নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াৰ মন্ত্রীক নিশা দুর্বৃত্তৰ যৌন আতিশয্য

🔹 ব্রিটনি ল’গাৰ কাহিনীক লৈ বিশ্বজুৰি চর্চা : তদন্ত চলাইছে আৰক্ষীয়ে

বিশেষ বাৰ্তা, ৬ মে’ : নিজৰ দেশতেই নির্যাতনৰ বলি হ’বলগীয়া হ’ল অষ্ট্রেলিয়াৰ মন্ত্রী৷ নিশা নিজ সমষ্টিত ফুৰিবলৈ যোৱাৰ সময়তে যৌন আতিশয্যৰ বলি হয় অষ্ট্রেলিয়াৰ সহকাৰী স্বাস্থ্যমন্ত্রী ব্রিটনি ল’গা ৷ এই ঘটনাৰ পাছতে আতংকিত হৈ পৰিছে মন্ত্রীগৰাকী৷ মন্ত্রীগৰাকীয়ে আশংকা প্রকাশ কৰিছে যে এগৰাকী মন্ত্রীৰ সৈতে এনে ঘটনা সংঘটিত হ’লে সাধাৰণ মহিলাসকলৰ নিৰাপত্তা ক’ত? মাত্র কেইদিনমান পূর্বে নিজৰ সমষ্টি য়েপ্পুনলৈ গৈছিল মন্ত্রীগৰাকী৷ তেওঁৰ সৈতে অন্য কেইবাগৰাকীও মহিলা আছিল৷ সেই সময়তে ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হয় তেওঁ৷ মন্ত্রীগৰাকীক টানি নি দুর্বৃত্তই বলপূর্বকভাৱে নিচাযুক্ত দ্রব্য খুৱাই দিয়ে৷ তাৰ পাছতে যৌন আতিশয্য চলায় মন্ত্রীগৰাকীৰ ওপৰত৷ চেতনাহীন অৱস্থাত মন্ত্রীগৰাকীক ধর্ষণ কৰে দুর্বৃত্তৰ দলে৷ ইয়াৰ পাছতেই মন্ত্রীগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ আৰক্ষীয়ে প্রাথমিক তদন্তৰ পাছতে তেওঁৰ শৰীৰত ড্রাগছৰ উপস্থিতি ধৰা পেলায়৷ এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে বিশ্বৰ সংবাদ মাধ্যমত বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷

You might also like