নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত চাহিদা বৃদ্ধি ৰাজ্যৰ জৈৱিক উৎপাদনঃ দিল্লীলৈ প্রেৰণ অসমৰ জহা চাউল-আনাৰস-নেমু

বিশেষ বাৰ্তা, ৭ আগষ্টঃ বিদেশৰ পৰাই নহয়, বহিঃৰাজ্যৰ পৰাও অসমলৈ সঘনে খাদ্য–সামগ্রীৰ আমদানি এক স্বাভাৱিক প্রক্রিয়া বুলি বিগত দীর্ঘসময়ৰ পৰা ৰাজ্যবাসীয়ে গ্রহণ কৰি আহিছে৷ কিন্তু বহিঃৰাজ্যৰ ওপৰত অসম যে এতিয়া সম্পূর্ণৰূপে নির্ভৰশীল নহয়, তাক যেন প্রমাণিত কৰিবলৈ উঠিপৰি লাগিছে একাংশ নৱপ্রজন্মৰ খেতিয়কে৷ এইসকল কৃষকৰ বাবেই অসমেও এতিয়া বহিঃৰাজ্যলৈ উৎপাদিত ফচল ৰপ্তানিৰ ধাৰাত অৱতীর্ণ হ’বলৈ সুযোগ পাইছে৷ বিশেষকৈ জৈৱিক শস্য উৎপাদনেৰে বিগত সময়ছোৱাত ৰাজ্যখনে লাভ কৰা বিশেষ সফলতাৰ অংশস্বৰূপে শেহতীয়াকৈ বিদেশলৈ ৰপ্তানি হৈছে বিভিন্ন ফচল৷ এই তালিকাত আছে ভোট জলকীয়া, নেমু, জহা চাউল, ক’লা চাউল, মুগা চাউল, আদা, ৰঙালাও, কঁঠাল, লিচু, হালধি, পাণ, বাচমতি চাউল ইত্যাদি৷ অসমৰ এই উৎপাদিত সামগ্রীয়ে ইতিমধ্যে ভূটান, মধ্যপ্রাচ্য, লণ্ডন আৰু ইউৰোপৰ বজাৰতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই ধাৰা অব্যাহত ৰাখি শেহতীয়াকৈ অসমৰ জৈৱিক শস্যই এতিয়া স্থান লাভ কৰিবলৈ লৈছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতত৷ ৰাজ্যখনৰ জৈৱিক শস্যৰ চাহিদা ক্রমাৎ বৃদ্ধি হ’বলৈ ধৰিছে বহিঃৰাজ্যত৷ শেহতীয়াকৈ বহিঃৰাজ্যলৈ ৰপ্তানি হ’ল অসমৰ জহা চাউল, ৰঙা চাউল, আনাৰস আৰু নেমু টেঙা৷ কামাখ্যাৰ ৰে’ল ষ্টেচনৰ পৰাই দিল্লীলৈ প্রেৰণ কৰা হ’ল অসমৰ ২৫ মেট্রিকটনতকৈ অধিক খাদ্যশস্য৷ উল্লেখ্য যে কৃষি বিভাগৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে ৰাজ্যখনত ৰূপায়ণ কৰি থকা মিছন অর্গেনিক ভেল্যু চেইন ডেভেলপমেণ্ট আৰু বিশ্ববেংকৰ অসম কৃষি বাণিজ্য–গ্রাম্য ৰূপান্তৰ প্রকল্পৰ অধীনত নতুন দিল্লীৰ অভিজাত বজাৰলৈ আজি প্রেৰণ কৰা হয় ১৮ মেট্রিকটন আনাৰস, দুই মেট্রিকটন জহা চাউল, ৫ কুইণ্টল ৰঙা চাউল, এক মেট্রিকটন আইজং চাউল আৰু ৫ কুইণ্টল নেমু টেঙা৷ লক্ষণীয় দিশটো এয়ে যে দিল্লীলৈ প্রেৰণ কৰা এই জৈৱিক খাদ্য–সামগ্রীসমূহৰ্ ভিতৰত ৰঙা চাউলৰ উৎপাদনৰ সৈতে জড়িত হৈ আছে মাজুলী জৈৱিক কৃষক উৎপাদক প্রতিষ্ঠানৰ কৃষকসকল৷ তেনেদৰে আনাৰসৰ উৎপাদনৰ সৈতে জড়িত হৈ আছে কাছাৰ জিলাৰ মাৰ কৃষক উৎপাদক প্রতিষ্ঠান৷ গোলাঘাটৰ আঠখেলীয়া কৃষক উৎপাদক প্রতিষ্ঠানৰ কৃষকসকল জড়িত হৈ আছে জহা চাউলৰ উৎপাদনৰ সৈতে৷ আনহাতে আইজং চাউলৰ উৎপাদনৰ সৈতে জড়িত হৈ আছে বকোৰ পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ হিতাধিকাৰী কৃষকসকল৷ এই জৈৱিক ফচলসমূহ কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা নর্থ–ইষ্ট এক্সপ্রেছেৰে দিল্লীৰ বজাৰলৈ প্রেৰণ কৰা হৈছে৷ পৰৱর্তী সময়ত দিল্লীৰ পৰাই চুবুৰীয়া আন আন ৰাজ্যলৈ এই উৎপাদিত সামগ্রীসমূহ প্রেৰণ কৰা হ’ব৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ বাক্সা জিলাৰ নীলাচল কৃষি উৎপাদক কোম্পানীৰ জৰিয়তে যুক্তৰাষ্ট্রলৈ ৰপ্তানি কৰা হৈছিল ৬০০ কিলোগ্রাম নেমু৷ তেনেদৰে লণ্ডনলৈও প্রেৰণ কৰা হৈছিল অসমৰ নেমু৷ কার্বি আংলঙৰ আদা আৰু আনাৰস ইতিমধ্যে ডুবাই আৰু লণ্ডনলৈ ৰপ্তানি কৰা হৈছে৷ কার্যতঃ বিগত সময়ছোৱাত অসমৰ জৈৱিক উৎপাদনক লৈ বিশেষ আগ্রহ প্রকাশ কৰা দেশী আৰু বিদেশী বজাৰসমূহৰ এতিয়া উভৈনদী হৈছে ৰাজ্যখনৰ উৎপাদিত সামগ্রী৷ কৃষি আৰু সংসাধিত খাদ্য–সামগ্রী ৰপ্তানি বিকাশ কর্তৃপক্ষ (এ পি ই ডি এ)ই প্রকাশ কৰা মতে বিদেশৰ লগতে দিল্লী, জয়পুৰ, চণ্ডীগড়, লক্ষ্ণৌ, বাংগালুৰু, ইন্দোৰ আদি চহৰত শেহতীয়াকৈ অসমৰ জৈৱিক উৎপাদন নেমু, আনাৰস আৰু জহা চাউলৰ চাহিদা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ ৰাজ্যৰ একাংশ নৱপ্রজন্মৰ খেতিয়কে জৈৱিক উৎপাদনৰ ক্ষেত্রত বিশেষ আগ্রহ দেখুওৱাৰ বাবে বিগত সময়ছোৱাত এনেধৰণৰ খাদ্য–সামগ্রী উৎপাদনৰ ক্ষেত্রতো সফলতা লাভ কৰিছে অসমে৷ বিশেষকৈ কার্বি আংলং, বাক্সা, মাজুলী আৰু লখিমপুৰ জিলাৰ কেইবাটাও কৃষক গোটে জৈৱিক উৎপাদনৰ ক্ষেত্রত সফলতা লাভ কৰাই নহয়, বহিঃৰাজ্যলৈ খাদ্য–সামগ্রী ৰপ্তানিৰ দ্বাৰা আর্থিকভাৱে যথেষ্ট লাভালাভ হৈছে৷

You might also like