ডিজিটেল ডেস্ক, ৫ এপ্রিল : নতুন সীমাৰে, নতুন ৰাজনৈতিক সমীকৰণেৰে গঠন হ’ব বিধানসভা–লোকসভা সমষ্টি৷ লোকপিয়লৰ পাছতে দেশজুৰি পুনৰ সমষ্টি নির্ধাৰণৰ আৰম্ভ হ’ব প্রক্রিয়া৷ দেশৰ লগতে ৰাজ্যতো বিধানসভা সমষ্টি বৃদ্ধিৰ কথা শনিবাৰে আগতীয়াকৈ ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
নির্বাচনী প্রচাৰ অভিযানৰ মাজতে শনিবাৰে নাজিৰাত মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা– অসমত বিধানসভা সমষ্টিৰ সংখ্যা ৬৩টা বৃদ্ধি হ’ব৷ উল্লেখ্য যে ১৬ এপ্রিলত লোকসভাত উত্থাপন হ’ব এক ঐতিহাসিক বিধেয়ক৷ এই বিধেয়কৰ জৰিয়তে লোকসভা আৰু বিধানসভাত এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব৷ লক্ষণীয়ভাৱে অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ পৰা বৃদ্ধি হৈ ১৮৯টা হোৱাৰ বিপৰীতে লোকসভা সমষ্টি ১৪টাৰ পৰা ২১টালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷
মন কৰিবলগীয়া যে শেহতীয়াকৈ সমষ্টি পুনৰ নির্ধাৰণৰ পাছত অসমত অনুষ্ঠিত বিধানসভা নির্বাচনত সলনি হৈছে ৰাজনৈতিক সমীকৰণ তথা সমষ্টিৰ সীমা৷ এনে নতুন সীমাৰে নতুন সমষ্টিত ৰাজনৈতিক নেতাসকল ভোটযুদ্ধত নামি পৰাৰ সময়তে আন এক নতুন খবৰে ৰাজ্যত সৃষ্টি কৰিছে ব্যাপক চর্চা৷ ২০২৯ চনত দেশজুৰি হ’ব সমষ্টি পুনৰ নির্ধাৰণ৷ এই প্রক্রিয়া সম্পন্ন হ’লে দেশৰ প্রতিখন ৰাজ্যতে ৫০ শতাংশলৈ বাঢ়িব পাৰে বিধানসভা–লোকসভা আসন৷ ইতিমধ্যে ১ এপ্রিলৰ পৰা সমগ্র দেশত আৰম্ভ হৈছে লোকপিয়ল৷ এই প্রক্রিয়া ছেপ্টেম্বৰত সমাপ্ত হ’ব৷
সেই অনুসৰি দেশত প্রথমবাৰৰ বাবে হোৱা জাতিগত লোকপিয়ল ২০২৭ চনৰ প্রথমভাগতে প্রকাশ পোৱাৰ সম্ভাৱনা আছে৷ লোকপিয়ল প্রকাশৰ লগে লগে দেশজুৰি সমষ্টি পুনৰ নির্ধাৰণ অধিসূচনা জাৰি হ’ব৷ এই সমষ্টি পুনৰ নির্ধাৰণেৰে লোকসভাৰ বর্তমানৰ আসনৰ সংখ্যাৰ লগত যোগ হ’ব ২৭৩খন আসন৷ ইয়াৰ ফলত দেশত লোকসভাৰ আসন ৫৪৩ৰ পৰা ৮১৬খনলৈ বৃদ্ধি হ’ব৷ উল্লেখ্য যে সমষ্টি পুনৰ নির্ধাৰণ তথা বিধানসভা-লোকসভা সমষ্টি বৃদ্ধিৰ বাবে প্রয়োজন হ’ব সংবিধান সংশোধনৰ৷ এই উদ্দেশ্যে ১৬ এপ্রিলত লোকসভাত উত্থাপন হ’ব সংবিধান সংশোধনী বিধেয়ক৷ এই বিধেয়কৰ জৰিয়তে লোকসভা আৰু বিধানসভাত এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব৷ ইয়াৰ ফলত বিধানসভা আৰু লোকসভাত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব৷ ফলত লোকসভাত মহিলা প্রতিনিধিৰ সংখ্যা ২৬৯লৈ বৃদ্ধি হ’ব৷
শনিবাৰে এই প্রসংগতে নাজিৰাত মুখ্যমন্ত্রীয়ে নির্বাচনী সভাত কয়– এইবাৰ অসমত বিধানসভাৰ আসনৰ সংখ্যা ৬৩টা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ শেহতীয়াকৈ সমষ্টি পুনৰ নির্ধাৰণত বিলুপ্ত হোৱা আমগুৰি সমষ্টি পুনৰ বাহাল ৰাখিবলৈ চেষ্টা কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে শনিবাৰে দিয়া ইংগিতৰ পাছতে কার্যতঃ ৰাজ্যত বিধানসভা সমষ্টি বৃদ্ধিৰ প্রসংগই যথেষ্ট চর্চাৰ সৃষ্টি কৰিছে৷ সমষ্টি পুনৰ নির্ধাৰণ, মহিলাৰ বাবে সমষ্টি সংৰক্ষণ আইন কার্যকৰী কৰি ২০২৯ত দেশত অনুষ্ঠিত হ’ব সাধাৰণ নির্বাচন৷ প্রায় ৪ দশকৰ অন্তত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ বৃদ্ধিৰ সম্ভাৱনাই স্বাভাৱিকতে ৰাজনৈতিক মহলতো সৃষ্টি কৰিছে ব্যাপক চর্চা আৰু উৎকণ্ঠাৰ৷ একে সময়তে মুখ্যমন্ত্রী ড০ শর্মাই কৰা ঘোষণাই ইতিমধ্যে বিলুপ্ত হোৱা বহু সমষ্টি পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনাকো স্পষ্ট কৰি তুলিছে৷