বিশেষ বাৰ্তা, নগাঁও, ২০ ছেপ্টেম্বৰ : নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছৰে পৰা সমগ্ৰ নগাঁও জিলাত শোকৰ ধল বৈছে। জিলাখনৰ প্ৰতিটো অঞ্চলত অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
জিলাখনৰ বিভিন্ন অনুষ্ঠান, সংঘ, পুথিভঁৰাল, দল-সংগঠনে অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জিলাখনৰ শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে আজি অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰতিখন শিক্ষানুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শিক্ষক সমাজ, শিক্ষাৰ্থীসকলে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। সকলোবোৰ শিক্ষানুষ্ঠানত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে। নগাঁও বিশ্ববিদ্যালয়, এডিপি কলেজ, নগাঁও ছোৱালী কলেজ, নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়, কলিয়াবৰ কলেজ, কামপুৰ কলেজ, ৰহা কলেজ, ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়, মিছন স্কুল, বঢ়মপুৰ অন্ধ বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, বি জে জাতীয় বিদ্যালয় আদিকে ধৰি সকলো শিক্ষানুষ্ঠানত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগতো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী, প্ৰাক্তন সভাপতি থগিত মহন্ত, ৰতিমোহন নাথ, সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা আদিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে।
ইপিনে, নগাঁও প্ৰেছ ক্লাব, নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েচন, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ যুটীয়া উদ্যোগত নতুন বজাৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত জিলাখনৰ সাংবাদিক সমাজ, বিশিষ্ট নাগৰিক, বিভিন্ন অনুষ্ঠান, সংগঠন আদিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। নগাঁও চহৰত ই-ৰিক্সা চালকসকলেও আজি দুপৰীয়া এক বৃহৎ সমদল উলিয়ায়। দুই শতাধিক ই-ৰিক্সাচালকে নিজৰ ই-ৰিক্সাত জুবিন গাৰ্গৰ ফটো লগাই সমদল উলিয়াই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। নগাঁও পলিটেকনিকৰ শিক্ষাৰ্থীসকলেও এক সমদল উলিয়াই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়েও শ্বহীদ ভৱনৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত খৰে। বীণাপাণি বিহু সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাঁও জিলা সমিতি, নগাঁও কলা মন্দিৰ, নগাঁও বাঙালী সমাজ, সুৰৰ পানচৈ শিল্পী সমাজ আদিয়েও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। অসম চেম্বাৰ অৱ কমাৰ্চে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি নগাঁও জিলাত ব্যাপক সঁহাৰি জনায়। জিলাখনৰ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আজি বন্ধ থাকে।