নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুটিৰ শিল্পৰ মৃত্যুমুখী যাত্ৰা, হ্ৰাস পাইছে থলুৱা সামগ্ৰীৰ ব্যৱহাৰ, প্লাষ্টিকৰ বস্তুৱে গ্ৰাস কৰিছে বাঁহ-বেতৰ সামগ্ৰী

বিশেষ বাৰ্তা, শুৱালকুছি, ১৯ মেঃ অসম এখন থলুৱা শিল্পত চহকী ৰাজ্য৷ বয়ন শিল্প, বাঁহ-বেত, ঢাৰি-পাটী, কাঁহ-পিতল, জাপি আদি সামগ্ৰী তৈয়াৰ কৰি বজাৰত বিক্ৰীৰে একোটা অঞ্চলৰ পৰিয়ালবোৰে জীৱন নিৰ্বাহ কৰি আহিছিল ৷ কৃষিৰ পিচতে কুটিৰ শিল্পই অসমত স্থান লভিছিল৷ কিন্তু আধুনিকতাৰ ধামখুমীয়াত থলুৱা মনোমোহা উক্ত শিল্পবোৰে মৃত্যুমুখী যাত্ৰাৰ ফালে গতি কৰিছে৷ বাপতি সাহোন ৰঙালী বিহুৰ গামোচাখনৰ পৰা আৰম্ভ কৰি শুৱালকুছিৰ পাট-মূগা কাপোৰকে ধৰি প্ৰতিটো বয়ন শিল্পলৈ৷ বাঁহ বেত, মূঢ়া-ঢাৰি, পাটী,কঠ, কাঠ শিল্প, মৃৎশিল্প, কাঁহ শিল্প, মূখা শিল্প আদি সকলোতে শিল্পী আৰু শিপিনীসকলে মাধমাৰ খাব লগাত পৰিছে৷ ইয়াৰ চাহিদা পুৰ কৰিছে সৰহভাগ প্লাষ্টিকৰ সামগ্ৰীয়ে৷ কম দামতে প্লাষ্টিকৰ সামগ্ৰী লাভ কৰাত থলুৱা সামগ্ৰীক এলাগী কৰিছে৷ ফলত গাঁৱলীয়া উৎপাদনকাৰীসকলৰ জীৱন আৰু জীৱিকাৰ পথ ৰুদ্ধ হৈ আহিছে৷ আধুনিকতাৰ ধামখুমীয়াত প্লাষ্টিকৰ আগ্ৰাসনত এলাগী হৈছে অসমৰ বাঁহ-বেতৰ শিল্প। বাহৰে নিৰ্মিত ধাৰি ,মুঢ়া খৰাহী ,পাচি   চালনী বিচনী আদি বিভিন্ন হস্ত নিৰ্মিত সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষন নাই। ফলত  যিসকল পৰিয়ালে এই সামগ্ৰী সমুহ তৈয়াৰ কৰি পৰিয়ালৰ ভৰণ পোষণ দিছিল এতিয়া দিনতে আন্ধাৰ দেখিছে । প্লাষ্টিকৰ আগ্ৰাসনে সমুলঞ্চে ধংস কৰিছে বাহ বেতৰ উদ্যোগ।
You might also like