নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণ ছাত্ৰ সন্থাৰ আন্দোলন বাতিল কৰিবলৈ ফোন প্ৰভাৱশালী মন্ত্ৰীৰ!

১৫ ছেপ্টেম্বৰৰ পৰা তিনিচুকীয়া জিলাত সৰ্ববৃহৎ অৰ্থনৈতিক অৱৰোধ ঘোষণা

জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ সহযোগত তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত উলিওৱা বিশাল জোঁৰ সমদলে দিল্লী-দিশপুৰ কঁপাইছে।

মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰীয়ে জনগোষ্ঠীয় সংগঠনটোৰ নেতৃত্বলৈ আন্দোলন বাতিল কৰিবলৈ ফোন কৰা বুলি জানিব পৰা গৈছে৷ আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় নেতৃত্বক। পিছে মন্ত্ৰীয়ে বিমৰ্ষ মন লৈ ফোনৰ সংযোগ বিছিন্ন কৰিবলৈ বাধ্য হয়।

মৰাণ জনগোষ্ঠীয় নেতৃত্বৰ স্পষ্ট মত, আলোচনাত বহিম, সমান্তৰালভাৱে আন্দোলনো কৰিম৷ কোনো কাৰণতেই আন্দোলন বাতিল নহ’ব।  মৰাণসকলক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদান কৰাৰ সিদ্ধান্ত ল’লেহে বাতিল হ’ব আন্দোলন। ইয়াৰ বিকল্প কেতিয়াও গ্ৰহণ কৰা নহ’ব ।

উল্লেখযোগ্য যে, সদৌ মৰাণ ছাত্ৰ সন্থাই জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসনৰ দাবীৰে জোঁৰ সমদল আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ঘোষণা কৰাৰ পিছমুহুৰ্ততে তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে তিনিচুকীয়াত এক আলোচনাত মিলিত হৈছিল।

উক্ত আলোচনাত ছাত্ৰ সংগঠনটোৰ নেতৃত্বই পোন প্ৰথমেই মন্ত্ৰী বড়াক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ যাতে অনুৰোধ নজনায় সেয়া স্পষ্ট কৰি দিছিল। ইয়াৰ পাছতো মন্ত্ৰী বড়াই পোনপতীয়াকৈ নহ’লেও পাকে-প্ৰকাৰে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ বিভিন্ন ইংগিত দিয়াৰ লগতে দিশপুৰত মুখ্যমন্ত্ৰীৰে আলোচনাত বহিবলৈ আহ্বান জনাইছিল । ছাত্ৰ সংগঠনটোৰ নেতৃত্বই জনজাতিকৰণ আৰু পূৰ্ণ স্বায়ত্ব শাসনৰ বাদে আন বিষয়ত আলোচনাত নবহে বুলি মন্ত্ৰী বড়াক স্পষ্ট কৰাৰ লগতে এই দাবীৰে ধাৰাবাহিক আন্দোলন চলিব বুলিও অভিমত ব্যক্ত কৰিছিল ।

বিগত ২৪ আগষ্টত সদৌ মৰাণ ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী অনুসৰি ২ ছেপ্টেম্বৰত তালাপত, ৪ ছেপ্টেম্বৰত কাকপথাৰত, ৬ ছেপ্টেম্বৰত মাৰ্ঘেৰিটাত আৰু ১০ ছেপ্টেম্বৰত তিনিচুকীয়াত বিশাল জোঁৰ সমদল উলিয়ায়। বিশেষকৈ বুধবাৰে তিনিচুকীয়াত উলিওৱা জোঁৰ সমদললৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ আহ্বানক সঁহাৰি জনায় স্বত:স্ফুৰ্তভাৱে ওলাই আহে দলেবলে মৰাণ জনগন।

সমাজৰ সকলোশ্রেণীৰ মৰাণ লোকে জোঁৰ সমদলত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। তিনিচুকীয়াৰ ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰৰ পৰা উলিওৱা এই সমদল খেলপথাৰৰ পৰা বাহিৰ হোৱাৰ পাছতো বিভিন্ন শ্রেণীৰ বাহনেৰে মৰাণ ৰাইজে তিনিচুকীয়া চহৰ অভিমুখে ঢাপলি মেলা দেখিবলৈ পোৱা যায়।

