নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত ১৪ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৯,৬৬,৮৪৭ ভোটাৰে

🔹 সমষ্টি পুনৰ নিৰ্ধাৰণে লাভান্বিত কৰিব নেকি ফণীভূষণক ?

নিয়মীয়া বাৰ্তা,  ৬ মে’ : দেশৰ অষ্টাদশ সংখ্যক লোকসভা নিৰ্বাচনৰ কাইলৈ হ’ব তৃতীয় পৰ্যায়ৰ ভোটদান৷ বিজেপি নেতা নৰেন্দ্ৰ মোদী একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হৈ অভিলেখ গঢ়িবলৈ সক্ষম হ’ব নে ইণ্ডি এলায়েন্সে শেষ হাঁহি মাৰিব, সেয়া গম পোৱা যাব অহা ৪ জুনত৷ তাৰ পূৰ্বে কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভোটদান প্ৰক্ৰিয়াৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৩নং বৰপেটা লোকসভা সমষ্টি৷ শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰলৈ অনুষ্ঠিতব্য নিৰ্বাচনত এইবেলি বৰপেটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ১৪গৰাকীকৈ প্ৰাৰ্থীয়ে৷ বিজেপি-অগপ মিত্ৰজোঁটৰ হৈ অগপ নেতা ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দীপ বায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, তৃণমূল কংগ্রেছৰ আবুল কালাম আজাদ, বিপিএফৰ চমেজ উদ্দিন, ৰাষ্ট্ৰীয় উলেমা পৰিষদৰ আবু বক্কৰ ছিদ্দিকী, আৰপিআইৰ (আঠেবালা) আমজাদ আলী, এছ ইউ চি আই চিৰ চিত্রলেখা দাস, ভি পি আইৰ ছাহজাহান আলী খান আৰু নির্দলীয় প্রার্থী ক্রমে দুলু আহমেদ, আইনল হক, জগন্নাথ ৰয়, দেৱান মহিবুল ইছলাম আৰু মতিয়ৰ ৰহমানে প্ৰাৰ্থিত্ব আগবঢ়োৱা বৰপেটা সমষ্টিত এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে জনগাঁথনিৰ ব্যাপক সাল-সলনি ঘটিছে৷ পূর্বতে সমষ্টিটোত সংখ্যালঘু ভোটাৰে আধিপত্য বিস্তাৰ কৰি অহাৰ ফলস্বৰূপে সমষ্টিটোত এতিয়ালৈকে নির্বাচিত হোৱা মুঠ ৯গৰাকী সাংসদৰ ভিতৰত ৬গৰাকীয়েই হ’ল সংখ্যালঘু সম্প্রদায়ৰ। এতিয়ালৈকে মাত্ৰ তিনিগৰাকী হিন্দু সম্প্রদায়ৰ সাংসদহে নির্বাচিত হোৱা সমষ্টিটোত ১৯৯৬ চনৰ পৰা নির্বাচিত হোৱা নাই এজনো হিন্দু সাংসদ। ইয়াৰ পূৰ্বে চিপিআইএমৰ উদ্ধৱ বর্মনে ১৯৯১ আৰু ১৯৯৬ চনত, ১৯৬২ চনত কংগ্রেছৰ ৰেণুকা দেৱী বৰকটকী আৰু ১৯৫২ চনত কংগ্রেছৰ বেলিৰাম দাসে হিন্দু সম্প্ৰদায়ৰ পৰা বৰপেটাৰ সাংসদ হিচাপে নির্বাচিত হৈছিল৷ সমীক্ষা অনুসৰি, মূলত: সংখ্যালঘু ভোটাৰৰ সমর্থন লৈয়ে কংগ্রেছ আৰু চিপিআইএমৰ এই তিনিওগৰাকী হিন্দু সাংসদে বৰপেটাত জয়ী হ’বলৈ সক্ষম হৈছিল। কিয়নো যোৱাটো লোকসভা নির্বাচনৰ সময়লৈকে বৰপেটা সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা আছিল ৫৫.২ শতাংশ। কিন্তু শেহতীয়াকৈ সমষ্টি পুনৰ নির্ধাৰণৰ পিছত এইবেলি বৰপেটা সমষ্টিত সংখ্যালঘু ভোটাৰ হ্রাস পাই হৈছেগৈ ৪০ শতাংশ। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত সমষ্টিটোত মুঠ সংখ্যালঘু ভোটাৰৰ সংখ্যা আছিল ৯,৩১,৩৪৩ গৰাকী। কিন্তু পূৰ্বৰ ৩টাকৈ সংখ্যালঘু বসতিপ্রধান বিধানসভা সমষ্টি ক্ৰমে জনিয়া, বাঘবৰ আৰু চেঙা এইবাৰ কর্তন কৰি বৰপেটা লোকসভা সমষ্টিত নতুনকৈ অন্তর্ভুক্ত কৰা হৈছে নলবাৰী আৰু কামৰূপ জিলাৰ তিনিটাকৈ হিন্দু ভোটাৰৰ আধিপত্য থকা সমষ্টি ক্ৰমে নলবাৰী, টিহু আৰু হাজো-শুৱালকুছি। এনে এক প্ৰেক্ষাপটতে এইবাৰ সমষ্টিটোত হিন্দু ভোটাৰসকল নিশ্চয়কৈ ফেক্টৰ হৈ পৰিব৷৷ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আছে ১০টা বিধানসভা সমষ্টি৷ বৰপেটা লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে- অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ-সৰভোগ, বৰপেটা (এছ চি), পাকাবেতবাৰী, বজালী, হাজো-শুৱালকুছি (এছ চি), বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু৷ সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত নতুন ভোটাৰ তালিকা অনুসৰি বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ‌ সংখ্যা ১৯,৬৬,৮৪৭ গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰ ৯,৯৫,৭৯৯ গৰাকী আৰু মহিলা ভোটাৰ ৯,৭১,০২১ গৰাকী আৰু তৃতীয় লিংগৰ‌ ভোটাৰ ২৭গৰাকী৷ পূৰ্বে সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১৬,৭৬,৮৫৪ গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰ ৮,৬৫,৩০০জন আৰু মহিলা ভোটাৰ ৮,১১,৫৩৮গৰাকী আছিল৷ আকৌ তৃতীয় লিংগৰ ভোটাৰ ১৬গৰাকী৷ অৰ্থাৎ বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৮৯,৯৯৩গৰাকী বৃদ্ধি পাইছে৷ আনহাতে, বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাসমূহৰ ভোটাৰৰ ৰূপৰেখা এনেধৰণৰ- নতুন ভোটাৰ তালিকা অনুযায়ী বৰপেটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৬৮৭১৭গৰাকীৰ ভিতৰত ৮৫০৯২গৰাকী পুৰুষ, ৮৩৬১৮গৰাকী মহিলা‌ আৰু তৃতীয় লিংগৰ‌ ৭গৰাকী৷ পাকা-বেতবাৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২৫৮৬৭২ গৰাকীৰ ভিতৰত ১৩৩৭৬৮ গৰাকী পুৰুষ আৰু ১২৪৮৯৯ গৰাকী মহিলা‌ ভোটাৰৰ বিপৰীতে তৃতীয় লিংগৰ‌ ভোটাৰ হ’ল ৫গৰাকী৷ বঙাইগাঁও বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৬৮৩৯২গৰাকীৰ ৮৩৪৫১গৰাকী পুৰুষ, ৮৪৯৩৯গৰাকী মহিলা‌ আৰু ২গৰাকী তৃতীয় লিংগৰ‌ ভোটাৰ৷ বজালী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৬৩০৭১গৰাকীৰ ভিতৰত ৮১৮২৬গৰাকী পুৰুষ আৰু ৮১২৪৫গৰাকী মহিলা‌ ভোটাৰ৷ ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২১১৪৪৭গৰাকীৰ ভিতৰত ১০৬৪৬১গৰাকী পুৰুষ, ১০৪৯৮৬গৰাকী মহিলা‌ আৰু ৫গৰাকী তৃতীয় লিংগৰ‌ ভোটাৰ৷ অভয়াপুৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৭৮৭৫৬গৰাকী। ইয়াৰে ৮৯০৯৯ গৰাকী পুৰুষ, ৮৯৬৫৫গৰাকী মহিলা‌ আৰু দুগৰাকী তৃতীয় লিংগৰ‌৷ টিহু বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২০১৭০১ গৰাকী৷ ইয়াৰে ১০৩৫২২ গৰাকী পুৰুষৰ বিপৰীতে ৯৮১৭৯ গৰাকী মহিলা‌ ভোটাৰ৷ হাজো-শুৱালকুছি বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৯০৫৮১ গৰাকী। ইয়াৰে ৯৫৩৮৯ গৰাকী পুৰুষ, ৯৫১৮৮ গৰাকী মহিলা‌ আৰু ৪ গৰাকী তৃতীয় লিংগৰ‌ ভোটাৰ। বৰক্ষেত্ৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২১৭০২৮ গৰাকী৷ ইয়াৰে ১১২০৩৯ গৰাকী পুৰুষ, ১০৪৯৮৮ গৰাকী মহিলা‌ আৰু এগৰাকী তৃতীয় লিংগৰ‌ ভোটাৰ৷ নলবাৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৯৫১০১গৰাকী। ইয়াৰে ৯৯৪৭১ গৰাকী পুৰুষৰ বিপৰীতে ৯৫৬৩০ গৰাকী মহিলা‌ ভোটাৰ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বর্তমান ৬০ শতাংশ হিন্দু ভোটাৰ আৰু ৪০ শতাংশ সংখ্যালঘু ভোটাৰেৰে পূৰ্ণ বৰপেটা লোকসভা সমষ্টিটো এইবাৰ বিজেপিয়ে মিত্রদল অগপক এৰি দিছে। সমষ্টিটোত মিত্রজোঁটৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ৮বাৰৰ বঙাইগাঁৱৰ অগপ বিধায়ক তথা প্রাক্তন মন্ত্রী ফণীভূষণ চৌধুৰীয়ে। অগপ প্রার্থী চৌধুৰীৰ হৈ ইতিমধ্যে দলীয় নেতৃত্বৰ উপৰি প্ৰচাৰ চলায় বিজেপি নেতৃত্বয়ো৷ আনকি খোদ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বৰপেটা লোকসভাৰ অন্তর্গত নলবাৰীলৈ আহি অগপ নেতাগৰাকীৰ হৈ চলায় প্রচাৰ। তদুপৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছৰে পৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায়ো বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্রার্থী ফণীভূষণ চৌধুৰীৰ হৈ কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিছে। ইয়াৰ বিপৰীতে বৰপেটা লোকসভা সমষ্টিত এইবাৰ পৃথকে পৃথকে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ইণ্ডি এলায়েন্সৰ কংগ্রেছ আৰু চিপিআইএম দলে। কংগ্রেছে প্রার্থিত্ব প্রদান কৰিছে সেৱা দলৰ ৰাজ্যিক সভাপতি তথা যুৱ নেতা দীপ বায়নক আৰু চিপিআইএমৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে৷ ফলত সমষ্টিটোৰ অগপ-বিজেপিবিৰোধী ভোট এই দুই প্রার্থীৰ মাজত বিভাজিত হোৱাৰ সম্ভাবনা অধিক। ইয়াৰ উপৰি সমষ্টিটোত বিপিএফ আৰু তৃণমূল কংগ্রেছেও পৃথকে পৃথকে প্ৰদান কৰিছে প্রার্থিত্ব৷ তৃণমূল কংগ্রেছৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ভৱানীপুৰ সমষ্টিৰ প্রাক্তন এ আই ইউ ডি এফ বিধায়ক আবুল কালাম আজাদে। আনহাতে, সমষ্টিটোত অসম জাতীয় পৰিষদৰ প্রাক্তন উপ- সভাপতি দুলু আহমেদেও নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ যাৰ ফলত সমষ্টিটোত বিজেপি মিত্রজোঁটবিৰোধী ভোটৰ এটা অংশ পৃথকে পৃথকে এওঁলোকেও লাভ কৰাৰ সম্ভাবনা নুই কৰিব নোৱাৰি৷ এনে এক প্ৰেক্ষাপটতে সমষ্টিটোত এইবাৰ বিৰোধীৰ ভোট বিভাজনৰ পূৰ্ণ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে বিজেপি মিত্রজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীৰ৷ উল্লেখ্য যে বৰপেটা লোকসভা সমষ্টিটো বর্তমানলৈ কংগ্রেছ দলে ১১বাৰ, চিপিআইএমে দুবাৰ আৰু এ আই ইউ ডি এফে এবাৰ দখল কৰিবলৈ সক্ষম হৈছে। সমষ্টিটোত সাংসদ হিচাপে ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি প্রয়াত ফখৰুদ্দিন আলী আহমেদে ১৯৬৭ আৰু ১৯৭১ চনত দুবাৰকৈ প্রতিনিধিত্ব কৰিছিল৷ তদুপৰি কংগ্রেছৰ প্রাক্তন সাংসদ প্রয়াত এ এফ গোলাম ওচমানিয়ে ১৯৯৮, ১৯৯৯ আৰু ২০০৪ চনত তিনিবাৰকৈ আৰু ২০১৯ চনত নির্বাচিত হয় জনিয়াৰ প্রাক্তন বিধায়ক তথা কংগ্রেছ নেতা আব্দুল খালেক। যোৱাটো নিৰ্বাচনত আব্দুল খালেকৰ হাতত ১৪০৩০৭টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল অগপ প্রার্থী কুমাৰ দীপক দাস। কংগ্রেছ প্রার্থী আব্দুল খালেকে ৬৪৫১৭৩টা ভোট লাভ কৰাৰ বিপৰীতে অগপ প্রার্থী কুমাৰ দীপক দাসে লাভ কৰিছিল ৫৪৮৬৬টা ভোট। আনহাতে, এ আই ইউ ডি এফ প্রার্থী ৰফিকুল ইছলামে লাভ কৰিছিল ২৪৮৬৬৭টা ভোট। স্মৰ্তব্য যে ২০১৪ চনৰ নির্বাচনতো এইবাৰৰ অগপ প্রার্থী ফণীভূষণ চৌধুৰীয়ে বৰপেটাত প্রতিদ্বন্দ্বিতা কৰি লাভ কৰিছিল মাথোঁ ৭৩৭৩৩টা ভোট। উক্ত নির্বাচনত অগপ প্রার্থীজন চতুর্থ স্থানত থকাৰ বিপৰীতে ৩১৪৭০২টা ভোট লাভ কৰি জয়ী হৈছিল এ আই ইউ ডি এফৰ প্রার্থী তথা বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজ উদ্দিন আজমল। আনহাতে বিজেপি প্রার্থী তথা বর্তমানৰ ৰাজ্যিক কেবিনেট মন্ত্রী, ধর্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্রমোহন পাটোৱাৰীয়ে ৩৫২৩৬১টা আৰু কংগ্রেছ প্রার্থী ইছমাইল হোছেইনে ২৭৭৮০২টা ভোট লাভ কৰিছিল।

প্ৰেৰক কল্যাণ কলিতা

You might also like