্তনেৰে আলোডনৰ সৃষ্টি কৰিছে৷ তাৰেই অংশ হিচাপে শেহতীয়াকৈ সমগ্র উত্তৰ–পূব ৰাজ্যৰ কর্কট ৰোগীসকলৰ বাবে আহিছে এক ইতিবাচক সুখবৰ৷ এতিয়াৰে পৰা আৰু উত্তৰ–পূবৰ ৰাজ্যৰ কর্কট ৰোগীসকলে নিজ গাঁঠিৰ ধন ভাঙি চিকিৎসাৰ বাবে দিল্লী–মুম্বাইলৈ যাব নালাগে৷ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনে অসমৰ গুৱাহাটী, ডিব্রুগড়, বৰপেটা তেজপুৰ, লখিমপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ, শিলচৰ আৰু ডিফুত ১০খন অত্যাধুনিক কর্কট ৰোগ কেন্দ্র বা চিকিৎসালয় নির্মাণ কৰি আছে৷ চলিত বছৰৰ শেষ ভাগত এই চিকিৎসালয় সম্পূর্ণ হোৱাৰ কথা৷ এই সকলো চিকিৎসালয় দেশৰ আগশাৰীৰ বহুজাতিক প্রতিষ্ঠান লার্চেন এণ্ড টুব্রো লিঃৰ দ্বাৰা নির্মাণ কৰি থকা হৈছে৷

প্রথম পর্যায়ত ডিব্রুগড়, লখিমপুৰ আৰু যোৰহাটৰ কর্কট প্রতিষ্ঠানকেইখন চলিত বর্ষৰ শেষত নির্মাণ সম্পূর্ণ হোৱাৰ কথা আছে৷ ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদৰ চতুর্থ শ্রেণীৰ কলনীৰ সমীপত প্রায় ২,৪২,৩৯৫ বর্গফুট মাটিকালিত ১৪৫৩ ষ্টোন কলমত নির্মীয়মাণ, এই চিকিৎসালয় গ্রাউণ্ড ফ্ল’ৰকে সামৰি ৬ মহলাযুক্ত হ’ব৷ মুঠ ৬খন লিফ্টৰ ৪খন ৰোগীৰ আহ–যাহৰ বাবে ব্যৱহূত হোৱাৰ বিপৰীতে আন দুখনত ১৬জনকৈ সাধাৰণ মানুহ অহা–যোৱাৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ মুঠ ৬৩টা বিল্ডিং কলামৰ ওপৰত নির্মাণ কৰা এই চিকিৎসালয়খন প্রায় ৮ ৰিখটাৰ স্কেলৰ ভূমিকম্প প্রতিৰোধ ক্ষমতাৰ লগতে এন ডি এম এ নির্দেশনা অনুসৰণ কৰি অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি ডিজাইন আৰু নির্মাণ কৰা বুলি কোম্পানীৰ অভিযন্তাই জানিবলৈ দিয়ে৷ প্রথমবাৰৰ বাবে বেচ আইচলেটৰ ব্যৱহাৰৰ জৰিয়তে সম্পূর্ণ ভৱন সুৰক্ষিত কৰি ডিব্রুগডৰ এই কর্কট প্রতিষ্ঠানত কর্কট ৰোগীৰ চিকিৎসাৰ বাবে লিনিয়েৰ এক্সিলেটৰ যন্ত্রৰ লগতে অনান্য আধুনিক চিকিৎসা সুবিধা যেনে– পেলিয়েটিভ কেয়াৰ ইউনিট, কেমোথেৰাপী আৰু ৰেডিয়েচন থেৰাপী উপলব্ধ হ’ব৷

পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা আৰু বিহাৰৰ পৰা বৃহৎসংখ্যক দক্ষ অভিযন্তা তথা কর্মী একত্রিত কৰি ১৫০ কোটি টকীয়া এই বৃহৎ প্রকল্পটোৰ নির্মাণৰ কামত ৫০০ শ্রমিক দিনে–নিশাই ব্যস্ত হৈ পৰিছে৷ লগতে স্থানীয় আৰু বাহিৰা শ্রমিকৰ দক্ষতা বৃদ্ধিৰ বাবে এটা দক্ষতা বিকাশ কেন্দ্রও বহুজাতিক কোম্পানীটোৱে স্থাপন কৰিছে৷দক্ষতা বিকাশ কেন্দ্রৰ জৰিয়তে প্রশিক্ষিত হোৱা যুৱকসকলে ভৱিষ্যতৰ দিনত তেওঁবিলাকৰ কর্মসংস্থাপনেৰে জীৱন আৰু জীৱিকাৰ বাট মুকলি কৰিব বুলি আশা কৰা হৈছে৷ ডিব্রুগড়ৰ ১৮২খন বিছনাযুক্ত এই কর্কট ৰোগ চিকিৎসা কেন্দ্রত গৱেষণাৰ লগতে চিকিৎসা আৰু ৰোগ নির্ণয় সেৱা প্রদান কৰা ৰেফাৰেল প্রতিষ্ঠান হোৱাৰ আশা কৰা হৈছে৷ অসম চৰকাৰ আৰু টাটা ড্রাষ্টৰ অলাভজনক যুটীয়া উদ্যোগ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনে অসমত তিনি স্তৰৰ কর্কট ৰোগ যত্নৰ গ্রিড সৃৃষ্টি কৰি অসমৰ ৫০ শতাংশ কর্কট ৰোগীক উপকৃত কৰিব বুলি আশা কৰা হৈছে৷

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ সঞ্জীৱন কাকতিয়ে জানিবলৈ দি কয় যে এনে এখন কর্কট চিকিৎসালয় কেৱল ডিব্রুগডৰ নহয়, ইয়াৰ পার্শ্বৱর্তী ৰাজ্য অৰুণাচল, নাগালেণ্ড, মণিপুৰৰ ৰোগীও উপকৃত কৰিব৷ চিকিৎসা ব্যয়ৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ স’তে টাটাৰ ইতিমধ্যে বুজাবুজি চুক্তি সম্পন্ন হৈ গৈছে৷ সেয়ে বিশেষ ব্যয়বহুল নহ’ব বুলি অধ্যক্ষ ডাঃ কাকতিয়ে সদৰী কৰে৷ ডিব্রুগডৰ চিকিৎসালয়ৰ লগতে অন্যান্য পাঁচখন কর্কট চিকিৎসালয় অহা বছৰৰ আৰম্ভণিতে কার্যক্ষম হোৱাৰ সম্ভাৱনা আছে৷ অসমত কর্কট চিকিৎসালয়ৰ এই নেটৱর্ক মুকলি কৰাৰ পিছত ৰোগীসকলৰ বাবে কর্কট ৰোগৰ যত্নৰ সুবিধা যথেষ্ট বৃদ্ধি পাব৷ কর্কট চিকিৎসালয়ৰ এই নেটৱর্কে অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলৰ বাবে ভ্রমণৰ দূৰত্ব আৰু সময় ৰাহি কৰাৰ উপৰি ব্যয়ৰ বহু পৰিমাণে হ্রাসে ৰোগীসকলক উপকৃত কৰিব৷ স্বাভাৱিকতেই এনে প্রকল্পই সকলোলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷

You might also like