বুঢ়া-মেঠা, ডেকা-গাভৰু, গৃহিণী, ছাত্ৰ-ছাত্ৰীয়েও সমদলত ভাগ লয়। মুঠৰ ওপৰত প্ৰায় ২০ সহশ্ৰাধীক মৰাণ জনগনই তিনিচুকীয়া চহৰৰ দিশে অগ্ৰসৰ হয়। ইফালে এই সমদল ওলোৱাৰ আগে আগে বহিৰাগত বণিয়াৰ আগ্ৰাসনত থকা চহৰখনৰ ৰঙাগড়া পথ, বৰবজাৰ, চাইডিং বজাৰ, জিএনবি পথৰ লগতে চহৰখনৰ প্ৰায় সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান স্বত:স্ফুৰ্তভাৱে বন্ধ হৈ পৰে।

যদিও জনজাতিকৰণৰ দাবীৰে এই সমদল বাহিৰ হৈছিল, খিলঞ্জীয়া ভূমিপুত্ৰৰ গৰ্জনত চহৰখনৰ বহিৰাগত অনা-অসমীয়া ব্যৱসায়ীসকল থৰহৰি কম্পিত হয়। খিলঞ্জীয়া বজ্ৰনিনাদত জাতীয় চেতনাৰ উন্মেষ ঘটে তিনিচুকীয়াত।

স্মৰ্তব্য যে জোঁৰ সমদলৰ পাছত এইবাৰ সদৌ মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত গ্ৰহণ কৰিব সৰ্বাত্মক অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৷ ১৫ ছেপ্টেম্বৰৰ পৰা গ্ৰহণ কৰিবলগা এই প্ৰতিবাদী কাৰ্যসূচীত বিশেষকৈ তৈল উদ্যোগৰ ওপৰত অভাৱনীয় প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে । জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে গ্ৰহণ কৰা এনেবোৰ প্ৰতিবাদী কাৰ্যসূচীয়ে আগন্তুক দিনত শাসকীয় বিজেপি চৰকাৰক যে বাৰুকৈয়ে শলঠেকত পেলাব সেয়া নিশ্চিত হৈ পৰিছে।

কিয়নো তিনিচুকীয়াত উলিওৱা জোঁৰ সমদলে এইটো স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে যে এইবাৰ আৰু ৰক্ষা নাই । জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদান নকৰালৈকে যে মৰাণ ৰাইজ ক্ষান্ত নহয় সেয়া প্ৰতিবাদী কাৰ্যসূচীয়ে বাৰুকৈয়ে প্ৰমাণিত কৰিছে।

লক্ষণীয় কথাটো হ’ল জনগোষ্ঠীটোৰ সংগঠনকেইটাৰ পূৰ্বৰ নেতৃত্বৰ কিছুসংখ্যক লোক প্ৰত্যক্ষ ৰাজনীতিত জড়িত আছে। ‘কা’ আন্দোলন কৰি ছাত্ৰ সংগঠনটোৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণকে মুখ্য কৰি কেইবাগৰাকীয়েও শাসকীয় বিজেপিত যোগদান কৰি গেৰুৱা বসন পিন্ধিলে। আজিৰ তাৰিখত ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি নেওগ, নৱ মৰাণ আদি গেৰুৱা দলত। লক্ষণীয়ভাৱে সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালত মৰাণসকলে লাভ কৰা স্বায়ত্ব শাসিত পৰিষদখনো গেৰুৱা হ’ল। এতিয়া তেজস্বী, সাহিয়াল সভাপতি পদত থকা পলিন্দ্ৰ বড়া আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণৰ নেতৃত্বত সদৌ মৰাণ ছাত্ৰ সন্থাই আপোচবিহীন সংগ্ৰাম চলাই যোৱাত সংকল্পবদ্ধ হৈছে। পলিন্দ্ৰ আৰু জয়কান্তৰ স্পষ্ট মত, জাতিৰ নামত কোনোকাৰণতে আপোচ কৰা নহ’ব ।

বিশেষ বাৰ্তা, তিনিচুকীয়া, ১২ ছেপ্টেম্বৰ

You might also like