উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়ৰ বিষয় শিক্ষক যদু কলিতাই। উক্ত উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণমণি নাথে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নিৰন শইকীয়াই ভাষণ প্ৰদান কৰে। উক্ত জিৰণি চ’ৰাৰ দাতা তথা জ্যেষ্ঠ শিক্ষক গজেন বৰাই তেওঁৰ পিতৃ-মাতৃৰ স্মৃতিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভালদৰে এটা জিৰণি চ’ৰা নিৰ্মাণ কৰি তেওঁৰ কৰ্মস্থলীলৈ দান হিচাপে আগবঢ়াই তেওঁৰ জীৱন সাৰ্থক হোৱা বুলি উল্লেখ কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে বিদ্যালয়ৰ অধ্যক্ষ অজিত সভাপণ্ডিতে।
উক্ত উদ্বোধনী অনুষ্ঠানত মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰাজেন বৰা, গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ গোস্বামী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰেণুমালা দত্ত, অৱসৰপ্ৰাপ্ত প্ৰবক্তা যামিনী বৰবৰা, ভবেন কাকতি, নীলমণি বৰা, শশী নাথ, বলো কলিতা, ৰঞ্জিত সেন, ভূপেন দত্ত, ৰবীন মুদৈ, বিশিষ্ট সমাজকৰ্মী বিপিন হাজৰিকা, দিলীপ ভূঞা, নকুল বৰা, দুলেন শইকীয়া, প্ৰণতি বৰা, দীনেশ পেগু, অতুল কলিতা আদিৰ লগতে শতাধিক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।