নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্য দলতকৈ বিজেপি সবাতোকৈ বেছি জাতীয়তাবাদী

সাক্ষাৎগ্রহণ- গুণজিৎ ভট্টাচার্য

বিধানসভা নির্বাচন সমাগত৷ ৰাজ্যিক বিজেপি কি ধৰণে সাজু? পূর্বতকৈ বিজেপিয়ে ফলাফল কেনেধৰণে আশা কৰিছে?
ঃ ৰাজ্যিক বিজেপি সম্পূর্ণৰূপে সাজু৷ এসপ্তাহৰ ভিতৰত নির্বাচন হ’লেও আমি পূর্ণ শক্তিৰে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰিম৷ আমি ইতিমধ্যে সংগঠনৰ কাম–কাজ সম্পূর্ণ কৰি তুলিছোঁ৷ পৃষ্ঠাপ্রমুখ সন্মিলনৰ জৰিয়তে চাৰি হাজাৰ ভোটকেন্দ্রৰ ভোটাৰক প্রত্যক্ষভাৱে সাক্ষাৎকাৰৰ বাবে আমি সাজু হৈছোঁ৷ ইতিমধ্যে এই সন্দর্ভত পৃষ্ঠাপ্রমুখসকলক সকলোধৰণৰ প্রশিক্ষণ তথা নীতি–নির্দেশনাৰে সাজু কৰি তোলা হৈছে৷ প্রতিজন পৃষ্ঠাপ্রমুখে তেওঁৰ দায়িত্বত থকা ৬০টা পৰিয়ালক এই সময়ছোৱাত সাক্ষাৎ কৰিব৷ ইয়াৰ দ্বাৰা ৰাজ্যিক বিজেপিয়ে ৬৭ লাখ পৰিয়ালৰ সৈতে প্রত্যক্ষ সম্পর্ক কৰিব৷ ইতিমধ্যে আমাৰ অত্যন্ত গুৰুত্বপূর্ণ দলীয় কার্যসূচী পৰিয়াল সম্পর্ক অভিযান আৰম্ভ হৈছে৷ ১ মার্চ পর্যন্ত চলিব লগা এই পৰিয়াল সম্পর্ক অভিযানৰ জৰিয়তে প্রতিগৰাকী ভোটাৰৰ ওচৰত থিয় দিব ৰাজ্যিক বিজেপিৰ কার্যকর্তাসকল৷ মুখ্যতঃ ইয়াৰ জৰিয়তে বিগত ৫ বছৰত চৰকাৰ আৰু দলে কি কি উন্নয়নমূলক কাম–কাজ কৰিলে, দৰিদ্র লোকসকলক আর্থিকভাৱে সকাহ দিয়াৰ বাবে কি ধৰণৰ পদক্ষেপ ল’লে, খিলঞ্জীয়া লোকসকলৰ মৌলিক ইছ্যুসমূহ তথা খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ বাবে চৰকাৰখনে কি ধৰণে পদক্ষেপ লৈছে, এই সকলো বিষয় সন্দর্ভত পৰিয়াল সম্পর্ক অভিযানৰ জৰিয়তে প্রতিগৰাকী ভোটাৰক অৱগত কৰাব আমাৰ দলীয় কার্যকর্তাসকলে৷ মুখ্যমন্ত্রীৰ লগতে মই নিজে আৰু প্রতিগৰাকী কার্যকর্তাই এই অভিযানত ভাগ ল’ব আৰু ইয়াৰ দ্বাৰা বিধানসভা নির্বাচনৰ বাবে সাজু কৰি তুলিব দলক৷ ৰাজ্যৰ ১২৬টা সমষ্টিত এই পৃষ্ঠাপ্রমুখসকলে দলৰ অন্তিম কার্যসূচীৰে নির্বাচনৰ বাবে সম্পূর্ণৰূপে সাজু হৈ উঠিব৷

