নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ জানুৱাৰী, মাঘ মাহৰ ৭ তাৰিখ
বুধবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই

মেষ : যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হাতলৈ ধন আগমনৰ সম্ভাৱনা আছে৷

বৃষ : কর্মক্ষেত্রৰ সূত্রে বিদেশ যাত্রাৰ যোগ আছে৷ পুৱা– গধূলি শিৱৰ জপ কৰক৷ ৰঙা বস্ত্র পৰিধান কৰিব৷

মিথুন : দিনটো শুভ৷ নতুন সংবাদ পাব পাৰে৷ যাত্রা কৰিলে দুপৰীয়া ২২টাৰ পিছত কৰক৷

কর্কট : অর্থ প্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন হ’ব পাৰে৷ শিক্ষার্থীৰ ক্ষেত্রত অলপ সতর্ক থাকক৷

সিংহ : কর্মস্থানত অত্যধিক কামৰ প্রভাৱ পৰিব পাৰে৷ আর্থিক উন্নতি নিশ্চিত৷

কন্যা : আর্থিক দিশত মধ্যমীয়া৷ দূৰ সংবাদে আনন্দিত কৰিব পাৰে৷ ভ্রমণত শুভ৷

তুলা : দিনটো মধ্যমীয়া৷ প্রেমত শুভ৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাব৷

বৃশ্চিক : অর্থৰ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে৷ আকস্মিক হোৱা ঘটনাই আনন্দিত কৰিব৷

ধনু : শৰীৰটোৰ প্রতি যত্ন লোৱাৰ প্রয়োজন৷ মানসিক অশান্তিত ভুগিব পাৰে৷ যাত্রা কৰিলে পূব দিশৰ পৰা কৰিব৷ কর্মত উন্নতিৰ যোগ৷

মকৰ : আজি চলা–ফুৰা কৰোঁতে সাৱধান হ’ব৷ বিদ্যার্থীসকলে মনোযোগ দিব লাগিব৷ স্বাস্থ্যৰ প্রতি যত্ন ল’ব লাগিব৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷

কুম্ভ : কর্মত উন্নতিৰ যোগ আছে৷ শিক্ষার্থীৰ বাবে সময়টো ভাল নহয়৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰক৷

মীন : কর্মত বাধা আছে৷ যিকোনো কাম কৰাৰ আগতে ভাবি–চিন্তি আগবাঢ়ক৷ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰক৷

You might also like