নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰ বন্দৱস্তি প্রাধিকাৰীৰ কার্যালয়ত দালালৰাজ; ১২ বজালৈ কার্যালয়লৈ নাহে কর্মচাৰী

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ:  চন্দ্রপুৰ ৰাজহ চক্রৰ অধীনস্থ হাজোংবড়িস্থিত বন্দৱস্তি প্রাধিকাৰীৰ কার্যালয়ত দীর্ঘদিন ধৰি দালালৰাজ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে ৰাজহ চক্রৰ কার্যালয়ত দালাল চক্রক উৎখাত কৰিবলৈ চক্র বিষয়াসকলক নির্দেশ দিছে৷ কিন্তু মুখ্যমন্ত্রীৰ নির্দেশক অংগুষ্ঠ প্রদর্শন কৰি চন্দ্রপুৰৰ বন্দৱস্তি প্রাধিকাৰী কার্যালয়ত কর্মৰত একাংশ কর্মচাৰীয়ে দীর্ঘদিন ধৰি দালালৰাজ চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি কার্যালয়টোত কর্মৰত মণ্ডল কার্যালয় সহায়কক উৎকোচ নিদিলে আবেদনকাৰীয়ে লাভ নকৰে নামজাৰিৰ নথি–পত্র৷ চন্দ্রপুৰ বন্দৱস্তি প্রাধিকাৰীৰ কার্যালয়ত চলি থকা দালালৰাজৰ সমান্তৰালকৈ কর্মচাৰীসকলে নিজৰ খেয়াল–খুচি মতেহে কার্যালয়লৈ অহা–যোৱা কৰে৷ পুৱা ৯.৩০ বজাত চৰকাৰী কার্যালয় খোলা হয় যদিও দিনৰ ১২ বজালৈকে চন্দ্রপুৰ বন্দৱস্তি প্রাধিকাৰীৰ কার্যালয়লৈ কর্মচাৰীসকল নাহে৷ ফলত বিভিন্ন কামত উক্ত কার্যালয়টোলৈ অহা–যোৱাসকলে ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়৷ তদুপৰি কার্যালয়টোত কর্মৰত একাংশ অসাধু কর্মচাৰীক উৎকোচ নিদিলে নামজাৰিৰ নথি–পত্র লাভ নকৰে আবেদনকাৰীসকলে৷

চন্দ্রপুৰৰ হাজোংবড়িস্থিত বন্দৱস্তি প্রাধিকাৰীৰ কার্যালয়ত জিতেন দাস আৰু মৃগেন দেউৰী নামৰ দুগৰাকী লাটমণ্ডল, অনিল চক্রৱর্তী নামৰ এগৰাকী উচ্চবর্গৰ কার্যালয় সহায়ককে ধৰি বহুকেইগৰাকী কর্মচাৰী আছে৷ কিন্তু লাটমণ্ডল দুগৰাকীয়ে ফ্লিডৰ কামৰ বাহিৰত থকাৰ অজুহাতত কার্যালয়লৈ নাহে বুলি অভিযোগ আছে৷ তদুপৰি উচ্চ বর্গৰ সহায়কৰ দায়িত্ব থকা অনিল চক্রৱর্তীও সময়মতে কার্যালয়লৈ নহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীসকলে৷

চন্দ্রপুৰ বন্দৱস্তি প্রাধিকাৰীৰ কার্যালয়ত চলি থকা অৰাজকতাৰ বাবে ৰাজহ চক্রটোৰ অধীনস্থ লোকসকলে নামজাৰিৰ নথি–পত্র লাভ কৰাৰ বাবে কার্যালয়টোলৈ বছৰৰ পাছত বছৰ ধৰি অহা–যোৱা কৰিবলগীয়া হৈছে৷ চন্দ্রপুৰ বন্দৱস্তিপ্রাধিকাৰীৰ্ কার্যালয়ত চলি থকা অৰাজকতা আৰু দালালৰাজ বন্ধ কৰাৰ বাবে নৱনিযুক্ত ৰাজহ চক্র বিষয়াগৰাকীয়ে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like