নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউলী পৌৰসভাৰ নির্দলীয় সদস্য লুটফা হানুনৰ বিজেপিত যোগদান

বার্তা ব্যুৰ’, ৭ আগষ্টঃ বৰপেটা জিলাৰ হাউলী পৌৰসভাৰ অন্তর্গত ৮নং ৱার্ডৰ নির্দলীয় সদস্য লুটফা হানুনে কালি বিজেপিত যোগদান কৰে৷ বৰপেটা জিলা বিজেপিৰ মুখ্য কার্যালয়ত জিলা সভাপতি অনিল চন্দ্র দাস, হাউলী পৌৰসভাৰ সভাপতি অঞ্জলি দাস চৌধুৰী, জিলাৰ সাধাৰণ সম্পাদক হেমন্ত দেউৰী, নিপা কলিতা আৰু সম্পাদক পলাশ দাসৰ উপস্থিতিত অনুষ্ঠিত সভাত ৮নং ৱার্ডৰ নির্দলীয় সদস্য লুটফা হানুনে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ বিজেপিত যোগদান কৰি লুটফা হানুনে সংবাদ মাধ্যমৰ আগত কয় যে নৰেন্দ্র মোদীৰ চৰকাৰে সর্বসাধাৰণ ৰাইজৰ বাবে বিভিন্ন উন্নয়নমূলক কাম কৰি ৰাইজক বিশেষভাৱে সহায় কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বাবে তেওঁ বিজেপিৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দলৰ প্রতি আকৃষ্ট হৈ আজি স্ব–ইচ্ছাই বিজেপিত যোগদান কৰা বুলি জানিবলৈ দিয়ে৷ তেওঁ লগতে ইয়াকো ব্যক্ত কৰে যে নিজৰ ৱার্ডৰ সর্বাংগীণ উন্নয়নৰ বাবে বিজেপিত যোগদান কৰাৰ বাবে আগবাঢ়ি আহিছে৷ জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিপা কলিতাই আঁত ধৰা সভাখনত জিলা সভাপতি অনিল চন্দ্র দাসে কয় যে নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে দেশ তথা ৰাজ্যৰ উন্নয়নৰ বাবে, ৰাষ্ট্র নির্মাণৰ বাবে যিবোৰ জনমুখী নীতি, আঁচনি আৰু কার্যপন্থা গ্রহণ কৰিছে তাৰ প্রতি সর্বস্তৰৰ ৰাইজ বিজেপিৰ প্রতি আকর্ষিত হৈছে৷ সচেতন ধর্মীয় সংখ্যালঘু লোকসকলেও বিজেপি দল আৰু চৰকাৰৰ কাম কাজত সন্তুষ্টি প্রকাশ কৰি বিজেপিৰ প্রতি আকর্ষিত হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সব কা সাথ সব কা বিকাশ সব কা বিশ্বাস এই নীতিৰে আজি দেশ আগবাঢ়িছে৷ এই নীতিৰ বাবেই অসমতো ধর্মীয় সংখ্যালঘু ৰাইজে আজি বিজেপিক বুজি উঠিছে৷ বৰপেটা জিলাত পৰৱর্তী সময়তো এনেদৰে বিভিন্ন স্তৰৰ লোকক লৈ দলক আৰু অধিক শক্তিশালী কৰাৰ প্রয়াস কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে৷ সভাত হাউলী পৌৰসভাৰ সভাপতি প্রবীণ বিজেপি নেত্রী অঞ্জলি দাস চৌধুৰীয়ে কয় যে হাউলীৰ ৰাইজে হাউলী নগৰৰ উন্নয়নৰ বাবে যি আস্থা প্রদর্শন কৰি বিজেপি দলক পৌৰসভা গঠন কৰিবলৈ সুযোগ দিছে, সেই আস্থা আৰু বিশ্বাসক পূর্ণ মর্যাদা দিয়া হ’ব৷ হাউলী চহৰৰ উন্নয়নৰ বাবে নিষ্ঠা সহকাৰে কাম কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ উল্লেখ্য যে বিগত নির্বাচনত দহটা ৱার্ডেৰে গঠিত হাউলী পৌৰসভাত বিজেপিয়ে এককভাৱে ৬খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে অগপ দলে ১খন, কংগ্রেছ দলে ১খন আৰু নির্দলীয় প্রার্থীয়ে ২খন আসন দখল কৰিছিল৷ আজি এগৰাকী নির্দলীয় প্রার্থীয়ে বিজেপি দলত যোগদান কৰাৰ ফলত অঞ্জলি দাস চৌধুৰী নেতৃত্বাধীন হাউলী পৌৰসভাত বিজেপি সদস্যৰ সংখ্য ৭গৰাকীলৈ বৃদ্ধি পায়৷

প্ৰেৰক নৱজিত বায়ন

You might also like