নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ বিধায়ক পুঁজিৰ অনিয়মক লৈ মুখ্যমন্ত্রী তদাৰকী কোষৰ তদন্ত আৰম্ভ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ মৰিয়নিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীৰ সন্মুখত আহি পৰিছে এক অবাঞ্ছিত বিপদ৷ বিধায়ক পুঁজিৰ ধনৰ অপব্যৱহাৰ সংক্রান্তীয় এটা গোচৰত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ এটা দলে যোৰহাটত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছে৷ মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অনুসন্ধানকাৰী বিষয়াসকলে মৰিয়নি সমষ্টিত ২০১১ৰ পৰা ২০১৬ চনৰ ভিতৰত সংঘটিত দুর্নীতি সন্দর্ভত তথ্য সংগ্রহ কৰি আছে৷ এই সন্দর্ভত যোৰহাটৰ উপায়ুক্ত কার্যালয়ৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ পৰা আজি তথ্য সংগ্রহ কৰি কাইলৈৰ পৰা মৰিয়নিত চৰজমিন তদন্ত আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে এই দুর্নীতি সন্দর্ভত ২০১৮ চনতে ভাৰতীয় জনতা পার্টীৰ নেতা দুলেন নায়কে মুখ্যমন্ত্রীৰ তদাৰকী কোষত অভিযোগ দাখিল কৰিছিল৷ উক্ত অভিযোগ অনুসৰি ২০১১–১২ৰ পৰা ২০১৬–১৭ বর্ষৰ ভিতৰত মৰিয়নি বিধানসভা সমষ্টিৰ কমিউনিটী হলকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ নামত বিধায়ক পুঁজিৰ অধীনত ধনৰ আবণ্টন দিয়া হৈছিল৷

উক্ত ধনৰাশিৰ সদ্ব্যৱহাৰৰ বাবে কেতবোৰ নীতি–নির্দেশনাও নির্ধাৰণ কৰা হৈছিল৷ সেই অনুসৰি গৃহ নির্মাণৰ লগত জড়িত কমিটীসমূহে প্রথম কিস্তিৰ অনুমোদিত ধনৰাশিৰ ব্যয়ৰ খতিয়ান উপায়ুক্তক দাখিলৰ পিছত আৰু উপায়ুক্তই অনুমোদন দিয়াৰ পিছতহে দ্বিতীয় কিস্তিৰ ধন মোকলাই দিব লাগিছিল৷ কিন্তু ধনৰ আবণ্টনৰ ক্ষেত্রত এই নিয়ম সম্পূর্ণ উলংঘা কৰা হৈছে৷ মৰিয়নি বিধানসভা সমষ্টিৰ বাবে ২০১১–১২ বর্ষত ২০ লাখ টকা, ২০১২–১৩ বর্ষত ৯৯ লাখ টকা, ২০১৩–১৪ বর্ষত ৬০ লাখ, ২০১৪–১৫ বর্ষত ৫০ লাখ, ২০১৫–১৬ বর্ষত ১.০২ কোটি, ২০১৬–১৭ বর্ষত ৭.২০ লাখ টকা আবণ্টন দিয়া হৈছিল৷ কিন্তু এই বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ পিছতো কমিউনিটী হল আৰু অন্যান্য গৃহসমূহত টিনপাতৰ বাদে আন একো অস্তিত্ব দেখিবলৈ নাই৷ তদুপৰি প্রতিবাৰ ধন মোকলাই দিয়াৰ ক্ষেত্রত নতুন কিস্তি হিচাপে প্রদর্শন কৰা হৈছে৷ এই ব্যাপক অনিয়ম সন্দর্ভত দুলেন নায়কে অভিযোগ দাখিল কৰাৰ পিছত মুখ্যমন্ত্রীৰ তদাৰকী কোষে প্রয়োজনীয় তথ্য বিচাৰি যোৰহাটৰ উপায়ুক্তলৈ পাঁচ–ছবাৰ পর্যন্ত পত্র প্রেৰণ কৰে৷ কিন্তু উপায়ুক্ত কার্যালয়ে কোনো উত্তৰ নিদিলে৷ অৱশেষত আজি তদাৰকী কোষৰ তদন্তকাৰী দল যোৰহাটত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ বিধায়ক পুঁজিৰ অনিয়ম সন্দর্ভত তদন্ত আৰম্ভ হোৱাৰ লগে লগে ৰূপজ্যোতি কুর্মীৰ ৰাজনৈতিক ভৱিষ্যতলৈও এক অভাৱনীয় বিপদ নামি আহিছে৷

You might also like