 কংগ্রেছৰ অসম বচাওঁ আহক অভিযানক প্রত্যুত্তৰ দিবলৈ বিজেপিয়ে এই কার্যসূচী লৈছে নেকি? পৰিয়াল সম্পর্ক অভিযানৰ দ্বাৰা আপোনালোকে ৰাজ্যৰ মৌলিক সমস্যাসমূহ আঁতৰাই ৰখাৰ চেষ্টা চলাইছে বুলিও অভিযোগ উঠিছে৷ এই সন্দর্ভত কি কয়?
ঃ বিজেপিয়ে কোনো কাৰণতে ৰাজ্যৰ মৌলিক সমস্যাসমূহৰ পৰা আঁতৰি অহা নাই৷ বিগত ১৫ বছৰীয়া কংগ্রেছৰ কার্যকালত অসমৰ মৌলিক সমস্যাসমূহক গাপ দি ৰখা হৈছিল৷ তাৰ বিপৰীতে বিজেপিয়ে প্রতিটো সমস্যাৰ এক সমাধান দিবলৈ চেষ্টা কৰিছে৷ আপুনি চাওক, অসম চুক্তি ৰূপায়ণৰ ক্ষেত্রত কংগ্রেছ চৰকাৰখনে যোৱা ১৫ বছৰত এটাও পদক্ষেপ নল’লে৷ ইয়াৰ বিপৰীতে অসম চুক্তিৰ ৬নং দফা কার্যকৰী কৰাৰ বাবে বিজেপি দল তথা চৰকাৰে পদক্ষেপ লৈছে৷ ভাৰত–বাংলা সীমান্ত ছীল কৰাৰ ক্ষেত্রত এই চৰকাৰখনে পদক্ষেপ ল’বলৈ সক্ষম হৈছে৷ আজি সংখ্যালঘু লোকসকল এই চৰকাৰৰ কার্যকালত সকলো প্রকাৰে সুৰক্ষিত হৈ আছে৷ আমি কংগ্রেছক প্রত্যাহ্বান জনাবলৈ পৰিয়াল সম্পর্ক অভিযান আৰম্ভ কৰা নাই৷ বিজেপিয়ে নির্বাচনৰ পূর্বৰে পৰাই প্রতিগৰাকী ভোটাৰ, প্রতিটো পৰিয়ালৰ সৈতে সম্পর্ক স্থাপন কৰি আহিছে৷ ইয়াৰ পূর্বে বিজেপিয়ে জনসম্পর্ক অভিযানৰ জৰিয়তে ৰাজ্যৰ শিল্পী–সাহিত্যিক–বুদ্ধ্ ওচৰলৈ গৈ ৰাজ্যৰ বিভিন্ন সমস্যাৱলী সন্দর্ভত আলোচনা কৰিছে৷ ৰাজ্য চৰকাৰখনে সহোদৰ আঁচনিৰ জৰিয়তে প্রতিটো ক্ষুদ্র ক্ষুদ্র জাতি–জনগোষ্ঠীৰ সৈতে তেওঁলোকৰ ৰাজনৈতিক, আর্থ–সামাজিক আদিকে ধৰি বিভিন্ন দিশ আগত ৰাখি আলোচনা কৰিছে৷ আমি এতিয়া কংগ্রেছক প্রত্যাহ্বান জনাবলৈ একো নাই৷ বৰঞ্চ কংগ্রেছেহে আমাৰ পৰিয়াল সম্পর্ক অভিযান প্রত্যক্ষ কৰি ভীতিগ্রস্ত হৈ নির্বাচনৰ প্রাক্মুহূর্তত ৰাইজৰ ওচৰলৈ যাব বিচাৰিছে৷ দৰাচলতে বিজেপিয়ে অসমক কংগ্রেছৰ পৰাহে উদ্ধাৰ কৰিছে৷ কংগ্রেছে অসম বচাওঁ অভিযান কৰাৰ পূর্বে তেওঁলোকৰ কার্যকালত কিদৰে অসমক সংকট তথা অস্তিত্বহীন পৰিৱেশলৈ ঠেলি দিছিল, সেয়া বিশ্লেষণ কৰক৷ পৰিয়াল সম্পর্ক অভিযানৰ জৰিয়তে বিজেপি যে অসমবাসী ৰাইজৰ লগত আছে, সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷

কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা বিজেপিৰ বাবে প্রত্যাহ্বান হ’ব নেকি? সংখ্যালঘু ভোটাৰ এইবাৰ এই মিত্রতাৰ সপক্ষে থিয় দিলে, বিজেপি বহু সমষ্টিত প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ এনে সমীকৰণক নেওচিবলৈ বিজেপি কি ধৰণে সাজু হৈছে? পূর্বতকৈ আপোনালোকৰ আসন হ্রাস পোৱাৰ সম্ভাৱনা আছে নেকি?
ঃ আপোনাক মই স্পষ্ট কৰি থওঁ– কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই আমাৰ তিলমাত্রও ক্ষতি কৰিব নোৱাৰে৷ আমাৰ এটা ভোটো এই মিত্রতাৰ বাবে কমি নাযায়৷ অসমৰ মুছলমান ভোটাৰ কংগ্রেছ বা এআইইউডিএফৰ সমর্থক নহয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ কাম–কাজ দেখি, প্রত্যক্ষ কৰি বহু সংখ্যালঘু ভোটাৰ এতিয়া বিজেপিৰ শিবিৰত থিয় দিছে৷ শেহতীয়াকৈ বিলাসীপাৰাত ১০ হাজাৰ, লাহৰীঘাটত ২০ হাজাৰ, বিলাসীপাৰা পশ্চিমত ২০ হাজাৰ সংখ্যালঘু লোকে ৰাজনৈতিকভাৱে বিজেপিত যোগদান কৰিছে৷ সংখ্যালঘু ৰাইজে বিজেপিৰ প্রতি দিয়া এনে সমর্থনে দৰাচলতে কি সূচাইছে, সেয়া সকলোৱে গম পাইছে৷ মুছলমান ভোটাৰৰ নিজস্ব স্বাধীনতা আছে৷ বিবেকৱান মুছলমান লোকসকলে বিজেপিৰ সপক্ষে ভোট দিয়াটো নিশ্চিত৷ আপোনাক মই এটা উদাহৰণ দিওঁ– ২০১৬ চনত জনিয়া সমষ্টিৰ নির্বাচনত বিজেপিয়ে পাঁচ হাজাৰ ভোট লাভ কৰিছিল৷ কিন্তু উপ–নির্বাচনত এই সমষ্টিতে আমি পোন্ধৰ হাজাৰৰো অধিক ভোট লাভ কৰিছিলোঁ৷ অর্থাৎ জনিয়া সমষ্টিৰ বিবেকৱান মুছলমান ৰাইজে আমাক পূর্ণ সমর্থন দিছে৷ তদুপৰি বিগত লোকসভা নির্বাচনতো কংগ্রেছ আৰু এআইইউডিএফে গোপনে মিত্রতা কৰিছিল৷ এই মিত্রতাৰ বাবেই মঙলদৈ আৰু শিলচৰ সমষ্টিত এআইইউডিএফে প্রার্থী প্রক্ষেপ কৰা নাছিল৷ কিন্তু এই সমষ্টি দুটাত বিজেপিয়ে এনে গোপন মিত্রতাক ওফৰাই জয়যুক্ত হ’বলৈ সক্ষম হ’ল৷ গতিকে, পুনৰ কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতাই আমাৰ বাবে তিলমাত্রও প্রত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে৷ কংগ্রেছৰ মহাজোঁটত চিপিএম, চিপিআয়ো অন্তর্ভুক্ত হৈ আছে৷ কিন্তু, মই কওঁ– বাঁওপন্থী এই দল দুটা কেৱল ছাইনব’ডতহে টিকি আছে৷ পঞ্চায়তত চিপিএমৰ মাত্র ৩৩গৰাকী সদস্য আছে৷ তেওঁলোকৰ হাতত এখনো জিলা পৰিষদ নাই৷ মোৰ সমষ্টি সৰভোগত বিগত নির্বাচনত মাত্র দহ হাজাৰ ভোট পাইছিল চিপিএমে৷ গতিকে, আপুনি ধাৰণা কৰক– কংগ্রেছৰ এই মহাজোঁট বন্ধনে কিদৰে বিজেপিক প্রত্যাহ্বান জনাব৷

কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা আপোনালোকৰ বাবে প্রত্যাহ্বান নহয় বুলি কৈছে৷ কিন্তু নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্রিত হোৱাৰ পিছত বহু সমষ্টিত বিজেপিৰ সমীকৰণ সলনি কৰি দিয়াৰ সম্ভাৱনা অধিক৷ ৰাজ্যৰ খিলঞ্জীয়া লোক এতিয়া নতুন আঞ্চলিক দলৰ সমর্থনত থিয় হৈছে বুলি চর্চা চলিছে৷ বিজেপিৰ বাবে এই দল দুটাই বিপদ নঘটাবনে?
ঃ মই পূর্বেও বহুবাৰ উল্লেখ কৰিছোঁ যে নতুন দল আমাৰ বাবে কোনো চিন্তা অথবা ভয়ৰ কাৰণ নহয়৷ আপুনি কোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এখনো আসন নাপায়৷ বিজেপিয়ে বর্তমানৰ পর্যায়লৈ আহিবলৈ সাংগঠনিক দিশত বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লগা হৈছে৷ চাৰি বছৰ ধৰি আমি পৃষ্ঠাপ্রমুখ নিযুক্তি তথা ইয়াৰ ওপৰত কাম–কাজ কৰিছোঁ৷ কিন্তু কোনো সংগঠন নোহোৱাকৈ নতুন আঞ্চলিক দল দুটাই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছে৷ ফলাফল কি হ’ব, সেয়া ইতিমধ্যে ৰাইজে ধাৰণা কৰিছে৷ জাতীয় পৰিষদ আৰু ৰাইজৰ দল আৱেগত সৃষ্টি হোৱা দল৷ এই দলৰ নেতাসকলে জানো কোৱা নাছিল যে ডেৰ কোটি হিন্দু বাংলাদেশী লোকক অসমত সংস্থাপন কৰা হ’ব৷ তেওঁলোকে জানো কোৱা নাছিল যে অসম–বাংলা সীমান্তত ট্রাকে ট্রাকে লোক ৰৈ আছে অসমত প্রৱেশ কৰিবলৈ৷ এনেধৰণৰ অপপ্রচাৰৰ পিছতো বিজেপিয়ে পঞ্চায়ত নির্বাচনত প্রথম স্থান লাভ কৰিলে৷ আজি প্রতিখন স্বায়ত্তশাসিত পৰিষদ আমাৰ দখলত৷ গঠন হোৱা নতুন আঞ্চলিক দল সাগৰৰ ওপৰৰ ঢ়ৌৰ দৰে ওফন্দি উঠিলেও নিমিষতে মাৰ যায়৷ কিন্তু বিজেপি হ’ল সাগৰতলিৰ ঢ়ৌ, যি নিৰৱচ্ছিন্নভাৱে বৈ থাকে৷

২০১৬ চনত বিজেপিয়ে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ প্রতিশ্রুতিৰে শাসনলৈ আহিছিল৷ কিন্তু ‘কা’ৰ জৰিয়তে দলটোৱে অসমীয়া জাতিক অস্তিত্বৰ সংকটলৈ ঠেলি দিয়া বুলি এক অভিযোগ উঠি আহিছে৷ বিধানসভা নির্বাচনত এই ইছ্যু সন্দর্ভত বিজেপিয়ে কি ক’ব? জাতীয়তাবাদী বুলি ক’ব খোজা বিজেপিয়ে ৰাষ্ট্রীয়তাবাদৰ সপক্ষেহে সকলো সময়তে থিয় দিয়ে৷ কি কয় আপুনি?
ঃ আমি অন্য দলতকৈ সবাতোকৈ বেছি জাতীয়তাবাদী৷ আমাৰ কাম–কাজে ইতিমধ্যে ইয়াক প্রমাণ কৰিছে৷ বিজেপিয়ে ৰাষ্ট্রীয়তাবাদৰ লগতে জাতীয়তাবাদকো সমানে আগুৱাই নিছে৷ বিজেপি চৰকাৰে ২.৫ লাখ লোকক ভূমিপট্টা দিলে৷ সত্রৰ ভূমি বেদখলমুক্ত কৰিলে৷ সীমান্ত ছীল কৰিবলৈ সক্ষম হ’ল৷ আমাৰ দিনত কাজিৰঙাত গঁড় হত্যা বন্ধ হ’ল৷ অসম চুক্তিৰ ৬নং দফা কার্যকৰী কৰাৰ লক্ষ্যৰে কমিটী গঠন হ’ল৷ কংগ্রেছৰ পোন্ধৰ বছৰীয়া কার্যকালত এই বিষয়বোৰ সন্দর্ভত এটাও পদক্ষেপ লোৱা হোৱা নাছিল৷ গতিকে আমিহে জাতীয়তাবাদী৷ ৰাজ্যৰ খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াৰ বাবে এই চৰকাৰখনে দিয়া শ্লোগান কার্যকৰী কৰিবলৈ অধিকাংশ দিশতে সফল হৈছে৷

You might also like