নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষেধাজ্ঞা সত্ত্বেও গাভিনী মাছ ধৰা জাল-পল-খলহা সঁজুলি জব্দঃ সোণাৰি চাপৰিত মীন বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই এক নিৰ্দেশযোগে পহিলা এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে মহকুমাটোৰ  মুক্ত নৈ বিল জান জুৰি আদিত কণীযুক্ত গাভিনী মাছ ধৰা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষিদ্ধ যোষণা কৰি ১৪৪ ধাৰা আইন বলবৎ কৰাৰ পিচতো একাংশ মৎস্য লোভী আৰু চোৰাং মাছ মৰীয়াই অবাধ হাৰত বাঢ়নী পানীত উজান উঠা গাভিনী  মাছ মাৰি উদৰ পুৰুৱাৰ লগতে চোৰাং ব্যৱসায় চলাই থকাৰ পিছতো সোণাৰি চাপৰি আৰক্ষীয়ে নিৰব ভুমিকা পালন কৰি অহাৰ  পিছতেই আজি সোণাৰি চাপৰি অঞ্চলত ঢকুৱাখনা  মহকুমা মীন বিভাগে চলোৱা অভিযানত সোণাৰি চাপৰি আৰক্ষীৰ নাকৰ আগতে মাছৰ উজান ধৰি থকা প্ৰতক্ষ্য কৰি অদ্ধশতাধিক জাল প’ল খলহা ডিঙৰা আদি মাছ ধৰা সঁজুলি জব্দ কৰি নষ্ট কৰে ৷ জানিব পৰা মতে সোণাৰি চাপৰি আৰক্ষী চকীৰ সন্মুখতে আৰক্ষী চকীৰ পৰা প্ৰায় ডেৰশ মিটাৰ দুৰত্বত ১৬ জুনৰ বিয়লিৰ পৰা ১৭ জুনৰ পুৱা ভাগলৈকে উজান উঠা গাভিনী মাছ ধৰি থকাৰ পিছতো সোণাৰি চাপৰি আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ লগতে খুদ মহকুমাধিপতিৰ ১৪৪ ধাৰা আইনক অংগুস্থ প্ৰদৰ্শন কৰা সোণাৰি চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ বৰ্মন চেত্ৰীৰ  তথ্যৰ ওপৰত সন্দেহ ঘনীভূত হোৱাত মহকুমা মীন বিভাগে চলোৱা নিজস্ব অনুসন্ধানত বৃহৎ পৰিমাণৰ জাল ডিঙৰা প’ল খলহা আদি মাছ ধৰা সঁজুলি সমুহ জব্দ কৰিবলৈ সক্ষম হয় ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like