গুৱাহাটীত উপস্থিত মুম্বাই ইণ্ডিয়ানছ, দুপৰীয়া পাবহি ৰাজস্থান ৰয়েলছ
ডিজিটেল ডেস্ক, ৫ এপ্রিল : গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ৭ এপ্রিলত চলিত আইপিএলৰ এখন হাইভ’ল্টেজ মেচত ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ’ব৷ দুয়োটা দলে ঘৰুৱা মেচত আকর্ষণীয় জয়েৰে ছিজনৰ চমকপ্রদ অভিযান আৰম্ভ কৰিছে৷ আৰআৰ দলে গুৱাহাটীৰ প্রথম খেলত চিএছকেক বিধ্বস্ত কৰাৰ বিপৰীতে মুম্বাই দলে ৱাংখেড়েত কেকেআৰক দিশহাৰা কৰিছিল৷
ইতিমধ্য়ে মুম্বাই দলটো গুৱাহাটীত উপস্থিত হোৱাৰ বিপৰীতে আজি দুপৰীয়া ৰাজস্থান দলটো গুৱাহাটী পাবহি ৷ উল্লেখ্য যে প্রথমবাৰৰ বাবে গুৱাহাটীত খেলিব হিটমেন ৰোহিত শর্মাৰ নেতৃত্বত ইতিমধ্যে পাঁচবাৰ আইপিএলৰ খিতাপ জয় কৰা মুম্বাই ইণ্ডিয়ানছে৷ তাৰকাৰে ভৰপূৰ মুম্বাই দলৰ মেণ্টৰ ক্রিকেটৰ ভগৱান ভাৰতৰত্ন শচীন তেণ্ডুলকাৰ৷ সেয়ে মুম্বাই দলৰ আগমনক লৈ ইতিমধ্যে গুৱাহাটীৰ ক্রিকেটপ্ৰেমীৰ মাজত অপাৰ আনন্দ বিৰাজ কৰিছে৷
ইফালে, গুৱাহাটীৰ অভিষেক মেচতে বিস্ফোৰক বেটিং কৰা ভাৰতীয় ক্রিকেটৰ ধ্রুৱতৰা ৰাজস্থানৰ অ’পেনাৰ বৈভৱ সূর্যবংশীৰ হূদয়স্পর্শী আৰু এটা বিস্ময়কাৰী শ্ব’ এচিএ ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে অধীৰ অপেক্ষাত আছে ক্রিকেটপ্রেমী৷ মুম্বাইৰ বুমৰাহ, ট্ৰেণ্ট ব’ল্ট, হার্দিক, মিচেল ছাণ্টনাৰৰ দৰে বিশ্ব ক্রিকেটৰ অভিজ্ঞ তাৰকাৰ বিৰুদ্ধে ১৫ বছৰত ভৰি দিয়া বিস্ময়বালক সূর্যবংশীয়ে কি বৈভৱ পৰিস্ফূট কৰে, সেয়াই উপভোগ কৰিবলৈ ৭ এপ্রিলত বর্ষাপাৰালৈ যাব ৩৫ হাজাৰ দর্শক৷