নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ এশ মিটাৰ দূৰত্বত ড্ৰাগছৰ অবাধ বেহা, চকু মুদা কুলি ভাওত আৰক্ষী

নিয়মীয়া বাৰ্তা, যোৰহাট, ১২ছেপ্টেম্বৰ : ড্ৰাগছ সাম্ৰাজ্যত পৰিণত হৈছে যোৰহাট। যোৰহাট নগৰত এতিয়া মুকলিকৈ চলে ড্ৰাগছৰ কিনা-বেচা। যোৰহাট সদৰ আৰক্ষী থানাৰ পাঁচশ মিটাৰ আৰু আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ এশ মিটাৰ দূৰত্বত নগৰৰ জেবি ৰোড চাৰিআলিত নিৰ্মীয়মাণ উৰণ সেতুৰ তলত সন্ধিয়া ছয় বজাৰ পৰা আঠ বজালৈ কেইজনমান অচিনাক্ত যুৱকে বিভিন্ন লোকৰ লগত ফোনৰ আদান-প্ৰদান কৰি দৈনিক চলাই আহিছে ড্ৰাগছৰ অবাধ বেহা।
এটা পষেকৰ পূৰ্বে স্থানীয় কেইজনমান সচেতন ব্যৱসায়ীয়ে ড্ৰাগছৰ লগত জড়িত যুৱককেইজনক আৰক্ষীক  খবৰ দি  হাতে-লোটে ধৰাই দিছিল যদিও আৰক্ষীয়ে সচেতন ব্যৱসায়ীসকলক দেখুৱাই মটৰ চাইকেলত উঠাই থানালৈ বুলি লৈ গৈ আদবাটতে মুকলি কৰি দিয়ে বুলি উল্লেখ কৰিছে  ব্যৱসায়ীকেইজনে। তদুপৰি আৰক্ষীৰ লগত ড্ৰাগছ আসক্ত লোক আৰু ড্ৰাগছ বেপাৰীৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলিও প্ৰকাশ কৰিছে। ।
১১ ছেপ্টেম্বৰত  যোৰহাটত কেইজনমান  সাংবাদিকে নগৰৰ চলিছিতৰ পথত খেদি খেদি ড্ৰাগছ আসক্ত কেইজনমান যুৱকক ধৰি আৰক্ষীক গতাই দিব লগা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। যোৰহাটত ড্ৰাগছৰ প্ৰচলন অবাধ হাৰত বৃদ্ধিৰ ফলত একাংশ নৱপ্ৰজন্মৰ জীৱন ধ্বংস হৈ পৰাত বহু অভিভাৱক চিন্তিত হৈ পৰিছে।

 

প্ৰেৰক সঞ্জীৱ হাজৰিকা

You might also like