নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৰনাথ যাত্ৰাত নিয়োজিত তিতাবৰৰ জোৱান নিতুল হাজৰিকাৰ ৰহস্যজনক মৃত্যু

বিশেষ বাৰ্তা, ৭ আগষ্ট : দক্ষিণ কাশ্মীৰৰ অমৰনাথ যাত্ৰাৰ নিৰাপত্তা দায়িত্বত নিয়োজিত তিতাবৰৰ এজন বি এছ এফ জোৱানৰ ৰহস্য জনকভাবে মৃত্যু হয়।তিতাবৰ ন-চুঙিৰ প্ৰয়াত দোমাই হাজৰিকাৰ পুত্ৰ তথা বি এছ এফৰ ১০৮ নং বেটেলিয়নৰ মেচ কামাণ্ডাৰ নিতুল হাজৰিকা (৪৫)ই যোৱা ৫ আগষ্ট দিনা দিনত কতব্যৰত অৱস্থাত সতীৰ্থৰ ৰাইফলৰে আত্মহত্যা কৰে বুলি বি এছ এফৰ বিষয়াই দক্ষিণ কাশ্মীৰৰ পৰা পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ মাজত শোকাকূল পৰিবেশৰ সৃষ্টি কৰে। পৰিয়ালৰ লোকে নম্ৰ স্বভাৱৰ নিতুলৰ আত্মহত্যা মানি নোলোৱাৰ লগতে আজি মৃতদেহ চমজি নোলোৱাত অঞ্চলটোত উত্তপ্ত পৰিবেশৰ সৃষ্টি।যোৱা ৫ আগষ্টত দক্ষিণ কাশ্মীৰত মৃত্যু হোৱা নিতুল হাজৰিকাৰ মৃতদেহ বি এছ এফৰ জোৱানে তিতাবৰৰ গৃহলৈ আনি আজি পুৱা তিতাবৰত ঘৰখনত উপস্থিত হোৱাত নিতুলৰ পত্নী তথা দুটা কণমানি সন্তানৰ মাতৃ পৰীস্মিতা হাজৰিকা, পৰিয়াল বৰ্গই মৃতদেহ চমজি নোলোৱা পুৱা ৯.৩০ বজালৈকে মৃতদেহ চোতালত পৰি থাকে।এই সন্দৰ্ভত পৰিয়ালৰ লোকে জানিব দিয়া মতে নিতুল এজন অতি অমায়িক স্বভাৱৰ লৰা।পত্নী তথা গাঁওবাসীৰ লগত কোনো দিনে মতানৈক্য নোহোৱা তেওঁ কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে।বি এছ এফৰ বিষয়াই মিছা কথা কৈছে।কিয়নো নিতুলৰ মৃত্যুৰ পাছত দক্ষিণ কাশ্মীৰৰ পৰা কেইবাজনো বিষয়াই আমালৈ ফোন কৰিছে তেওঁলোকৰ কথাৰ কোনো মিল নাই।কোনেও কৈছে ৰান্ধনী শালত সতীৰ্থ ৰাইফলৰে আত্মহত্যা কৰিছে কোনোৱে কৈছে সতীৰ্থ জোৱানক খাদ্য দিবলৈ গৈ পথত আত্মহত্যা কৰিছে।আনকি যি গৰাকী বি এছ এফৰ বিষয়া মৃতদেহৰ লগত দক্ষিণ কাশ্মীৰৰ পৰা আহিছে তেওঁৰ কথা মিল নাই বুলি জানিব দিয়ে।জোৱান জনৰ মৃত্যু ৰহস্যজনক হৈ পৰাত পৰিয়ালৰ লোকে প্ৰকৃত সত্য উন্মোচন নোহোৱালৈকে মৃতদেহ চমজি নোলোৱাৰ ঘোষণা কৰাত বি এছ এফৰ বিষয়া গৰাকী বিপাঙত পৰে।এনে সময়তে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু ভাৰতীয় সেনা বাহিনীৰ তিতাবৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া নিতুলৰ গৃহত উপস্থিত হৈ বি এছ এফ শীৰ্ষ বিষয়াৰ লগত যোগাযোগ কৰে।এই ক্ষেত্ৰত বি এছ এফৰ শীৰ্ষ বিষয়াই এই ঘটনা তদন্ত কৰিবলৈ ইতিমধ্যে এজন বিষয়াক নিৰ্দেশ দিয়াৰ লগতে নিতুলৰ কণমানি সন্তান দুটাৰ ভৱিষ্যত শিক্ষাৰ লগতে পত্নী তথা পৰিয়ালটোক বি এছ এফৰ তৰফৰ পৰা সম্পূৰ্ণ সহায় সহযোগ কৰিব বুলি নিশ্চিত প্ৰতিশ্ৰুতি দিয়াত পৰিয়ালৰ লোকে নিতুলৰ মৃতদেহ চমজি লয়।ইতিমধ্যে নিতুলৰ পত্নী তথা পৰিয়ালটোক সহায় কৰাৰ উদ্দেশ্যে দক্ষিণ কাশ্মীৰৰ পৰা এগৰাকী বি এছ এফৰ বিষয়াক নিতুলৰ গৃহলৈ আজি প্ৰেৰণ কৰিছে বুলি শীৰ্ষ বিষয়া গৰাকীয়ে পৰিয়ালক অৱগত কৰে।ইয়াৰ পাছতে নিতুলৰ মৃতদেহ পৰিয়ালক চমজাই দিয়াত পৰিয়াল তথা গাঁওবাসীৰ মাজত এক শোকাকূল পৰিবেশৰ সৃষ্টি হয়। তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে নিতুলক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃতদেহক বি এছ এফৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জনায় সামৰিক মৰ্যদাৰে অন্তুষ্টিক্ৰিয়া সম্পন্ন হয়।

প্ৰেৰক প্ৰণৱজ্যোতি কলিতা

You might also like